--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিহাস ৰচনাৰ দিশে মিছ ইউনিভাৰ্ছ ২০২৩৷ মিছ ইউনিভাৰ্ছ ২০২৩ত ইতিহাসত প্ৰথমবাৰৰ বাবে কমেও দুগৰাকী তৃতীয়লিংগৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব। ৭২ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ট্ৰেন্সউমেন মেৰিনা মেচেটে( মিছ পৰ্তুগাল) আৰু ৰিকি কলে( মিছ নেদাৰলেণ্ড)য়ে আন প্ৰতিযোগীৰ সৈতে শ্ৰেষ্ঠত্বৰ দৌৰত অংশগ্ৰহণ কৰিব।

যদিহে মাচেটে বা কলেৰ দুয়োগৰাকীৰ কোনো এগৰাকী জয়ী হয় তেন্তে  মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধা প্ৰথমগৰাকী ট্ৰেন্সউমেন প্ৰতিযোগী হিচাপে ইতিহাসৰ সৃষ্টি কৰিব।মাচেটে তেওঁৰ জীৱনত এগৰাকী তৃতীয়লিংগৰ ব্যক্তি হিচাপে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত আলোকপাত কৰিছে আৰু তেওঁৰ পৰিয়ালে কেনেদৰে তেওঁৰ কাষত থিয় দিছে সেইবিষয়ে জানিবলৈ দিয়ে;মিছ নেদাৰলেণ্ড হোৱাৰ পূৰ্বে কলেই তেওঁৰ জীৱনত তৃতীয়লিংগ হিচাপে সন্মুখীন হোৱা সংগ্ৰামসমূহৰ ওপৰত আলোকপাত কৰিছিল।

উল্লেখযোগ্য যে মিছ ইউনিভাৰ্ছ অৰ্গেনাইজেশ্যনে ২০১২ চনত নিজৰ নিয়ম সলনি কৰি ট্ৰেন্স প্ৰতিযোগীসকলক প্ৰতিযোগিতাখনৰ অংশ হ’বলৈ অনুমতি দিছে৷ সংগঠনটোৱে নিয়মত বৈপ্লৱিক পৰিৱৰ্তন অনা কাৰ্য বিশ্বজুৰি আলোচিত হৈছে। কিছু বছৰৰ আগৰ দৰে বিবাহ বিচ্ছেদ হোৱা মহিলা, গৰ্ভৱতী মহিলা আৰু সন্তান থকা মহিলাক এতিয়া মিছ ইউনিভাৰ্ছৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিয়া হৈছে। খবৰ অনুসৰি ২০২৪ চনৰ পৰা বয়সৰ সীমাৰ মাপকাঠী আঁতৰাই বিশ্বৰ প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক মহিলাই মিছ ইউনিভাৰ্ছৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত