--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশৃংখল জীৱনশৈলীৰে অগাধ ধন-সম্পতিৰ মালিক হোৱাটো কদাপি সফলতা নহয়। এনে এক জীৱনশৈলীৰে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰি তাকেই সফলতা নাম দি সততে চৰ্চাত থকা এজন গায়ক হল‌ মিকা সিং। এজন গায়ক, অগাধ ধন-সম্পতিৰ মালিক। কিন্তু কিয় চৰ্চাত থাকে মিকা সিং? কিয় তেওঁৰ জীৱনশৈলীক বিশৃংখল বুলি কোৱা হৈছে? জানো আহক -

সঁচাকৈ মনুষ্য জাতি বৰ আচৰিত।জীৱনৰ সকলো প্ৰয়োজন টকা-পইচাৰে লাভ কৰিব নোৱাৰি৷ অথচ সকলো জানিও মানুহ কিন্তু সা-সম্পত্তি বা টকাৰ পিছতেই দৌৰে৷ হয় , প্ৰায়ে শিৰোনামা দখল‌ কৰা ভাৰতীয় জনপ্ৰিয় কণ্ঠশিল্পী মিকা সিঙে এইবাৰ ক্ৰয় কৰিছে এটা দ্বীপ। কেৱল দ্বীপটোৱেই নহয়, গায়কগৰাকীয়ে দ্বীপটোলৈ যাত্ৰা বাবে কিনিছে  সাতখনকৈ নাও আৰু লগতে কিনিলে ১০টাকৈ ঘোঁৰা । সহজ অৰ্থত টকা-পইচা,সা-সম্পতি আৰু নাম-যশ অৰ্জন কৰাই হ’ল এক প্ৰকাৰৰ সফলতা । কিন্তু প্ৰশ্ন হয়  প্ৰকৃততেই এই গায়কজন‌ এজন সফল‌ ব্যক্তি হয়নে ?  

১৯৯৮ চনত ‘ছাৱান মেইন লগ গাই আগ’ এলবামটোৰ জৰিয়তে মিকাই আত্মপ্ৰকাশ কৰিছিল। কিন্তু  গীতৰ লগতে মিকাৰ নামো বাৰে বাৰে বিতৰ্কৰ‌ অংশ হৈ আহিছে। 

তেওঁ নিজ জন্মদিনৰ বাছত ৰঙা পোছাক পিন্ধি ৰাখী সাৱন্তৰ এখন অশ্লীল ফটো ২০০৬ চনতে সমগ্ৰ বাতৰি কাকত আৰু নিউজ চেনেলত বিয়পি পৰিছিল । এই সন্দৰ্ভত লোৱা এটা সাক্ষাৎকাৰত তেওঁৰ উত্তৰো আছিল সচাকৈয়ে নিকৃষ্ট তথা নিম্নমানৰ।

কেৱল ছলমান খানেই নহয়, মিকাও এসময়ত এটা হিট এণ্ড ৰাণ কেছত জড়িত আছিল। খবৰ অনুসৰি তেওঁ, অটো-ৰিক্সাত খুন্দা মৰাৰ ফলত বাহনখনত থকা যাত্ৰীজন বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল।

আনহাতে ২০১৮ চনত ব্ৰাজিলৰ এগৰাকী ১৭ বছৰীয়া মডেলৰ সৈতে যৌন অসৎ আচৰণৰ বাবে গ্ৰেপ্তাৰ হৈছিল মিকা। অভিযোগ অনুসৰি গায়কগৰাকীয়ে মডেলগৰাকীক অনাকাংক্ষিত ছবি প্ৰেৰণ কৰাৰ লগতে তেওঁক বলীউডৰ এখন ছবিত ৰ’ল দিয়াৰ প্ৰলোভন  দিছিল।

২০১৩ চনত মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অনুমোদিত সীমাৰ বাহিৰত বিদেশী মুদ্ৰাৰ নোট কঢ়িয়াই নিয়াৰ অভিযোগত  পুনৰ গ্ৰেপ্তাৰ হৈছিল গায়কগৰাকী। সেই সময়তে তেওঁৰ হাতত উদ্ধাৰ কৰা হৈছিল প্ৰায় ১২ হাজাৰ মাৰ্কিন ডলাৰ আৰু নগদ ৩ লাখ টকা 

২০১৮ চনত দিল্লীত এক লাইভ কনচাৰ্টত ক্ষোভৰ জুইত এজন চিকিৎসকক চৰ মাৰিও শিৰোনাম দখল কৰিছিল মিকা সিঙে। চৰটো ইমানেই কঠিন আছিল যে ইয়াৰ বাবেই ডাক্তৰজনৰ কাণৰ পৰ্দাত ছিদ্ৰ হোৱা বুলি জানিব পৰা গৈছে।

বিলাসী জীৱনত অভ্যস্ত মিকা সিং। পাৰ্টি গানৰ ক্ষেত্ৰত বলিউডত অপ্ৰতিদ্বন্দ্বী মিকা। ভাৰতীয় সংবাদ মাধ্যমৰ মতে, এইগৰাকী কণ্ঠশিল্পীৰ মুঠ সম্পত্তি প্ৰায় ১২০ কোটি। মিকাৰৰ আছে হামাৰ এইচ-২, বিএমডব্লিউ জেড4 ৰ দৰে বিলাসী গাড়ী। তেওঁ ভাৰতত ৰেঞ্জ ৰভাৰ অটোবায়’গ্ৰাফী লিমো গাড়ী ক্ৰয় কৰা প্ৰথমজন ব্যক্তি আছিল। মীকাৰ মুম্বাইত ফ্লেটৰ লগতে কেইবাটাও বাংলো আছে।

কিন্তু বহু সময়ত বিশৃংখল জীৱন-যাপনৰ বাবে অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুয়খি হ’বলগীয়া হয় বিভিন্ন জনপ্ৰিয় শিল্পীসকল। আৰু‌ মিকা সিঙো এই শিল্পীসকলৰ মাজৰে এজন।ইয়াৰ মূলতে হ'ল সচেতন জীৱন যাপনৰ অভাৱ। সেয়ে হয়তো বিশ্বায়নৰ যুগত আধুনিক জীৱন যাপনৰ জীয়াই থকাৰ একমাত্ৰ সম্বল কৰি লোৱাৰ নানা অনাকাংক্ষিত খবৰে চুই যায়হি আমাক। 

এজন সু গায়ক অথচ জীৱনশৈলী সচাকৈয়ে বিশৃংখল। কিন্তু মিকা সিঙে যদি এনেধৰণৰ  বিশৃংখল জীৱন যাপন নকৰিলেহেঁতেন, তেন্তে বৰ্তমান যুৱসমাজৰ বাবে তেওঁও হয়তো আদৰ্শ হৈ ৰ'ল হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে