--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সত্তৰৰ দশকত বলীউডত একপ্ৰকাৰ আধিপত্য বিস্তাৰ কৰাসকলৰ ভিতৰত আশা পাৰিখ আছিল অন্যতম। সেই সময়ৰ অন্যতম জনপ্ৰিয় আৰু সফল অভিনেত্ৰী আছিল তেওঁ। বিশেষকৈ তেওঁৰ নৃত্য সেই সময়ত মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। শেহতীয়াকৈ তেওঁ সন্মানীয় দাদাচাহেব ফালকে বঁটা লাভ কৰিছিল। এই প্ৰেক্ষাপটত প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে বিগত আৰু বৰ্তমানৰ উদ্যোগটোৰ মাজত থকা পাৰ্থক্যৰ বিষয়েও মুকলিকৈ কয়। অভিনয়ৰ উপৰি আশা পাৰেখ নৃত্যতো অতি পাকৈত আছিল। বলীউডৰ চিনেমাবোৰত নৃত্য-গীতৰ এক উজ্জ্বল নক্ষত্ৰ আছিল তেওঁ। এই ক্ষেত্ৰত অতীত আৰু বৰ্তমানৰ বলীউডৰ মাজত বিশেষ পাৰ্থক্য দেখা নাযায়। কিন্তু আশাই কয়, আজিৰ অভিনেত্ৰীসকলৰ নৃত্য দেখি তেওঁ ভাল নাপায়। আশা পাৰিখে মন্তব্য কৰি কয় যে আধুনিক ছবিৰ গীত আৰু ভিজুৱেল ভাল নহয়।

 শেহতীয়াকৈ এই সন্দৰ্ভত এক সাক্ষাৎকাৰত ‘তিশ্ৰী মঞ্জিল’ অভিনেত্ৰীগৰাকীয়ে বৰ্তমানৰ উদ্যোগটোৰ বিষয়ে তেওঁ মুকলিকৈ সমালোচনা কৰি কয় যে বলীউডে নিজৰ সংস্কৃতি পাহৰি গৈছে। হিন্দী চলচ্চিত্ৰ উদ্যোগে পশ্চিমীয়া সংস্কৃতিৰ অনুকৰণ কৰিবলৈ চেষ্টা কৰিছে। এই অনুসৰণত বলীউডে নিজৰ নৃত্যশৈলী পাহৰি গৈছে বুলিও মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে ‘আমি পশ্চিমীয়া দেশবোৰক অনুকৰণ কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু আজিকালি আমি চিনেমাত যি নৃত্য দেখিছোঁ সেয়া আমাৰ সংস্কৃতি নহয়। কেতিয়াবা এনে লাগে যেন আমি এৰোবিক্স কৰি আছো, নাচ কৰা নাই। আশা পাৰিখেও মন্তব্য কৰে যে এইবোৰ দেখি তেওঁ দুখ অনুভৱ কৰে। তেওঁ ৰিমিক্স গীতৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

 অৱশ্যে প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে প্ৰশংসা কৰিছে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক। কাৰণ ভাৰতীয় সংস্কৃতি আৰু নৃত্যশৈলী অক্ষুণ্ণ ৰাখিছে অকল তেওঁহে। আশাৰ মতে ভাৰতীয় সংস্কৃতিৰ প্ৰতি থকা মৰম ভাঞ্চালীৰ ছবিসমূহত স্পষ্টকৈ প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’