--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন যুৱ ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে। যুৱকজনৰ নাম ৰোহিত ভাটি। মাত্ৰ ২৫ বছৰ বয়সতে চিৰদিনলৈ চকু মুদিলে ৰোহিতে। ২২ নৱেম্বৰৰ পুৱা এটা গাড়ী দুৰ্ঘটনাত মৃত্যু হয় ৰোহিত ভাটীৰ। ছ'চিয়েল মিডিয়াত অতি জনপ্ৰিয় আছিল ৰোহিত। তেওঁ ইনষ্টাগ্ৰাম আৰু ফেচবুকত ‘ৰাউডী ভাটী’ নামেৰে পৰিচিত আছিল। বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টি কৰি উভতি আহি থকা অৱস্থাত পুৱা প্ৰায় ৩ বজাত গ্ৰেটাৰ নয়ডাত তেওঁৰ গাড়ীখনে গছত খুন্দা মাৰে আৰু সেই দুৰ্ঘটনাতে ৰোহিতে হেৰুৱালে প্ৰাণ। 
25 Year Old Social Media Influencer Rohit Bhati Dies In A Car Accident In  Greater Noida
আৰক্ষী আয়ুক্ত আলোক সিঙৰ মিডিয়া ইনচাৰ্জে জনোৱা মতে, গভীৰ নিশা পাৰ্টিৰ পৰা দুজন বন্ধুৰ সৈতে উভতি আহিছিল ৰোহিত ভাটী। গ্ৰেটাৰ নয়দাৰ চুহাৰপুৰ আণ্ডাৰপাছৰ সমীপত তেওঁলোকৰ গাড়ীখনে গছত খুন্দা মাৰে। বন্ধু আতিশ আৰু মনোজ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে ৰোহিত ভাটীৰ মৃত্যু হয়।

‘ৰাউডী ভাটী’ নামেৰে পৰিচিত ৰোহিত ভাটি ছ'চিয়েল মিডিয়াৰ অতি প্ৰভাৱশালী ব্যক্তি আছিল। ইনষ্টাগ্ৰামতো ৰোহিতৰ প্ৰায় ১০ লাখ ফ’ল’ৱাৰ আছে আৰু তাতো তেওঁ যথেষ্ট সক্ৰিয় আছিল।

ছ’চিয়েল মিডিয়াত ৰোহিত ভাটীৰ বহু ভিডিঅ’ তেওঁৰ মৃত্যুৰ খবৰৰ পাছত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। এই ঘটনাত তেওঁৰ অনুৰাগীসকল শোকস্তব্ধ হৈ পৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক