--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশৃংখল জীৱনশৈলীৰে অগাধ ধন-সম্পতিৰ মালিক হোৱাটো কদাপি সফলতা নহয়। এনে এক জীৱনশৈলীৰে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰি তাকেই সফলতা নাম দি সততে চৰ্চাত থকা এজন গায়ক হল‌ মিকা সিং। এজন গায়ক, অগাধ ধন-সম্পতিৰ মালিক। কিন্তু কিয় চৰ্চাত থাকে মিকা সিং? কিয় তেওঁৰ জীৱনশৈলীক বিশৃংখল বুলি কোৱা হৈছে? জানো আহক -

সঁচাকৈ মনুষ্য জাতি বৰ আচৰিত।জীৱনৰ সকলো প্ৰয়োজন টকা-পইচাৰে লাভ কৰিব নোৱাৰি৷ অথচ সকলো জানিও মানুহ কিন্তু সা-সম্পত্তি বা টকাৰ পিছতেই দৌৰে৷ হয় , প্ৰায়ে শিৰোনামা দখল‌ কৰা ভাৰতীয় জনপ্ৰিয় কণ্ঠশিল্পী মিকা সিঙে এইবাৰ ক্ৰয় কৰিছে এটা দ্বীপ। কেৱল দ্বীপটোৱেই নহয়, গায়কগৰাকীয়ে দ্বীপটোলৈ যাত্ৰা বাবে কিনিছে  সাতখনকৈ নাও আৰু লগতে কিনিলে ১০টাকৈ ঘোঁৰা । সহজ অৰ্থত টকা-পইচা,সা-সম্পতি আৰু নাম-যশ অৰ্জন কৰাই হ’ল এক প্ৰকাৰৰ সফলতা । কিন্তু প্ৰশ্ন হয়  প্ৰকৃততেই এই গায়কজন‌ এজন সফল‌ ব্যক্তি হয়নে ?  

১৯৯৮ চনত ‘ছাৱান মেইন লগ গাই আগ’ এলবামটোৰ জৰিয়তে মিকাই আত্মপ্ৰকাশ কৰিছিল। কিন্তু  গীতৰ লগতে মিকাৰ নামো বাৰে বাৰে বিতৰ্কৰ‌ অংশ হৈ আহিছে। 

তেওঁ নিজ জন্মদিনৰ বাছত ৰঙা পোছাক পিন্ধি ৰাখী সাৱন্তৰ এখন অশ্লীল ফটো ২০০৬ চনতে সমগ্ৰ বাতৰি কাকত আৰু নিউজ চেনেলত বিয়পি পৰিছিল । এই সন্দৰ্ভত লোৱা এটা সাক্ষাৎকাৰত তেওঁৰ উত্তৰো আছিল সচাকৈয়ে নিকৃষ্ট তথা নিম্নমানৰ।

কেৱল ছলমান খানেই নহয়, মিকাও এসময়ত এটা হিট এণ্ড ৰাণ কেছত জড়িত আছিল। খবৰ অনুসৰি তেওঁ, অটো-ৰিক্সাত খুন্দা মৰাৰ ফলত বাহনখনত থকা যাত্ৰীজন বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল।

আনহাতে ২০১৮ চনত ব্ৰাজিলৰ এগৰাকী ১৭ বছৰীয়া মডেলৰ সৈতে যৌন অসৎ আচৰণৰ বাবে গ্ৰেপ্তাৰ হৈছিল মিকা। অভিযোগ অনুসৰি গায়কগৰাকীয়ে মডেলগৰাকীক অনাকাংক্ষিত ছবি প্ৰেৰণ কৰাৰ লগতে তেওঁক বলীউডৰ এখন ছবিত ৰ’ল দিয়াৰ প্ৰলোভন  দিছিল।

২০১৩ চনত মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অনুমোদিত সীমাৰ বাহিৰত বিদেশী মুদ্ৰাৰ নোট কঢ়িয়াই নিয়াৰ অভিযোগত  পুনৰ গ্ৰেপ্তাৰ হৈছিল গায়কগৰাকী। সেই সময়তে তেওঁৰ হাতত উদ্ধাৰ কৰা হৈছিল প্ৰায় ১২ হাজাৰ মাৰ্কিন ডলাৰ আৰু নগদ ৩ লাখ টকা 

২০১৮ চনত দিল্লীত এক লাইভ কনচাৰ্টত ক্ষোভৰ জুইত এজন চিকিৎসকক চৰ মাৰিও শিৰোনাম দখল কৰিছিল মিকা সিঙে। চৰটো ইমানেই কঠিন আছিল যে ইয়াৰ বাবেই ডাক্তৰজনৰ কাণৰ পৰ্দাত ছিদ্ৰ হোৱা বুলি জানিব পৰা গৈছে।

বিলাসী জীৱনত অভ্যস্ত মিকা সিং। পাৰ্টি গানৰ ক্ষেত্ৰত বলিউডত অপ্ৰতিদ্বন্দ্বী মিকা। ভাৰতীয় সংবাদ মাধ্যমৰ মতে, এইগৰাকী কণ্ঠশিল্পীৰ মুঠ সম্পত্তি প্ৰায় ১২০ কোটি। মিকাৰৰ আছে হামাৰ এইচ-২, বিএমডব্লিউ জেড4 ৰ দৰে বিলাসী গাড়ী। তেওঁ ভাৰতত ৰেঞ্জ ৰভাৰ অটোবায়’গ্ৰাফী লিমো গাড়ী ক্ৰয় কৰা প্ৰথমজন ব্যক্তি আছিল। মীকাৰ মুম্বাইত ফ্লেটৰ লগতে কেইবাটাও বাংলো আছে।

কিন্তু বহু সময়ত বিশৃংখল জীৱন-যাপনৰ বাবে অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুয়খি হ’বলগীয়া হয় বিভিন্ন জনপ্ৰিয় শিল্পীসকল। আৰু‌ মিকা সিঙো এই শিল্পীসকলৰ মাজৰে এজন।ইয়াৰ মূলতে হ'ল সচেতন জীৱন যাপনৰ অভাৱ। সেয়ে হয়তো বিশ্বায়নৰ যুগত আধুনিক জীৱন যাপনৰ জীয়াই থকাৰ একমাত্ৰ সম্বল কৰি লোৱাৰ নানা অনাকাংক্ষিত খবৰে চুই যায়হি আমাক। 

এজন সু গায়ক অথচ জীৱনশৈলী সচাকৈয়ে বিশৃংখল। কিন্তু মিকা সিঙে যদি এনেধৰণৰ  বিশৃংখল জীৱন যাপন নকৰিলেহেঁতেন, তেন্তে বৰ্তমান যুৱসমাজৰ বাবে তেওঁও হয়তো আদৰ্শ হৈ ৰ'ল হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি