--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫৫ বছৰৰ পাছত মৃত দেউতাকৰ সমাধিস্থলীৰ সন্ধান পালে পুত্ৰই। ১৯৬৭ চনতে মৃত্যু হোৱা দেউতাকৰ সমাধিস্থলী ক’ত আছে সেয়া বিচাৰি জীৱন পাত কৰিছিল পি তিৰুমাৰান নামৰ কেৰালাৰ এগৰাকী সমাজকৰ্মীয়ে।

কেৰেলাৰ তিৰুনেলভেলীৰ ভেংকদামপত্তি গাঁৱত বাস কৰা তিৰুমাৰানৰ দেউতাকৰ কোনো সম্পত্তি নাই। তেওঁৰ জন্মৰ ছমাহৰ পাছতে ৩৭ বছৰ বয়সত মৃত্যু হৈছিল দেউতাক। তেওঁৰ মাক ৰাধাবাইয়ে দেউতাকক সমাধিস্থ কৰে। তাৰপাছতে পুত্ৰক লৈ মাক ভাৰতলৈ ঘূৰি আহিে। কিন্তু দেউতাকৰ বিষয়ে সবিশেষ বিচাৰ খোচাৰ কৰাৰ পূৰ্বই তিৰুমাৰাণৰ মাকৰ মৃত্যু হৈছিল ৩৫ বছৰ পূৰ্বে। সেয়ে ৫৬ বছৰ ধৰি দেউতাকৰ সমাধিস্থলী বিচাৰি হায়ৰাণ হৈছিল তেওঁ।

অৱশেষত সন্ধান ওলাল। সমাধিস্থলীটো পোৱা গ’ল মালয়েছিয়াত। এইক্ষেত্ৰত তেওঁক সহযোগ কৰে গুগলে। গুগুলৰ জৰিয়তে তেওঁ জানিব পাৰে যে মালয়েছিয়াৰ এখন তামিল স্কুলত শিক্ষক হিচাপে আছিল তেওঁৰ দেউতাক। কিন্তু গুগুল মেপত তেওঁ স্কুলখন বিচাৰি নাপালে। স্কুলখন স্থানান্তৰিত কৰা হৈছে। তাৰপাছতে স্কুলখনৰ বৰ্তমানৰ প্ৰধান শিক্ষক কুমাৰ চিদাম্বৰমৰ ই-মেইল সংগ্ৰহ কৰি যোগাযোগ কৰা হয়।

স্কুলখনত তিৰুমাৰাণৰ দেউতাকে পঢ়ুওৱা দুজন ছাত্ৰৰ স’তেও কথা হয় তেওঁৰ। দুয়োৰে বয়স বৰ্তমান ৮০ৰ ওচৰা-ওচৰি। তেওঁলোকেই জনায় যে কাৰ্লিঙতে দেউতাকৰ সমাধি আছে। সেয়ে যোৱা ৮ নৱেম্বৰত মালয়েছিয়ালৈ ৰাওনা হয় তিৰুমাৰাণ। তাতে বিচাৰি পায় দেউতাকৰ সমাধি।

''মালয়েছিয়াত গৈ দেখো যে দেউতাৰ সমাধিত বন গজিছে। সমাধিৰ ওপৰত মোৰ দেউতাৰ ছৱি, নাম, জন্ম-মৃত্যুৰ তাৰিখ লিখা আছে। লগে লগে মই চিনিব পাৰিলো। তাত বহি মই বহু সময় প্ৰাৰ্থনা কৰো।’’- তিৰুমাৰাণে কয়।

তিৰুমাৰানক এগৰাকী সামাজিক কৰ্মী হিচাপেও পৰিচিত। বিভিন্ন সামাজিক কামৰ স’তে নিজকে জড়িত কৰি আহিছে তেওঁ। তিৰুনেলভেলীৰ এখন অনাথ আশ্ৰমৰো দায়িত্বত আছে তেওঁ। ৬০ জন অনাথ লোকৰ বিয়া আৰু ১০০ জন অনাথ লোকক চাকৰি যোগাৰ কৰি মানৱীয়তা প্ৰদৰ্শন কৰি আহিছে তিৰুমাৰানে।

অনাথ আশ্ৰমখনৰ বিষয়ে তিৰুমাৰানে কয় যে খুব কম বয়সতে মা-দেউতাক হেৰুৱাইছিলো। সেয়ে অনাথ লোকসকলৰ জীৱন সংগ্ৰাম তেওঁ অনুভৱ কৰে

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক