--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ প্ৰসংগ অসম চুক্তি৷ অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণক লৈ বিধানসভাৰ মজিয়াত চলিল আলোচনা৷ অসম চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা অসম গণ পৰিষদ দলটোৱে দুবাৰকৈ শাসনভাৰ লাভ কৰিও চুক্তি ৰূপায়ণত চূড়ান্তভাৱে ব্যৰ্থ হৈছিল৷ যাৰ বাবেই তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত জবাবদিহি হৈ ৰ’ব অসমীয়া সমাজখনৰ ওচৰত৷

অসম চুক্তিখনকে আত্মা হিচাপে গ্ৰহণ কৰি আঞ্চলিকতাবাদ নিচান কঢ়িওৱা অগপৰ স্বৰূপ ওলাই পৰিছিল কা আন্দোলনৰ সময়ত৷ চুক্তিৰ ৫নং দফাক হত্যা কৰি কা গৃহীত কৰা বিজেপিৰ পক্ষত অৱস্থান কৰিছিল অগপই৷ আৰু অগপৰে মন্ত্ৰী অতুল বৰাৰ হাতত অৰ্পিত হৈছিল অসম চুক্তি ৰূপায়ণৰ দায়িত্ব৷ অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব লৈ অতুল বৰাই কেইবালানিও বৈঠক অনুষ্ঠিত কৰিলে৷

আছুৰ সৈতেও বৈঠকত বহিছিল অতুল বৰা৷ আনকি, শ্বহীদ ন্যাসলৈ গৈও আছু নেতৃত্বক সাক্ষাৎ কৰিছিল অতুল বৰাই৷ অসম চুক্তি ৰূপায়ণৰ বাবে কেন্দ্ৰই গঠন কৰি দিছিল সমিতি৷ আৰু সেই সমিতিয়ে দিয়া প্ৰতিবেদন দাঢ়ি-ক'মাসহ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে৷ কিন্তু, দাঢ়ি-ক’মাসহ কাৰ্যকৰী কৰাটো দূৰৰ কথা, প্ৰতিবেদন আজিলৈ পেলাই থ'লে কেন্দ্ৰই৷ আৰু অতি দুৰ্ভাগ্যজনকভাৱে এই প্ৰতিবেদনৰ প্ৰতিলিপি নাই মন্ত্ৰী অতুল বৰাৰ হাতত৷ 

আজি অসম বিধানসভাত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশ্নৰ উত্তৰত এই কথা স্পষ্ট হৈ পৰে৷ অসম চুক্তি ৰূপায়ণ বিভাগত আজিলৈ দাখিল নহ’ল কাৰ্যকৰীকৰণ কমিটিয়ে দাখিল কৰা প্ৰতিবেদন৷ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৰা এক প্ৰশ্নত মন্ত্ৰী অতুল বৰাৰ বিভাগৰ উত্তৰ বিভাগৰ হাতত আজিলৈ প্ৰতিবেদন দাখিল নোহোৱা বিষয়টো কাৰ্যতঃ স্পষ্ট হৈ পৰিল৷

যদিওৱা প্ৰথমাৱস্থাত কমিটিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত দাখিল কৰিবলৈ দিল্লীলৈ ৰাওনা হৈছিল, কিন্তু, দিল্লীত গৃহমন্ত্ৰীৰ সাক্ষাৎ নাপাই অসমলৈ উভতিছিল কমিটি৷ পৰৱৰ্তী সময়ত সেইসময়ৰ মুখ্যমন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি প্ৰতিবেদন দাখিল কৰিছিল, কিন্তু, ৰহস্যজনকভাৱে প্ৰতিবেদন ক’পী আজিলৈ হাতত নপৰিল অসম চুক্তি ৰূপায়ণ বিভাগৰ হাতত৷

অসম চুক্তিৰ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আজিলৈকে অসম চুক্তি ৰূপায়ণ বিভাগলৈকে গৈ নোপোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী অতুল বৰায়ো৷ প্ৰতিবেদনখন বিভাগলৈ যাবই লাগিব বুলি কথা নাই বুলি কৈ দায়সৰা মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ একপ্ৰকাৰ প্ৰতিবেদনখনৰ প্ৰসংগ এৰাই চলিবলৈ চেষ্টা কৰিছে মন্ত্ৰীগৰাকীয়ে৷ তেওঁৰ দিনতে অসম চুক্তিয়ে সফলতা লাভ কৰিব বুলি তেওঁ আশাবাদী৷ তেওঁ আছুৰ সৈতে সুকীয়া সুকীয়াকৈ বৈঠক অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰি প্ৰতিটো দফাৰ ওপৰত পৰ্যালোচনা কৰা হৈছে বুলি মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ