--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে ৰাজহুৱা হ’ল কিম জং উনৰ কন্যাৰ ফটো। উত্তৰ কোৰিয়াৰ একচ্ছত্ৰী শাসকগৰাকীয়ে শুক্ৰবাৰে নিজৰ কন্যাৰ স’তে এটা মিছাইল নিক্ষেপণ কেন্দ্ত একেলগে ফটো উঠে।

ফটোসমূহ উত্তৰ কোৰিয়াৰ চৰকাৰী নিউজ এজেঞ্চি কেচিএনএই ৰাজহুৱা কৰিছে। তাত দেখা গৈছে পিতৃ আৰু কন্যাই মিছাইল নিক্ষেপন কেন্দ্ৰত মধুৰ বাৰ্তালাপত মিলিত হৈছে।

কিম জং উনৰ কন্যাগৰাকীৰ নাম কিম চাও-ৱে বুলি জানিব পৰা গৈছে। কন্যাগৰাকীৰ বয়স ১২-১৩ৰ ভিতৰত হ’ব বুলি সাংবাদিকসকলে জনাইছে।

উল্লেখ্য যে নিজৰ ব্যক্তিগত জীৱনক লৈ উত্তৰ কোৰিয়াৰ একচ্ছত্ৰী শাসকগৰাকীয়ে তীব্ৰ গোপনীয়তা অৱলম্বন কৰি আহিছে। সেয়ে কিম জং উনৰ কন্যাৰ অস্তিত্বক লৈ দীৰ্ঘদিন ধৰি নানা ধৰণৰ গুজৱ চলি আহিছিল। বহুতে উত্তৰ কোৰিয়াৰ একচ্ছত্ৰী শাসকগৰাকীৰ সন্তান নাই বুলি মত প্ৰকাশ কৰি অহাৰ বিপৰীত আন কিছুৱে আছে বুলি কৈছিল।

কিম জং উনৰ কন্যা সম্পৰ্কে ২০১৩ চনত প্ৰথমবাৰ জনা গৈছিল। আমেৰিকান বাস্কেটবল তাৰকা ডেন্নিছ ৰ’ডমেনে নিজৰ উত্তৰ কোৰিয়া ভ্ৰমণকালত কিম জং উনৰ পৰিয়ালৰ স’তে কিছু দিন কটাইছিল।

কিন্তু ইমান দিন গোপনে ৰখাৰ পাছত কিয় কিম জং উনে নিজৰ কন্যাক ৰাজহুৱাভাৱে পৰিচিত কৰিছে, সেই লৈও বিশ্লেষকসকল ব্যস্ত হৈ পৰিছে। তেওঁলোকে প্ৰশ্ন কৰিছে যে কিম জং উনৰ পাছত তেওঁৰ কন্যা হ’ব নেকি দেশখনৰ মুৰব্বী?

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক