--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি উন্নয়ন শব্দটো মনলৈ অহাৰ লগে লগেই যেন চৰকাৰৰ মনলৈ আহে গছ কটাৰ কথৈা। সেয়া লাগিলে অসমেই হওঁক বা আন ৰাজ্যই হোঁক। শেহতীয়াকৈ  ষ্ট্ৰীটকেপিং প্ৰকল্পৰ অধীনত পথ  পুনৰ নিৰ্মাণৰ সময়ত গছ কাটি তহিলং কৰা হৈছে নতুন দিল্লীত।  

এনে কাৰ্যৰ পিছতে দিল্লী  উচ্চ ন্যায়ালয়ে গড়কাপ্তানি বিভাগক এনেদৰে গছ কটাৰ বাবে ধম দিবলগীয়া হৈছে। আদালতৰ ধমক খোৱাৰ পিছতে বিভাগটোৱে এতিয়া জনতাৰ ওচৰত গছ কটাৰ বাবে ক্ষমা বিচাৰি  মথুৰা ৰোডত প্ৰায় আধা ডজন "ক্ষমা প্ৰাৰ্থনাৰ বোৰ্ড" স্থাপন কৰিছে। ইয়াত কোৱা হৈছে, অতীতৰ ত্ৰুটিবোৰৰ বাবে ক্ষমা বিচাৰিছো আৰু পিছলৈ অধিক ভাল কৰিম।" মথুৰা ৰোড ষ্ট্ৰীটকেপিং প্ৰকল্পৰ অধীনত বহু গছ কাটি পেলাইছিল বিভাগটোৱে।   

পৰিৱেশ কৰ্মীসকলে ষ্ট্ৰীটকেপিঙৰ কাম কৰা পিডব্লিউডিৰ অভিযন্তাসকলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল । লোধি ৰোড, বিকাশ মাৰ্গ, কেএন কাটজু মাৰ্গ, নৰৱানা পথ আদিত দুখ লগাকৈ গছ কটা হৈছিল। অভিযোগৰ পিছত পিডব্লিউডি অভিযন্তাসকলক বন বিভাগে জাননী প্ৰদান কৰিছিল আৰু কাম বন্ধ কৰা হৈছিল। কিছু ক্ষেত্ৰত জৰিমনাও আৰোপ কৰা হৈছিল। ষ্ট্ৰীটকেপিং বিভাগৰ মুৰব্বী বিনয় শীল চাক্সেনা আৰু আন দুজন প্ৰাক্তন পিডব্লিউডি বিষয়াক  আদালতে আনকি আদালত  অৱমাননাৰ বাবে  শাস্তি প্ৰদানৰো বিধান দিছিল।

 ইপিনে অসমতো চৰকাৰৰ ছত্ৰছায়াতে চলি আছে গছ নিধন যজ্ঞ। বিধায়ক আবাসৰ গছ কটাৰ পিছত এইবাৰ মহানগৰীৰৰ উজান বজাৰতো পাৰ্ক নিৰ্মাণৰ নামত চলিছে বৃক্ষ নিধনযজ্ঞ।অসম  চৰকাৰে এপিনে কোটি কোটি টকা খৰচ কৰি বন মহোৎসৱৰ বিজ্ঞাপন দিয়ে , আনপিনে একে সময়তে হত্যা কৰি গৈছে বহু বৃক্ষ। চৰকাৰৰ এনে দুমুখীয়া নীতিয়ে সকলোকে আচৰিত কৰি তুলিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান