--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? শশী থাৰুৰৰ প্ৰতিদ্বন্দী হিচাপে থিয় দিব নেকি অশোক গেহলটে? কিহৰ অংকত ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰীয় ৰাজনীতিলৈ আনিব বিচাৰিছে কংগ্ৰেছ নেতৃত্বই? জানিব পৰা মতে, এই সম্পৰ্কে বৰ্তমানলৈকে গেহলটে কোনো সিদ্ধান্ত লোৱা নাই। উল্লেখযোগ্য যে, সুদীৰ্ঘ ২০ বছৰৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। ১৭ অক্টোবৰত হ’ব লগা এই নিৰ্বাচনৰ ফলাফল মুকলি হ’ব ১৯ অক্টোবৰত। ২০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ বাহিৰৰ এগৰাকী নেতা কংগ্ৰেছৰ সভাপতি হোৱাটো নিশ্চিত হৈছে। বিষয়টোৱে সম্প্ৰতি দেশৰ ৰাজনীতিত চৰ্চা লাভ কৰা দেখা গৈছে। কংগ্ৰেছৰ সভাপতি পদবীৰ বাবে ছোনীয়া গান্ধী, ৰাহুল গান্ধীক লৈ অনিশ্চিত হোৱাৰ পাছতে চৰ্চা আহিছিল সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰ। ইতিমধ্যে কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীৰো অনুমোদন লাভ কৰিছে থাৰুৰে।

আনহাতে, ৰাজস্থান হৈছে কংগ্ৰেছশাসিত দেশৰ বৃহত্তম ৰাজ্য। অশোক গেহলটৰ নেতৃত্বত ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে বিজেপি দলৰ সুচতুৰ ৰাজনীতিক যথেষ্ট প্ৰত্যাহ্বান জনাই আহিছে। গেহলটৰ এই নেতৃত্বৰ দক্ষতাৰ বাবেই তেওঁক কংগ্ৰেছৰ সভাপতি পদবী গ্ৰহণ কৰিবলৈ ভাৰপ্ৰাপ্ত সভানেত্ৰী ছোনীয়া গান্ধীয়ে আহ্বান জনাই আহিছে। কিন্তু গেহলটে এই লৈ কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই। ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, তেওঁৰ চৰকাৰৰ উপমুখ্যমন্ত্ৰী তথা শচীন পাইলটৰ বাবেই মুখ্যমন্ত্ৰীৰ চকী এৰিব বিচৰা নাই গেহলটে। ইয়াৰ কাৰণ হৈছে পাইলট এগৰাকী যুৱ নেতা হিচাপে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰি আহিছে। জনপ্ৰিয়তাৰ ক্ষেত্ৰত তেওঁ মুখ্যমন্ত্ৰী গেহলটৰ প্ৰতিদ্বন্দি হৈ পৰা বুলি ক’ব পাৰি। সেয়ে পাইলটৰ গ্ৰহণযোগ্যতা আৰু জনপ্ৰিয়তাই যাতে ৰাজ্যখনৰ ৰাজনীতিত থকা নিজৰ কৰ্তৃত্ব হেৰুৱাই পেলাব নোৱাৰে, সেই লৈ গেহলটে বিশেষ সতৰ্কতা অৱলম্বন কৰি আহিছে।

জানিব পৰা মতে, কংগ্ৰেছৰ এটা শিবিৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শচীন পাইলটকে বিবেচনা কৰি আহিছে। ৰাহুল গান্ধীৰো অতি নিকট সম্পৰ্ক আছে পাইলটৰ। কিন্তু গেহলট কংগ্ৰেছৰ সভাপতি হ’লেও পাইলটৰ বাবে মুখ্যমন্ত্ৰীৰ চকী সহজ নহ’ব। কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছত গেহলটে নিজৰ আনুগত্যশীল নেতাকে মুখ্যনন্ত্ৰী চকীত বহোৱাবলৈ চেষ্টা কৰিব বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে মতপ্ৰকাশ কৰিছে। তদুপৰি গেহলট এগৰাকী অ’বিচি নেতা। ৰাজস্থানৰ অ’বিচিসকলক বিজেপিয়ে শেহতীয়াকৈ তীব্ৰভাৱে আকৰ্ষিত কৰি আহিছে। কিন্তু গেহলটৰ দৰে জ্যেষ্ঠ নেতাৰ বাবেই বিৰোধী দলটোৰ এই আকৰ্ষণে সফলতা লাভ কৰা নাই বুলিব পাৰি।

উল্লেখযোগ্য যে অশোক গেহলটে শেহতীয়াকৈ গান্ধী পৰিয়ালৰ আনুগত্য প্ৰকাশ কৰি আহিছে। কিন্তু শশী থাৰুৰে কংগ্ৰেছৰ দলীয় সংস্কাৰৰ বিষয়টোক লৈ মাত মাতি আহিছে। শেহতীয়া নিৰ্বাচনসমূহত পৰাজয়ৰ বাবে থাৰুৰে পোনপটীয়াকৈ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি আঙুলি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক