--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেঁচা লিভাৰ প্ৰিয় তেওঁ। পেচাত এগৰাকী শৰীৰচৰ্চাবিদ। নাম তেওঁৰ ব্ৰায়ান জনছন। পশুৰ কেঁচা লিভাৰ খায় বাবে এওঁক ‘লিভাৰ কিং’ নামেৰেও জনা যায়।

জানিব পৰামতে, সামাজিক মাধ্যমত শৰীৰচৰ্চাৰ প্ৰশিক্ষণেৰে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা ব্ৰায়ানে আদিম মানুহৰ খাদ্যাভ্যাস গ্ৰহণ কৰি আহিছে। সেই অনুসৰি কেঁচা লিভাৰ তেওঁৰ সকলোতকৈ প্ৰিয় খাদ্য।

কেঁচা লিভাৰৰ বাবেই ব্ৰায়ানে চিকাৰ কৰিবলৈও যায়। চিকাৰ কৰা পশুৰ মাংস তেওঁ ৰান্ধি নাখায়। বৰঞ্চ কেঁচাই কেঁচাই খায়।

শেহতীয়াকৈ সামাজিক মাধ্যমত কৈশোৰ কালৰ এখন ছৱি প্ৰকাশ কৰিছে ব্ৰায়ানে। এটা চুইমিং পুলৰ কাষত ৰৈ থকা অৱস্থাত তোলা ফটোখনত তেওঁক লগাতকৈ ক্ষীণ যেন লাগিছে।

ব্ৰায়ানে তাত লিখে যে সৰুকালৰে পৰা তেওঁৰ খুব অকলশৰীয়া অনুভৱ হয়। আনকি নিজৰ দেউতাকৰ সংগও তেওঁ লাভ কৰা নাছিল। ইয়াৰ ফলত তেওঁ ভীষণ মানসিক যন্ত্ৰণা পাইছিল।

শেষত তেওঁ সিদ্ধান্ত ল’লেযে নিজৰ জীৱন নিজৰ মতে কটাব। সিদ্ধান্ত লয়, আদিম মানুহৰ দৰে তেওঁ নিজৰ জীৱনশৈলী বাচি ল’ব। সেয়ে কেঁচা মাংস খাবলৈ ধৰে। শৰীৰচৰ্চাও আৰম্ভ কৰে।

তেতিয়াৰে পৰা পাচলৈ উভটি চোৱা নাই ব্ৰায়ানে। আদিম মানুহৰ দৰেই নিতৌ কেঁচা মঙহ-কেঁচা লিভাৰ ভক্ষণ কৰি আঙিছে তেওঁ।

বৰ্তমান তেওঁৰ বয়স ৪৫ আৰু কোনো ৰোগত তেওঁ আক্ৰান্ত হোৱা নাই। তেওঁ কয় যে আধুনিক বিশ্বত মানুহে যিসমূহ এৰি আহিছে, সেইসমূহ তেওঁ পুনৰ আঁকোৱালি লৈছে।

সামাজিক মাধ্যমত অশেষ জনপ্ৰিয়তা অৰ্জন কৰা ব্ৰায়ানৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ সংখ্যা ১৭ লাখ। ইনষ্টাগ্ৰামত নিতৌ তেওঁ কেঁচা কণী, কেঁচা লিভাৰ, কেঁচা মাংস খোৱাৰ ভিডিঅ’সমূহ শ্বেয়াৰ কৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ