--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন যুৱ ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে। যুৱকজনৰ নাম ৰোহিত ভাটি। মাত্ৰ ২৫ বছৰ বয়সতে চিৰদিনলৈ চকু মুদিলে ৰোহিতে। ২২ নৱেম্বৰৰ পুৱা এটা গাড়ী দুৰ্ঘটনাত মৃত্যু হয় ৰোহিত ভাটীৰ। ছ'চিয়েল মিডিয়াত অতি জনপ্ৰিয় আছিল ৰোহিত। তেওঁ ইনষ্টাগ্ৰাম আৰু ফেচবুকত ‘ৰাউডী ভাটী’ নামেৰে পৰিচিত আছিল। বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টি কৰি উভতি আহি থকা অৱস্থাত পুৱা প্ৰায় ৩ বজাত গ্ৰেটাৰ নয়ডাত তেওঁৰ গাড়ীখনে গছত খুন্দা মাৰে আৰু সেই দুৰ্ঘটনাতে ৰোহিতে হেৰুৱালে প্ৰাণ। 
25 Year Old Social Media Influencer Rohit Bhati Dies In A Car Accident In  Greater Noida
আৰক্ষী আয়ুক্ত আলোক সিঙৰ মিডিয়া ইনচাৰ্জে জনোৱা মতে, গভীৰ নিশা পাৰ্টিৰ পৰা দুজন বন্ধুৰ সৈতে উভতি আহিছিল ৰোহিত ভাটী। গ্ৰেটাৰ নয়দাৰ চুহাৰপুৰ আণ্ডাৰপাছৰ সমীপত তেওঁলোকৰ গাড়ীখনে গছত খুন্দা মাৰে। বন্ধু আতিশ আৰু মনোজ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে ৰোহিত ভাটীৰ মৃত্যু হয়।

‘ৰাউডী ভাটী’ নামেৰে পৰিচিত ৰোহিত ভাটি ছ'চিয়েল মিডিয়াৰ অতি প্ৰভাৱশালী ব্যক্তি আছিল। ইনষ্টাগ্ৰামতো ৰোহিতৰ প্ৰায় ১০ লাখ ফ’ল’ৱাৰ আছে আৰু তাতো তেওঁ যথেষ্ট সক্ৰিয় আছিল।

ছ’চিয়েল মিডিয়াত ৰোহিত ভাটীৰ বহু ভিডিঅ’ তেওঁৰ মৃত্যুৰ খবৰৰ পাছত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। এই ঘটনাত তেওঁৰ অনুৰাগীসকল শোকস্তব্ধ হৈ পৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু