--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি উন্নয়ন শব্দটো মনলৈ অহাৰ লগে লগেই যেন চৰকাৰৰ মনলৈ আহে গছ কটাৰ কথৈা। সেয়া লাগিলে অসমেই হওঁক বা আন ৰাজ্যই হোঁক। শেহতীয়াকৈ  ষ্ট্ৰীটকেপিং প্ৰকল্পৰ অধীনত পথ  পুনৰ নিৰ্মাণৰ সময়ত গছ কাটি তহিলং কৰা হৈছে নতুন দিল্লীত।  

এনে কাৰ্যৰ পিছতে দিল্লী  উচ্চ ন্যায়ালয়ে গড়কাপ্তানি বিভাগক এনেদৰে গছ কটাৰ বাবে ধম দিবলগীয়া হৈছে। আদালতৰ ধমক খোৱাৰ পিছতে বিভাগটোৱে এতিয়া জনতাৰ ওচৰত গছ কটাৰ বাবে ক্ষমা বিচাৰি  মথুৰা ৰোডত প্ৰায় আধা ডজন "ক্ষমা প্ৰাৰ্থনাৰ বোৰ্ড" স্থাপন কৰিছে। ইয়াত কোৱা হৈছে, অতীতৰ ত্ৰুটিবোৰৰ বাবে ক্ষমা বিচাৰিছো আৰু পিছলৈ অধিক ভাল কৰিম।" মথুৰা ৰোড ষ্ট্ৰীটকেপিং প্ৰকল্পৰ অধীনত বহু গছ কাটি পেলাইছিল বিভাগটোৱে।   

পৰিৱেশ কৰ্মীসকলে ষ্ট্ৰীটকেপিঙৰ কাম কৰা পিডব্লিউডিৰ অভিযন্তাসকলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল । লোধি ৰোড, বিকাশ মাৰ্গ, কেএন কাটজু মাৰ্গ, নৰৱানা পথ আদিত দুখ লগাকৈ গছ কটা হৈছিল। অভিযোগৰ পিছত পিডব্লিউডি অভিযন্তাসকলক বন বিভাগে জাননী প্ৰদান কৰিছিল আৰু কাম বন্ধ কৰা হৈছিল। কিছু ক্ষেত্ৰত জৰিমনাও আৰোপ কৰা হৈছিল। ষ্ট্ৰীটকেপিং বিভাগৰ মুৰব্বী বিনয় শীল চাক্সেনা আৰু আন দুজন প্ৰাক্তন পিডব্লিউডি বিষয়াক  আদালতে আনকি আদালত  অৱমাননাৰ বাবে  শাস্তি প্ৰদানৰো বিধান দিছিল।

 ইপিনে অসমতো চৰকাৰৰ ছত্ৰছায়াতে চলি আছে গছ নিধন যজ্ঞ। বিধায়ক আবাসৰ গছ কটাৰ পিছত এইবাৰ মহানগৰীৰৰ উজান বজাৰতো পাৰ্ক নিৰ্মাণৰ নামত চলিছে বৃক্ষ নিধনযজ্ঞ।অসম  চৰকাৰে এপিনে কোটি কোটি টকা খৰচ কৰি বন মহোৎসৱৰ বিজ্ঞাপন দিয়ে , আনপিনে একে সময়তে হত্যা কৰি গৈছে বহু বৃক্ষ। চৰকাৰৰ এনে দুমুখীয়া নীতিয়ে সকলোকে আচৰিত কৰি তুলিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস