--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ মৃত্যুৰ পাছতহে পিণ্ডদান কৰা হয়। কিন্তু কেতিয়াবা আপুনি শুনিছেনে জীৱিত মানুহৰ পিণ্ডদান কৰাৰ কথা। শেহতীয়াকৈ এক খবৰ পোহৰলৈ আহিছে যত কেইবাজনো পুৰুষে পত্নী জীয়াই থকা অৱস্থাতে পিণ্ডদান কৰে। একেলগে কেইবাজনো স্বামী লগ লাগি জীৱিত পত্নীৰ পিণ্ডদান  সম্পন্ন কৰে। 

পিতৃপক্ষ উপলক্ষে আজি বহু লোকে মুম্বাইৰ বঙাংগা টেংকৰ পাৰত জীৱিত পত্নীৰ পিণ্ডদান কৰে। এই পুৰুষসকল আছিল পত্নীৰ দ্বাৰা নিৰ্যাতিত। ইয়াৰে কিছুমানৰ হয় বিবাহ বিচ্ছেদ হৈছে নহয় বিষয়টো আদালতত বিচাৰাধীন হৈ আছে। বৰ্তমান পিতৃপক্ষ আৰু শ্ৰাদ্ধ মাহ চলি আছে, য'ত মানুহে নিজৰ মৃত আত্মীয়ক পিণ্ডদান আগবঢ়াইছে। এনে সময়ত পূৰ্বপুৰুষৰ পিণ্ডদান কৰা হয় যাতে তেওঁলোকৰ মোক্ষপ্ৰাপ্তি হয় আৰু তেওঁলোকে আগন্তুক যাত্ৰা আৰম্ভ কৰিব পাৰে।

এই উপলক্ষে মুম্বাইত এক অনন্য দৃশ্য দেখিবলৈ পোৱা গ’ল, য’ত প্ৰায় ৫০ গৰাকী পত্নীৰ দ্বাৰা নিৰ্যাতিত স্বামীয়ে নিজৰ জীৱিত পত্নীৰ পিণ্ডদান কৰে। বৈবাহিক সম্পৰ্কৰ বেয়া স্মৃতিৰ পৰা পৰিত্ৰাণ পাবলৈ এই আটাইকেইজন লোকে সম্পূৰ্ণ ৰীতি-নীতিৰে জীৱন্ত পত্নীৰ পিণ্ডদান কৰে। ইয়াৰে এজন লোকে চুলিও কাটিছিল, বাকীসকলে কেৱল পূজাত অংশ লৈছিল।

দৰাচলতে এই অনুষ্ঠানটো মুম্বাইত আয়োজন কৰিছিল পত্নীৰ দ্বাৰা নিৰ্যাতিত স্বামীৰ সংগঠন বাস্তৱ ফাউণ্ডেশ্যনে। বাস্তৱ ফাউণ্ডেশ্যনৰ সভাপতি অমিত দেশপাণ্ডেই কয় যে এই পিণ্ডদান কৰা হৈছে কাৰণ এই আটাইকেইজন লোকে পত্নীৰ হাৰাশাস্তিৰ বাবে বৰ অশান্তিত ভুগিছিল। ইয়াৰে অধিকাংশই এনে লোক যিয়ে হয় বিবাহ বিচ্ছেদ কৰিছে নহয় পত্নীয়ে এৰি থৈ গৈছে। কিন্তু তেওঁলোকৰ সংসাৰখনৰ বেয়া স্মৃতিয়ে এতিয়াও তেওঁলোকক খেদি ফুৰে। এই বেয়া স্মৃতিবোৰৰ পৰা মুক্তি পাবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

আনহাতে পিণ্ডদান কৰা স্বামীসকলে কয় যে নাৰীয়ে তেওঁলোকৰ স্বাধীনতাৰ সুযোগ লৈ পুৰুষক শোষণ কৰে। পত্নীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক একপ্ৰকাৰ মৰি গৈছে, গতিকে পিতৃপক্ষ উপলক্ষে এই পিণ্ডদান কৰা হৈছে, যাতে তেওঁ বেয়া স্মৃতিৰ পৰা মুক্তি পাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু