--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২২-২৩ বৰ্ষৰ ৰাজ্যিক বাজেটত শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ বাবে আঁচনিৰ অন্তৰ্ভুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ১ কোটি টকা আবণ্টনৰ দাবী উত্থাপন কৰিছে বিধায়ক গগৈয়ে৷ একেদৰে, শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰৰ বাবে ২০ কোটি টকা আবণ্টনৰ দাবী কৰিছে বিধায়ক অখিল গগৈয়ে৷ শিৱসাগৰৰ ইতিহাস বিজড়িত ক্ষেত্ৰসমূহৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীক কেতবোৰ প্ৰস্তাৱো আগবঢ়াইছে বিধায়কগৰাকীয়ে৷ শিৱসাগৰ মেডিকেল কলেজখন যাতে স্থানান্তৰ নহয়, সেই বিষয়টোও স্মাৰকপত্ৰত স্পষ্টকৈ উল্লেখ কৰিছে বিধায়কগৰাকীয়ে৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়খন মেডিকেল কলেজলৈ ৰূপান্তৰ কৰিব লাগে বুলি সদৰি কৰিছে অখিল গগৈয়ে৷ আহোম ৰাজত্বৰ কীৰ্তিচিহ্ন তলাতল ঘৰত বিজুলীবাতি আৰু শব্দৰ ব্যৱস্থাৰ বাবে ৫ কোটি টকা ধাৰ্য কৰাৰ দাবী স্মাৰকপত্ৰত উল্লেখ কৰিছে৷ বিধায়ক অখিল গগৈয়ে ৮ কোটি ২৭ লাখ টকা প্ৰদান কৰি শিৱসাগৰৰ মানুহক বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে৷ শিৱসাগৰৰ উন্নয়নৰ বাবে প্ৰায় ২০০ কোটি টকাৰ ‘প্ৰজেক্ট’ দিয়া হৈছে স্মাৰকপত্ৰত৷ শিৱসাগৰত এখনো ষ্টেডিয়াম নাই বুলি উল্লেখ কৰি ক্ৰীড়াৰ দিশত শিৱসাগৰত উন্নয়ন কৰিবলগীয়া আছে বুলি মুখ্যমন্ত্ৰী শৰ্মাক অৱগত কৰে বিধায়কগৰাকীয়ে৷ টাই মিউজিয়ামো নতুনকৈ নিৰ্মাণৰ দাবী জনাইছে অখিল গগৈয়ে৷ মুখ্যমন্ত্ৰীয়ে বিধায়ক অখিল গগৈৰ প্ৰতিটো কথাৰ যোগাত্মক সঁহাৰি জনাইছে বুলি জানিব পৰা গৈছে৷ একেদৰে, চান্দা সংগ্ৰহৰ বিষয়তো মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে৷ তেওঁ কয়, অসমত আটাইতকৈ বিজেপিয়ে বেছি চান্দা তোলে৷ দুখীয়া মানুহক ১০০ টকা নিদিলে কেতিয়াও ঘৰ নাপাব বুলি কৈও বিজেপিয়ে চান্দা তুলিছে বুলি অভিযোগ কৰিছে বিধায়কগৰাকীয়ে৷ তেওঁ লগতে কয়, ব্লেকমেইল কৰি সহযোগ নিধিৰ বাবে টকা তুলিছে বিজেপিয়ে৷ নিজেই চান্দা তুলি জাতীয় সংগঠনক অশান্তি কৰিব বিচাৰিছে বিজেপিয়ে৷ লগতে, কালি সংসদত উত্থাপিত কেন্দ্ৰীয় বাজেট সন্দৰ্ভতো মন্তব্য অখিল গগৈৰ৷ তেওঁ কয়, কেন্দ্ৰীয় বাজেটখন অৰ্থহীন৷ ভাঙি যোৱা অৰ্থনীতি উদ্ধাৰৰ বাবে একো কৰা নাই বাজেটে৷ এই বাজেটৰ জৰিয়তে অসমৰ একো উন্নয়ন নহয় বুলি স্পষ্ট মন্তব্য বিধায়কগৰাকীৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু