--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যদি আপুনিও য়েৰবাড ব্যৱহাৰ কৰে, তেন্তে এই খবৰটো নিশ্চয়কৈ পঢ়ক। য়েৰবাড বহু দিশত ভাল হ’লেও ইয়াৰ কিছু বিপদো আছে। বিপদটোও এনেকুৱা যে অলপ অসাৱধানতা হ’লেই ই আপোনাৰ বাবে গুৰুতৰ হ’ব পাৰে। আনকি আপোনাৰ শ্ৰৱণ ক্ষমতাও হেৰুওৱাব পাৰে। জানিব পৰা মতে ইংলেণ্ডৰ এজন ব্যক্তিৰ ক্ষেত্ৰতো এনে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। তেওঁ কেইবাদিনো ধৰি শ্ৰৱণ সমস্যাত ভুগিছিল, সেয়েহে তেওঁ চিকিৎসকৰ কাষ চাপে আৰু বহুতো পৰীক্ষা-নিৰীক্ষাৰ অন্তত ৰিপ’ৰ্ট দেখি হতভম্ব হৈ পৰে।

 ৰয়েল নেভিত কাম কৰা ইংলেণ্ডৰ উইলিছ লীয়ে ৫ বছৰ পূৰ্বে পৰিয়ালক লগ কৰিবলৈ অষ্ট্ৰেলিয়ালৈ গৈছিল। উৰণৰ সময়ত বিমানৰ শব্দৰ পৰা হাত সাৰিবলৈ তেওঁ কাণত য়েৰবাড ব্যৱহাৰ কৰিছিল। অষ্ট্ৰেলিয়া পাওঁতে কাণৰ পৰা য়েৰবাডটো আঁতৰাবলৈ পাহৰি থাকে। লাহে লাহে সেই য়েৰবাডটো তেওঁৰ কাণৰ ভিতৰত সোমাই পৰে। ইয়াৰ পাছত লাহে লাহে তেওঁৰ শুনা ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হ’বলৈ ধৰিলে। প্ৰথম অৱস্থাত তেওঁ ভাবিছিল যে বিমান উদ্যোগত দীৰ্ঘদিন ধৰি কাম কৰাৰ বাবেই হয়তো তেওঁ ভালদৰে শুনিব পৰা নাই।

 ইয়াৰ উপৰি উইলিছে এইটোও অনুভৱ কৰিছিল যে যৌৱন কালত তেওঁ যেতিয়া ৰাগবি খেলিছিল তেতিয়া তেওঁৰ কাণত বিষ হৈছিল। হয়তো সেই কাৰণেই তেওঁৰ শুনাত অসুবিধা হৈছে। যেতিয়া সমস্যাটো বাঢ়ি গৈ থাকিল, তেতিয়া তেওঁ এণ্ড’স্ক’প কিট এটা কিনি ঘৰতে কাণখন পৰীক্ষা কৰাৰ সিদ্ধান্ত ল’লে। এই সময়তে তেওঁ গম পালে যে তেওঁৰ কাণত বগা বস্তু এটা আবদ্ধ হৈ আছে। এই কথা জানি তেওঁ অলপো সময় নষ্ট নকৰাকৈয়ে চিকিৎসকৰ সৈতে যোগাযোগ কৰে। ডাক্তৰে যেতিয়া সেই য়েৰবাডটো উলিয়াই আনিলে, তেতিয়া তেওঁ ভালদৰে শুনিবলৈ পৰা হ’ল। সুদীৰ্ঘ ৫ বছৰে তেওঁ য়েৰবাডটো কাণত আবদ্ধ হৈ আছিল আৰু শ্ৰৱণ সমস্যাৰো সন্মুখীন হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক