--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে ৰাজহুৱা হ’ল কিম জং উনৰ কন্যাৰ ফটো। উত্তৰ কোৰিয়াৰ একচ্ছত্ৰী শাসকগৰাকীয়ে শুক্ৰবাৰে নিজৰ কন্যাৰ স’তে এটা মিছাইল নিক্ষেপণ কেন্দ্ত একেলগে ফটো উঠে।

ফটোসমূহ উত্তৰ কোৰিয়াৰ চৰকাৰী নিউজ এজেঞ্চি কেচিএনএই ৰাজহুৱা কৰিছে। তাত দেখা গৈছে পিতৃ আৰু কন্যাই মিছাইল নিক্ষেপন কেন্দ্ৰত মধুৰ বাৰ্তালাপত মিলিত হৈছে।

কিম জং উনৰ কন্যাগৰাকীৰ নাম কিম চাও-ৱে বুলি জানিব পৰা গৈছে। কন্যাগৰাকীৰ বয়স ১২-১৩ৰ ভিতৰত হ’ব বুলি সাংবাদিকসকলে জনাইছে।

উল্লেখ্য যে নিজৰ ব্যক্তিগত জীৱনক লৈ উত্তৰ কোৰিয়াৰ একচ্ছত্ৰী শাসকগৰাকীয়ে তীব্ৰ গোপনীয়তা অৱলম্বন কৰি আহিছে। সেয়ে কিম জং উনৰ কন্যাৰ অস্তিত্বক লৈ দীৰ্ঘদিন ধৰি নানা ধৰণৰ গুজৱ চলি আহিছিল। বহুতে উত্তৰ কোৰিয়াৰ একচ্ছত্ৰী শাসকগৰাকীৰ সন্তান নাই বুলি মত প্ৰকাশ কৰি অহাৰ বিপৰীত আন কিছুৱে আছে বুলি কৈছিল।

কিম জং উনৰ কন্যা সম্পৰ্কে ২০১৩ চনত প্ৰথমবাৰ জনা গৈছিল। আমেৰিকান বাস্কেটবল তাৰকা ডেন্নিছ ৰ’ডমেনে নিজৰ উত্তৰ কোৰিয়া ভ্ৰমণকালত কিম জং উনৰ পৰিয়ালৰ স’তে কিছু দিন কটাইছিল।

কিন্তু ইমান দিন গোপনে ৰখাৰ পাছত কিয় কিম জং উনে নিজৰ কন্যাক ৰাজহুৱাভাৱে পৰিচিত কৰিছে, সেই লৈও বিশ্লেষকসকল ব্যস্ত হৈ পৰিছে। তেওঁলোকে প্ৰশ্ন কৰিছে যে কিম জং উনৰ পাছত তেওঁৰ কন্যা হ’ব নেকি দেশখনৰ মুৰব্বী?

FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?