--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সত্তৰৰ দশকত বলীউডত একপ্ৰকাৰ আধিপত্য বিস্তাৰ কৰাসকলৰ ভিতৰত আশা পাৰিখ আছিল অন্যতম। সেই সময়ৰ অন্যতম জনপ্ৰিয় আৰু সফল অভিনেত্ৰী আছিল তেওঁ। বিশেষকৈ তেওঁৰ নৃত্য সেই সময়ত মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। শেহতীয়াকৈ তেওঁ সন্মানীয় দাদাচাহেব ফালকে বঁটা লাভ কৰিছিল। এই প্ৰেক্ষাপটত প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে বিগত আৰু বৰ্তমানৰ উদ্যোগটোৰ মাজত থকা পাৰ্থক্যৰ বিষয়েও মুকলিকৈ কয়। অভিনয়ৰ উপৰি আশা পাৰেখ নৃত্যতো অতি পাকৈত আছিল। বলীউডৰ চিনেমাবোৰত নৃত্য-গীতৰ এক উজ্জ্বল নক্ষত্ৰ আছিল তেওঁ। এই ক্ষেত্ৰত অতীত আৰু বৰ্তমানৰ বলীউডৰ মাজত বিশেষ পাৰ্থক্য দেখা নাযায়। কিন্তু আশাই কয়, আজিৰ অভিনেত্ৰীসকলৰ নৃত্য দেখি তেওঁ ভাল নাপায়। আশা পাৰিখে মন্তব্য কৰি কয় যে আধুনিক ছবিৰ গীত আৰু ভিজুৱেল ভাল নহয়।

 শেহতীয়াকৈ এই সন্দৰ্ভত এক সাক্ষাৎকাৰত ‘তিশ্ৰী মঞ্জিল’ অভিনেত্ৰীগৰাকীয়ে বৰ্তমানৰ উদ্যোগটোৰ বিষয়ে তেওঁ মুকলিকৈ সমালোচনা কৰি কয় যে বলীউডে নিজৰ সংস্কৃতি পাহৰি গৈছে। হিন্দী চলচ্চিত্ৰ উদ্যোগে পশ্চিমীয়া সংস্কৃতিৰ অনুকৰণ কৰিবলৈ চেষ্টা কৰিছে। এই অনুসৰণত বলীউডে নিজৰ নৃত্যশৈলী পাহৰি গৈছে বুলিও মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে ‘আমি পশ্চিমীয়া দেশবোৰক অনুকৰণ কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু আজিকালি আমি চিনেমাত যি নৃত্য দেখিছোঁ সেয়া আমাৰ সংস্কৃতি নহয়। কেতিয়াবা এনে লাগে যেন আমি এৰোবিক্স কৰি আছো, নাচ কৰা নাই। আশা পাৰিখেও মন্তব্য কৰে যে এইবোৰ দেখি তেওঁ দুখ অনুভৱ কৰে। তেওঁ ৰিমিক্স গীতৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

 অৱশ্যে প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে প্ৰশংসা কৰিছে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক। কাৰণ ভাৰতীয় সংস্কৃতি আৰু নৃত্যশৈলী অক্ষুণ্ণ ৰাখিছে অকল তেওঁহে। আশাৰ মতে ভাৰতীয় সংস্কৃতিৰ প্ৰতি থকা মৰম ভাঞ্চালীৰ ছবিসমূহত স্পষ্টকৈ প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী