--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫৫ বছৰৰ পাছত মৃত দেউতাকৰ সমাধিস্থলীৰ সন্ধান পালে পুত্ৰই। ১৯৬৭ চনতে মৃত্যু হোৱা দেউতাকৰ সমাধিস্থলী ক’ত আছে সেয়া বিচাৰি জীৱন পাত কৰিছিল পি তিৰুমাৰান নামৰ কেৰালাৰ এগৰাকী সমাজকৰ্মীয়ে।

কেৰেলাৰ তিৰুনেলভেলীৰ ভেংকদামপত্তি গাঁৱত বাস কৰা তিৰুমাৰানৰ দেউতাকৰ কোনো সম্পত্তি নাই। তেওঁৰ জন্মৰ ছমাহৰ পাছতে ৩৭ বছৰ বয়সত মৃত্যু হৈছিল দেউতাক। তেওঁৰ মাক ৰাধাবাইয়ে দেউতাকক সমাধিস্থ কৰে। তাৰপাছতে পুত্ৰক লৈ মাক ভাৰতলৈ ঘূৰি আহিে। কিন্তু দেউতাকৰ বিষয়ে সবিশেষ বিচাৰ খোচাৰ কৰাৰ পূৰ্বই তিৰুমাৰাণৰ মাকৰ মৃত্যু হৈছিল ৩৫ বছৰ পূৰ্বে। সেয়ে ৫৬ বছৰ ধৰি দেউতাকৰ সমাধিস্থলী বিচাৰি হায়ৰাণ হৈছিল তেওঁ।

অৱশেষত সন্ধান ওলাল। সমাধিস্থলীটো পোৱা গ’ল মালয়েছিয়াত। এইক্ষেত্ৰত তেওঁক সহযোগ কৰে গুগলে। গুগুলৰ জৰিয়তে তেওঁ জানিব পাৰে যে মালয়েছিয়াৰ এখন তামিল স্কুলত শিক্ষক হিচাপে আছিল তেওঁৰ দেউতাক। কিন্তু গুগুল মেপত তেওঁ স্কুলখন বিচাৰি নাপালে। স্কুলখন স্থানান্তৰিত কৰা হৈছে। তাৰপাছতে স্কুলখনৰ বৰ্তমানৰ প্ৰধান শিক্ষক কুমাৰ চিদাম্বৰমৰ ই-মেইল সংগ্ৰহ কৰি যোগাযোগ কৰা হয়।

স্কুলখনত তিৰুমাৰাণৰ দেউতাকে পঢ়ুওৱা দুজন ছাত্ৰৰ স’তেও কথা হয় তেওঁৰ। দুয়োৰে বয়স বৰ্তমান ৮০ৰ ওচৰা-ওচৰি। তেওঁলোকেই জনায় যে কাৰ্লিঙতে দেউতাকৰ সমাধি আছে। সেয়ে যোৱা ৮ নৱেম্বৰত মালয়েছিয়ালৈ ৰাওনা হয় তিৰুমাৰাণ। তাতে বিচাৰি পায় দেউতাকৰ সমাধি।

''মালয়েছিয়াত গৈ দেখো যে দেউতাৰ সমাধিত বন গজিছে। সমাধিৰ ওপৰত মোৰ দেউতাৰ ছৱি, নাম, জন্ম-মৃত্যুৰ তাৰিখ লিখা আছে। লগে লগে মই চিনিব পাৰিলো। তাত বহি মই বহু সময় প্ৰাৰ্থনা কৰো।’’- তিৰুমাৰাণে কয়।

তিৰুমাৰানক এগৰাকী সামাজিক কৰ্মী হিচাপেও পৰিচিত। বিভিন্ন সামাজিক কামৰ স’তে নিজকে জড়িত কৰি আহিছে তেওঁ। তিৰুনেলভেলীৰ এখন অনাথ আশ্ৰমৰো দায়িত্বত আছে তেওঁ। ৬০ জন অনাথ লোকৰ বিয়া আৰু ১০০ জন অনাথ লোকক চাকৰি যোগাৰ কৰি মানৱীয়তা প্ৰদৰ্শন কৰি আহিছে তিৰুমাৰানে।

অনাথ আশ্ৰমখনৰ বিষয়ে তিৰুমাৰানে কয় যে খুব কম বয়সতে মা-দেউতাক হেৰুৱাইছিলো। সেয়ে অনাথ লোকসকলৰ জীৱন সংগ্ৰাম তেওঁ অনুভৱ কৰে

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু