--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২২-২৩ বৰ্ষৰ ৰাজ্যিক বাজেটত শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ বাবে আঁচনিৰ অন্তৰ্ভুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ১ কোটি টকা আবণ্টনৰ দাবী উত্থাপন কৰিছে বিধায়ক গগৈয়ে৷ একেদৰে, শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰৰ বাবে ২০ কোটি টকা আবণ্টনৰ দাবী কৰিছে বিধায়ক অখিল গগৈয়ে৷ শিৱসাগৰৰ ইতিহাস বিজড়িত ক্ষেত্ৰসমূহৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীক কেতবোৰ প্ৰস্তাৱো আগবঢ়াইছে বিধায়কগৰাকীয়ে৷ শিৱসাগৰ মেডিকেল কলেজখন যাতে স্থানান্তৰ নহয়, সেই বিষয়টোও স্মাৰকপত্ৰত স্পষ্টকৈ উল্লেখ কৰিছে বিধায়কগৰাকীয়ে৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়খন মেডিকেল কলেজলৈ ৰূপান্তৰ কৰিব লাগে বুলি সদৰি কৰিছে অখিল গগৈয়ে৷ আহোম ৰাজত্বৰ কীৰ্তিচিহ্ন তলাতল ঘৰত বিজুলীবাতি আৰু শব্দৰ ব্যৱস্থাৰ বাবে ৫ কোটি টকা ধাৰ্য কৰাৰ দাবী স্মাৰকপত্ৰত উল্লেখ কৰিছে৷ বিধায়ক অখিল গগৈয়ে ৮ কোটি ২৭ লাখ টকা প্ৰদান কৰি শিৱসাগৰৰ মানুহক বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে৷ শিৱসাগৰৰ উন্নয়নৰ বাবে প্ৰায় ২০০ কোটি টকাৰ ‘প্ৰজেক্ট’ দিয়া হৈছে স্মাৰকপত্ৰত৷ শিৱসাগৰত এখনো ষ্টেডিয়াম নাই বুলি উল্লেখ কৰি ক্ৰীড়াৰ দিশত শিৱসাগৰত উন্নয়ন কৰিবলগীয়া আছে বুলি মুখ্যমন্ত্ৰী শৰ্মাক অৱগত কৰে বিধায়কগৰাকীয়ে৷ টাই মিউজিয়ামো নতুনকৈ নিৰ্মাণৰ দাবী জনাইছে অখিল গগৈয়ে৷ মুখ্যমন্ত্ৰীয়ে বিধায়ক অখিল গগৈৰ প্ৰতিটো কথাৰ যোগাত্মক সঁহাৰি জনাইছে বুলি জানিব পৰা গৈছে৷ একেদৰে, চান্দা সংগ্ৰহৰ বিষয়তো মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে৷ তেওঁ কয়, অসমত আটাইতকৈ বিজেপিয়ে বেছি চান্দা তোলে৷ দুখীয়া মানুহক ১০০ টকা নিদিলে কেতিয়াও ঘৰ নাপাব বুলি কৈও বিজেপিয়ে চান্দা তুলিছে বুলি অভিযোগ কৰিছে বিধায়কগৰাকীয়ে৷ তেওঁ লগতে কয়, ব্লেকমেইল কৰি সহযোগ নিধিৰ বাবে টকা তুলিছে বিজেপিয়ে৷ নিজেই চান্দা তুলি জাতীয় সংগঠনক অশান্তি কৰিব বিচাৰিছে বিজেপিয়ে৷ লগতে, কালি সংসদত উত্থাপিত কেন্দ্ৰীয় বাজেট সন্দৰ্ভতো মন্তব্য অখিল গগৈৰ৷ তেওঁ কয়, কেন্দ্ৰীয় বাজেটখন অৰ্থহীন৷ ভাঙি যোৱা অৰ্থনীতি উদ্ধাৰৰ বাবে একো কৰা নাই বাজেটে৷ এই বাজেটৰ জৰিয়তে অসমৰ একো উন্নয়ন নহয় বুলি স্পষ্ট মন্তব্য বিধায়কগৰাকীৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ