--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেঁচা লিভাৰ প্ৰিয় তেওঁ। পেচাত এগৰাকী শৰীৰচৰ্চাবিদ। নাম তেওঁৰ ব্ৰায়ান জনছন। পশুৰ কেঁচা লিভাৰ খায় বাবে এওঁক ‘লিভাৰ কিং’ নামেৰেও জনা যায়।

জানিব পৰামতে, সামাজিক মাধ্যমত শৰীৰচৰ্চাৰ প্ৰশিক্ষণেৰে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা ব্ৰায়ানে আদিম মানুহৰ খাদ্যাভ্যাস গ্ৰহণ কৰি আহিছে। সেই অনুসৰি কেঁচা লিভাৰ তেওঁৰ সকলোতকৈ প্ৰিয় খাদ্য।

কেঁচা লিভাৰৰ বাবেই ব্ৰায়ানে চিকাৰ কৰিবলৈও যায়। চিকাৰ কৰা পশুৰ মাংস তেওঁ ৰান্ধি নাখায়। বৰঞ্চ কেঁচাই কেঁচাই খায়।

শেহতীয়াকৈ সামাজিক মাধ্যমত কৈশোৰ কালৰ এখন ছৱি প্ৰকাশ কৰিছে ব্ৰায়ানে। এটা চুইমিং পুলৰ কাষত ৰৈ থকা অৱস্থাত তোলা ফটোখনত তেওঁক লগাতকৈ ক্ষীণ যেন লাগিছে।

ব্ৰায়ানে তাত লিখে যে সৰুকালৰে পৰা তেওঁৰ খুব অকলশৰীয়া অনুভৱ হয়। আনকি নিজৰ দেউতাকৰ সংগও তেওঁ লাভ কৰা নাছিল। ইয়াৰ ফলত তেওঁ ভীষণ মানসিক যন্ত্ৰণা পাইছিল।

শেষত তেওঁ সিদ্ধান্ত ল’লেযে নিজৰ জীৱন নিজৰ মতে কটাব। সিদ্ধান্ত লয়, আদিম মানুহৰ দৰে তেওঁ নিজৰ জীৱনশৈলী বাচি ল’ব। সেয়ে কেঁচা মাংস খাবলৈ ধৰে। শৰীৰচৰ্চাও আৰম্ভ কৰে।

তেতিয়াৰে পৰা পাচলৈ উভটি চোৱা নাই ব্ৰায়ানে। আদিম মানুহৰ দৰেই নিতৌ কেঁচা মঙহ-কেঁচা লিভাৰ ভক্ষণ কৰি আঙিছে তেওঁ।

বৰ্তমান তেওঁৰ বয়স ৪৫ আৰু কোনো ৰোগত তেওঁ আক্ৰান্ত হোৱা নাই। তেওঁ কয় যে আধুনিক বিশ্বত মানুহে যিসমূহ এৰি আহিছে, সেইসমূহ তেওঁ পুনৰ আঁকোৱালি লৈছে।

সামাজিক মাধ্যমত অশেষ জনপ্ৰিয়তা অৰ্জন কৰা ব্ৰায়ানৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ সংখ্যা ১৭ লাখ। ইনষ্টাগ্ৰামত নিতৌ তেওঁ কেঁচা কণী, কেঁচা লিভাৰ, কেঁচা মাংস খোৱাৰ ভিডিঅ’সমূহ শ্বেয়াৰ কৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান