--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ মৃত্যুৰ পাছতহে পিণ্ডদান কৰা হয়। কিন্তু কেতিয়াবা আপুনি শুনিছেনে জীৱিত মানুহৰ পিণ্ডদান কৰাৰ কথা। শেহতীয়াকৈ এক খবৰ পোহৰলৈ আহিছে যত কেইবাজনো পুৰুষে পত্নী জীয়াই থকা অৱস্থাতে পিণ্ডদান কৰে। একেলগে কেইবাজনো স্বামী লগ লাগি জীৱিত পত্নীৰ পিণ্ডদান  সম্পন্ন কৰে। 

পিতৃপক্ষ উপলক্ষে আজি বহু লোকে মুম্বাইৰ বঙাংগা টেংকৰ পাৰত জীৱিত পত্নীৰ পিণ্ডদান কৰে। এই পুৰুষসকল আছিল পত্নীৰ দ্বাৰা নিৰ্যাতিত। ইয়াৰে কিছুমানৰ হয় বিবাহ বিচ্ছেদ হৈছে নহয় বিষয়টো আদালতত বিচাৰাধীন হৈ আছে। বৰ্তমান পিতৃপক্ষ আৰু শ্ৰাদ্ধ মাহ চলি আছে, য'ত মানুহে নিজৰ মৃত আত্মীয়ক পিণ্ডদান আগবঢ়াইছে। এনে সময়ত পূৰ্বপুৰুষৰ পিণ্ডদান কৰা হয় যাতে তেওঁলোকৰ মোক্ষপ্ৰাপ্তি হয় আৰু তেওঁলোকে আগন্তুক যাত্ৰা আৰম্ভ কৰিব পাৰে।

এই উপলক্ষে মুম্বাইত এক অনন্য দৃশ্য দেখিবলৈ পোৱা গ’ল, য’ত প্ৰায় ৫০ গৰাকী পত্নীৰ দ্বাৰা নিৰ্যাতিত স্বামীয়ে নিজৰ জীৱিত পত্নীৰ পিণ্ডদান কৰে। বৈবাহিক সম্পৰ্কৰ বেয়া স্মৃতিৰ পৰা পৰিত্ৰাণ পাবলৈ এই আটাইকেইজন লোকে সম্পূৰ্ণ ৰীতি-নীতিৰে জীৱন্ত পত্নীৰ পিণ্ডদান কৰে। ইয়াৰে এজন লোকে চুলিও কাটিছিল, বাকীসকলে কেৱল পূজাত অংশ লৈছিল।

দৰাচলতে এই অনুষ্ঠানটো মুম্বাইত আয়োজন কৰিছিল পত্নীৰ দ্বাৰা নিৰ্যাতিত স্বামীৰ সংগঠন বাস্তৱ ফাউণ্ডেশ্যনে। বাস্তৱ ফাউণ্ডেশ্যনৰ সভাপতি অমিত দেশপাণ্ডেই কয় যে এই পিণ্ডদান কৰা হৈছে কাৰণ এই আটাইকেইজন লোকে পত্নীৰ হাৰাশাস্তিৰ বাবে বৰ অশান্তিত ভুগিছিল। ইয়াৰে অধিকাংশই এনে লোক যিয়ে হয় বিবাহ বিচ্ছেদ কৰিছে নহয় পত্নীয়ে এৰি থৈ গৈছে। কিন্তু তেওঁলোকৰ সংসাৰখনৰ বেয়া স্মৃতিয়ে এতিয়াও তেওঁলোকক খেদি ফুৰে। এই বেয়া স্মৃতিবোৰৰ পৰা মুক্তি পাবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

আনহাতে পিণ্ডদান কৰা স্বামীসকলে কয় যে নাৰীয়ে তেওঁলোকৰ স্বাধীনতাৰ সুযোগ লৈ পুৰুষক শোষণ কৰে। পত্নীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক একপ্ৰকাৰ মৰি গৈছে, গতিকে পিতৃপক্ষ উপলক্ষে এই পিণ্ডদান কৰা হৈছে, যাতে তেওঁ বেয়া স্মৃতিৰ পৰা মুক্তি পাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ