--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ নামত প্ৰতাৰণাৰ ঘটনা দেশত বৃদ্ধি পাইছে। এনে সময়তে ওড়িশা  উচ্চ ন্যায়ালয়ে কৈছে যে যদি এক সন্মতিপূৰ্ণ শাৰীৰিক সম্পৰ্ক স্থাপন হয় আৰু তাৰ পিছত  বিবাহৰ প্ৰতিশ্ৰুতি ভংগ হয়  তেন্তে  ইয়াক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি। 

উচ্চ ন্যায়ালয়ে ভুৱনেশ্বৰস্থিত এজন ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত  ধৰ্ষণৰ অভিযোগ বাতিল কৰে। তেওঁৰ বিৰুদ্ধে অভিযোগটো এগৰাকী মহিলাই আনিছিল । মহিলাগৰাকী অভিযুক্ত লোকজনৰ  বন্ধু আৰু পাঁচ বছৰ ধৰি তেওঁৰ স্বামীৰ সৈতে বৈবাহিক বিবাদ চলি  আছে। আবেদনকাৰীৰ বিৰুদ্ধে  প্ৰৱঞ্চনা কৰি যৌন সম্পৰ্ক স্থাপন আৰপু পিছত মহিলাগৰাকীক বিয়া নকৰোৱাৰ অভিযোগ অনা হৈছিল। ন্যায়াধীশ আৰ কে পট্টনায়কে আদেশটোত কয় যে  প্ৰতিশ্ৰুতি ভংগৰ বিষয়টোৰ সৈতে সহমতত যৌন সম্পৰ্ক স্থাপনৰ সম্পৰ্ক নাই। ইয়াক ধৰ্ষণ বুলি ক’ব নোৱাৰি। 

 পূৰ্বতে  এনে যিকোনো যৌন ঘনিষ্ঠতাৰ বাবে ভাৰতীয় দণ্ডবিধিৰ  ধাৰা ৩৭৬  আৰোপ কৰা হৈছিল।   উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশত কৈছে  যে যদি দুজন ব্যক্তিয়ে  বিবাহৰ আশ্বাসত শাৰীৰিক সম্পৰ্ক বজাই ৰাখে, যিটো কিছুমান কাৰণত পিছত বাস্তৱায়িত হোৱাত ব্যৰ্থ হয়, তেন্তে প্ৰতিশ্ৰুতি ভংগ কৰা হৈছে বুলি দাবী কৰি ইয়াক ধৰ্ষণ বুলি ক'ব নোৱাৰি।আদালতে কয় " এক তিক্ত  সম্পৰ্ক যদি প্ৰথমতে  বন্ধুত্বৰে   আৰম্ভ আৰু বিকশিত হয়, তেন্তে ইয়াক সদায়ে অবিশ্বাসৰ ফল হিচাপে চিহ্নিত কৰিব নালাগে আৰু পুৰুষ সঙ্গীৰ বিৰুদ্ধে  কেতিয়াও ধৰ্ষণৰ অভিযোগ কৰা উচিত নহয়। কাৰণত ইয়াত পুৰুষ-মহিলা উভয়ৰে সহমত থাকে।" 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান