--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যদি আপুনিও য়েৰবাড ব্যৱহাৰ কৰে, তেন্তে এই খবৰটো নিশ্চয়কৈ পঢ়ক। য়েৰবাড বহু দিশত ভাল হ’লেও ইয়াৰ কিছু বিপদো আছে। বিপদটোও এনেকুৱা যে অলপ অসাৱধানতা হ’লেই ই আপোনাৰ বাবে গুৰুতৰ হ’ব পাৰে। আনকি আপোনাৰ শ্ৰৱণ ক্ষমতাও হেৰুওৱাব পাৰে। জানিব পৰা মতে ইংলেণ্ডৰ এজন ব্যক্তিৰ ক্ষেত্ৰতো এনে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। তেওঁ কেইবাদিনো ধৰি শ্ৰৱণ সমস্যাত ভুগিছিল, সেয়েহে তেওঁ চিকিৎসকৰ কাষ চাপে আৰু বহুতো পৰীক্ষা-নিৰীক্ষাৰ অন্তত ৰিপ’ৰ্ট দেখি হতভম্ব হৈ পৰে।

 ৰয়েল নেভিত কাম কৰা ইংলেণ্ডৰ উইলিছ লীয়ে ৫ বছৰ পূৰ্বে পৰিয়ালক লগ কৰিবলৈ অষ্ট্ৰেলিয়ালৈ গৈছিল। উৰণৰ সময়ত বিমানৰ শব্দৰ পৰা হাত সাৰিবলৈ তেওঁ কাণত য়েৰবাড ব্যৱহাৰ কৰিছিল। অষ্ট্ৰেলিয়া পাওঁতে কাণৰ পৰা য়েৰবাডটো আঁতৰাবলৈ পাহৰি থাকে। লাহে লাহে সেই য়েৰবাডটো তেওঁৰ কাণৰ ভিতৰত সোমাই পৰে। ইয়াৰ পাছত লাহে লাহে তেওঁৰ শুনা ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হ’বলৈ ধৰিলে। প্ৰথম অৱস্থাত তেওঁ ভাবিছিল যে বিমান উদ্যোগত দীৰ্ঘদিন ধৰি কাম কৰাৰ বাবেই হয়তো তেওঁ ভালদৰে শুনিব পৰা নাই।

 ইয়াৰ উপৰি উইলিছে এইটোও অনুভৱ কৰিছিল যে যৌৱন কালত তেওঁ যেতিয়া ৰাগবি খেলিছিল তেতিয়া তেওঁৰ কাণত বিষ হৈছিল। হয়তো সেই কাৰণেই তেওঁৰ শুনাত অসুবিধা হৈছে। যেতিয়া সমস্যাটো বাঢ়ি গৈ থাকিল, তেতিয়া তেওঁ এণ্ড’স্ক’প কিট এটা কিনি ঘৰতে কাণখন পৰীক্ষা কৰাৰ সিদ্ধান্ত ল’লে। এই সময়তে তেওঁ গম পালে যে তেওঁৰ কাণত বগা বস্তু এটা আবদ্ধ হৈ আছে। এই কথা জানি তেওঁ অলপো সময় নষ্ট নকৰাকৈয়ে চিকিৎসকৰ সৈতে যোগাযোগ কৰে। ডাক্তৰে যেতিয়া সেই য়েৰবাডটো উলিয়াই আনিলে, তেতিয়া তেওঁ ভালদৰে শুনিবলৈ পৰা হ’ল। সুদীৰ্ঘ ৫ বছৰে তেওঁ য়েৰবাডটো কাণত আবদ্ধ হৈ আছিল আৰু শ্ৰৱণ সমস্যাৰো সন্মুখীন হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই