--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ নামত প্ৰতাৰণাৰ ঘটনা দেশত বৃদ্ধি পাইছে। এনে সময়তে ওড়িশা  উচ্চ ন্যায়ালয়ে কৈছে যে যদি এক সন্মতিপূৰ্ণ শাৰীৰিক সম্পৰ্ক স্থাপন হয় আৰু তাৰ পিছত  বিবাহৰ প্ৰতিশ্ৰুতি ভংগ হয়  তেন্তে  ইয়াক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি। 

উচ্চ ন্যায়ালয়ে ভুৱনেশ্বৰস্থিত এজন ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত  ধৰ্ষণৰ অভিযোগ বাতিল কৰে। তেওঁৰ বিৰুদ্ধে অভিযোগটো এগৰাকী মহিলাই আনিছিল । মহিলাগৰাকী অভিযুক্ত লোকজনৰ  বন্ধু আৰু পাঁচ বছৰ ধৰি তেওঁৰ স্বামীৰ সৈতে বৈবাহিক বিবাদ চলি  আছে। আবেদনকাৰীৰ বিৰুদ্ধে  প্ৰৱঞ্চনা কৰি যৌন সম্পৰ্ক স্থাপন আৰপু পিছত মহিলাগৰাকীক বিয়া নকৰোৱাৰ অভিযোগ অনা হৈছিল। ন্যায়াধীশ আৰ কে পট্টনায়কে আদেশটোত কয় যে  প্ৰতিশ্ৰুতি ভংগৰ বিষয়টোৰ সৈতে সহমতত যৌন সম্পৰ্ক স্থাপনৰ সম্পৰ্ক নাই। ইয়াক ধৰ্ষণ বুলি ক’ব নোৱাৰি। 

 পূৰ্বতে  এনে যিকোনো যৌন ঘনিষ্ঠতাৰ বাবে ভাৰতীয় দণ্ডবিধিৰ  ধাৰা ৩৭৬  আৰোপ কৰা হৈছিল।   উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশত কৈছে  যে যদি দুজন ব্যক্তিয়ে  বিবাহৰ আশ্বাসত শাৰীৰিক সম্পৰ্ক বজাই ৰাখে, যিটো কিছুমান কাৰণত পিছত বাস্তৱায়িত হোৱাত ব্যৰ্থ হয়, তেন্তে প্ৰতিশ্ৰুতি ভংগ কৰা হৈছে বুলি দাবী কৰি ইয়াক ধৰ্ষণ বুলি ক'ব নোৱাৰি।আদালতে কয় " এক তিক্ত  সম্পৰ্ক যদি প্ৰথমতে  বন্ধুত্বৰে   আৰম্ভ আৰু বিকশিত হয়, তেন্তে ইয়াক সদায়ে অবিশ্বাসৰ ফল হিচাপে চিহ্নিত কৰিব নালাগে আৰু পুৰুষ সঙ্গীৰ বিৰুদ্ধে  কেতিয়াও ধৰ্ষণৰ অভিযোগ কৰা উচিত নহয়। কাৰণত ইয়াত পুৰুষ-মহিলা উভয়ৰে সহমত থাকে।" 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস