--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যৌতুক প্ৰথা! দেশত আইনীভাৱে নিষিদ্ধ হ’লেও এক সামাজিক নিয়মৰ দৰেই অব্যাহত আছে যৌতুক প্ৰথাৰ প্ৰচলন। কন্যাৰ বিবাহৰ সময়ত কন্যাৰ লগতে নানা বয়-বস্তুৰ উপঢৌকন তথা উপহাৰ সমলেৰে স্বামী গৃহলৈ পঠিওৱাটো এতিয়া বিবাহৰ এক স্বাভাৱিক নিয়ম যেনেই হৈ পৰিছে। আকৌ কেতিয়াবা যৌতুকৰ দাবীত স্বামীগৃহত গাৰ্হস্থ্য হিংসাৰো বলি হৈছে কন্যা। তেনে সময়তে ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পথ সুৰক্ষা বিষয়ক এক বিজ্ঞাপনৰ নামত যৌতুকৰ দৰে এক নিন্দনীয় প্ৰথাৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়োৱাৰ অভিযোগ উঠিছে। আইনীভাৱে নিষিদ্ধ এটা ঘৃণনীয় প্ৰথাৰ সমৰ্থনত এই বিশেষ বিজ্ঞাপনটোত প্ৰস্তুত কৰাৰ অভিযোগ তুলিছে সচেতন নাগৰিকে।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিশেষ বিজ্ঞাপনটোৰ দৃশ্য। উক্ত ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। বিজ্ঞাপনটোত অভিনয় কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে। বিজ্ঞাপনটোত অক্ষয় কুমাৰে এক আৰক্ষী বিষয়াৰ বেশত এখন বিয়াত উপস্থিত হৈ কন্যাক দৰাৰ লগত গাড়ীত উঠাই পঠোৱাৰ সময়ত কন্যাগৰাকীৰ পিতৃক সাৱধান কৰি দুটা এয়াৰবেগ থকা গাড়ীৰ পৰিৱৰ্তে ছয়টা এয়াৰবেগ থকা গাড়ীত পঠাবলৈ পৰামৰ্শ দিছে। 

আৰক্ষী ৰূপী অক্ষয় কুমাৰৰ পৰামৰ্শ মানি কন্যাগৰাকীৰ পিতৃয়ে দুটা এয়াৰবেগ থকা গাড়ীখনৰ পৰিৱৰ্তে আন এখন গাড়ী লগে লগে সমুখত থিয় কৰায়। কন্যাৰ দেউতাকে এইদৰে উপহাৰ হিচাপে গাড়ী আগবঢ়াই যৌতুক প্ৰথাৰ প্ৰচাৰ কৰিছে বুলি অভিযোগ তুলিছে বিৰোধী দলৰ নেতাসকলে। শিৱসেনাৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে এই বিজ্ঞাপনটোক এক সমস্যাজনক চিন্তাৰে ভৰপূৰ বিজ্ঞাপন বুলি অভিযোগতুলিছে। 

চতুৰ্বেদীয়ে চৰকাৰে গাড়ী এখনৰ সুৰক্ষাৰ দিশটো প্ৰচাৰ কৰিবলৈ ধন খৰচ কৰিছে নে এই বিজ্ঞাপনৰ জৰিয়তে যৌতুকৰ দৰে অশুভ আৰু অপৰাধমূলক কাৰ্যক প্ৰচাৰ কৰিছে বুলি প্ৰশ্ন তুলিছে। আনহাতে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চাকেট গোখালেই ভিডিঅ’টোৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে চৰকাৰীভাৱে যৌতুকপ্ৰথাৰ প্ৰচাৰ চলোৱা কাৰ্যক নিন্দা কৰে। তেওঁ লগতে ছয়টা এয়াৰবেগ সম্বলিত বিলাসী বাহনৰ বিষয়টোৰে পথ নিৰ্মাণৰ বিষয়টোক ঢাকি ৰখাৰ এক অভিনৱ উপায় বুলিও চৰকাৰক বিদ্ৰুপ কৰে।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে মুম্বাইৰ ওচৰত সংঘটিত এক দুৰ্ঘটনাত দেশৰ প্ৰখ্যাত ব্যৱসায়ী চাইৰাছ মিস্ত্ৰীৰ মৃত্যুৰ পিছত পথ সুৰক্ষাৰ বিষয়টোক লৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। গাডকাৰীয়ে বাহন এখনত যাত্ৰা কৰা প্ৰতিগৰাকী যাত্ৰীয়ে চিটবেল্ট পৰিধান কৰাৰ নিয়ম কঠোৰভাৱে বলৱৎ কৰা হ’ব বুলি ঘোষণা কৰাৰ লগতে গাড়ী নিৰ্মাতা কোম্পানীসমূহক ভাৰতীয় বজাৰৰ বাবে ছয়টা এয়াৰবেগযুক্ত গাড়ী আগবঢ়াবলৈ নিৰ্দেশ দিছে। এই সুৰক্ষাৰ দিশটোক প্ৰচাৰৰ উদ্দেশ্যেই এই বিশেষ ভিডিঅ’টো নিৰ্মাণ কৰা হৈছে। 

কিন্তু ভিডিঅ’টোৰ দ্বাৰা যৌতুক প্ৰথাক উদগনি যোগোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে সমস্যাত পৰিছে অভিনেতা অক্ষয় কুমাৰৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী। উল্লেখ্য যে ভাৰতত যৌতুক প্ৰথাক আইনগতভাৱে নিষিদ্ধ কৰা হৈছে। যৌতুকক নিষিদ্ধ কৰিবৰ বাবে ১৯৬১ চনত গ্ৰহণ কৰা হৈছিল যৌতুক নিষিদ্ধকৰণ আইন। পৰৱৰ্তী সময়ত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৪বি আৰু ৪৯৮এ- ৰ দ্বাৰা ভাৰতীয় আইনৰ অধীনত যৌতুক প্ৰথা নিষিদ্ধ কৰা হৈছে। এতিয়া দেশত ন্যায়িকভাৱে নিষিদ্ধ প্ৰথা এটাৰ সপক্ষে চৰকাৰী বিভাগ এটাৰ অধীনস্থ সংস্থা এটাই কিদৰে প্ৰচাৰ কৰিব পাৰে, ই চিন্তনীয়। 

ইতিমধ্যে এই বিশেষ ভিডিঅ’টোৰ বিৰুদ্ধে সৰ্বত্ৰে চৰ্চা চলিছে। দেশৰ সচেতন নাগৰিকে এই ভিডিঅ’টোৰ বাবেই চৰকাৰক কঠোৰ নিন্দা কৰিছে। যৌতুকৰ সমস্যাই ভাৰতক এই একবিংশ শতিকাতো পীড়িত কৰি আহিছে। যৌতুকৰ নামত মহিলাসকলে সন্মুখীন হোৱা শাৰীৰিক আৰু মানসিক উৎপীড়নৰ বিষয়ে দৈনিক ঘটনাৰ প্ৰতিবেদন পোৱা গৈছে। এনে অত্যাচাৰে আত্মহত্যাৰ ফালেও ঠেলি দিছে ভাৰতীয় সমাজৰ মহিলাক।

ইয়াৰ পিছতো চৰকাৰী বিভাগ এটাৰ তত্বাৱধানত যৌতুক প্ৰথাৰ প্ৰতি পৰোক্ষ সমৰ্থনত বিজ্ঞাপন প্ৰস্তুতক সহজভাৱে ল’ব পৰা নাই জনসাধাৰণে। একবিংশ শতিকাৰ এই যুগত উৰ্ধগামী সমাজৰ সৃষ্টিৰ সময়ত এনে নিম্নগামী চেতনাৰ প্ৰচাৰে যৌতুকৰ দৰে ঘৃণনীয় প্ৰথাৰ নামত অবদমন আৰু অত্যাচাৰৰ এক নিকৃষ্ট প্ৰক্ৰিয়াই মান্যতা পাবলৈ বেছি সময় নালাগিব বুলি ক্ষোভ প্ৰকাশ কৰিছে সকলোৱে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
যুদ্ধৰ পৰিণতি! ভাৰতীয় শ্বেয়াৰ বজাৰত পুনৰ বৃহৎ পতন, ডলাৰৰ বিপৰীতে সৰ্বনিম্ন টকাৰ মূল্য
ভাৰত-জাপান শৈক্ষিক কনচর্টিয়ামত অন্তর্ভুক্ত কটন বিশ্ববিঃ, আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ ক্ষেত্ৰত সফলতা
আজি মুকলি কৰা হ'ব মহাৰাজ পৃথু উৰণ সেতু
হোজাইত শিক্ষাখণ্ডৰ লজ্জাজনক অধ্যায়: প্ৰশ্নকাকত নহাৰ অজুহাতত বাতিল সপ্তম শ্ৰেণীৰ পৰীক্ষা
পশ্চিম বংগৰ ৰাজনীতিত ডাঙৰ সালসলনি: মমতা বেনাৰ্জীয়ে নিজে ল’লে আইন মন্ত্ৰালয়ৰ দায়িত্ব; জানি লওক এই সিদ্ধান্তৰ আঁৰৰ ৫টা মুখ্য কাৰণ
বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ নাটনি: পেট্ৰ’লিয়াম মন্ত্ৰালয়ে গঠন কৰিলে উচ্চস্তৰীয় সমিতি
বিলাসীপাৰাত ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা; মানসিক বিকাৰগ্ৰস্ত যুৱকক তালিবানী শাস্তি
সুখবৰ! মানস ৰাষ্ট্ৰীয় উদ্যানত পৰিভ্ৰমী মাণ্ডাৰিন হাঁহৰ বিচৰণ
উত্তৰ প্ৰদেশত আমেৰিকা ইজৰাইল বিৰোধী ধ্বনি, খামেনেইৰ হত্যাৰ প্ৰতিবাদত উত্তাল কাশ্মীৰ
২৭ বছৰীয়া সাংসাৰিক যাত্ৰা অন্ত পৰাৰ দিশে! থালাপথী বিজয়ৰ পত্নীয়ে কিয় কৰিলে বিবাহ বিচ্ছেদৰ আবেদন?
বাঘমাৰাচৰত সোপাধৰাৰ সন্দেহত এজন লোকক কৰায়ত্ত; তীব্ৰ উত্তেজনাৰ সৃষ্টি
১৩ মাৰ্চত অস্ত যাব শনি; ৩ ৰাশিৰ হ’ব উপকাৰ
'২৮-ত আমেৰিকাই, '৩০ চনত চীনে চন্দ্রলৈ পঠাব মহাকাশচাৰী, চন্দ্ৰত আধিপত্য বিস্তাৰৰ যুঁজত চীন-আমেৰিকা
বোকাখাত মহকুমা চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ উদণ্ড যুৱকৰ