--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আমি প্ৰায়েই  বিভিন্ন বুদ্ধিজীৱী বা মনিষীৰ নামেৰে  ৰেল ষ্টেচনৰ নামকৰণ কৰা দেখি আহিছো। এই সকলো  ষ্টেচন, বিমানবন্দৰৰ পৰা ৰাস্তা, ষ্টেডিয়ামলৈকে প্ৰায়েই  নামাকৰণ কৰা পুৰুষৰ নামেৰে ৷ কিন্তু আপুনি জানি আচৰিত হ'ব যে পশ্চিমবংগত দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে 
এটা ৰে’ল ষ্টেচন নামাকৰণ কৰা হ’ল এগৰাকী মহিলাৰ নামেৰে৷ উক্ত ষ্টেচনটোৰ নাম  আমাৰ পশ্চিমবংগৰ  প্ৰথম মহিলা বিপ্লৱী গৰাকীৰ নামেৰে   নামাকৰণ কৰা হৈছে৷ 

এই বিশেষ ৰে’ল ষ্টেচনটো হৈছে বেলানগৰ। বেলানগৰ  হৈছে পশ্চিম বংগৰ হাওৰা-বৰ্ধমান কৰ্ড লাইনৰ এক গুৰুত্বপূৰ্ণ ষ্টেচন। ১৯৫৮ চনৰ ২৩ নৱেম্বৰত ভাৰতীয় ৰে’ল বিভাগৰ তদানীন্তন উপমন্ত্ৰী শ্বাহ নৱাজ খানে এই ষ্টেচনটো উদ্বোধন কৰে। এগৰাকী মহিলাৰ নামেৰে নামাকৰণ কৰা এইটো ভাৰতৰ প্ৰথম ষ্টেচন । এই নামাকৰণৰ আঁৰত থকা  মহান মহিলাৰ গৰাকীৰ বিষয়ে জানো আহক। 

এই মহান মহিলাগৰাকী হৈছে  নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভতিজী বেলা মিত্ৰ৷তেওঁ  ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে ওতঃপ্ৰোতভাৱে  জড়িত আছিল। দেশলৈ আগবঢ়োৱা মহান  অৱদানৰ বাবে ভাৰত চৰকাৰৰকি  তেওঁক সন্মান জনাবলৈ  বাবে এই ষ্টেচনটো  তেওঁৰ নামেৰে নামাকৰণ কৰিছে। 

অৱশ্যে, এজন স্বাধীনতা সংগ্ৰামী আৰু নেতাজীৰ ভতিজী হোৱাৰ উপৰিও, তেওঁৰ আন এটা পৰিচয় আছে। বেলা মিত্ৰ ৰাজ্যখনৰ প্ৰাক্তন বিত্ত মন্ত্ৰী অমিত মিত্ৰৰ মাতৃ। তেওঁৰ জন্ম ১৯২০ চনত ভাগলপুৰৰ মাতুলায়াত হৈছিল। সেই সময়ত তেওঁ ২৪ পৰগণা জিলাৰ কোডালিয়াৰ বাসিন্দা হৰিদাস মিত্ৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পিছত, তেওঁ ১৯৩৮ চনত নিজৰ প্ৰচেষ্টাত এক মহিলা সংগঠন স্থাপন কৰিছিল।

মাত্ৰ দুবছৰ পিছত, ১৯৪০ চনত, যেতিয়া নেতাজীয়ে কংগ্ৰেছৰ ৰামগড় অধিৱেশনৰ পৰা ওলাই আহিছিল আৰু আপোচ বিৰোধী সন্মিলনৰ আহ্বান জনাইছিল, তেতিয়া তেওঁ তেওঁৰ সৈতে যোগদান কৰিছিল। ১৯ বছৰ বয়সত বেলাদেৱীক এই সন্মিলনৰ মহিলা শাখাৰ সেনাপতিৰ দায়িত্ব দিয়া হয়। 

তাৰ পিছত ১৯৪৫ চনত হৰিদাসকে ধৰি মুঠ ২২ জন বিপ্লৱীয়ে  কাৰাবাস খাটিব লগীয়া হৈছিল।গোচৰৰ  বিচাৰ কৰি  তেওঁলোকক মৃত্যুদণ্ড দিয়া হৈছিল। সেই সময়ত, বেলাদৱীয়ে গান্ধীজীৰ শৰণাপন্ন হৈছিল  যাতে সকলো বিপ্লৱীৰে ফাঁচীৰ অনুমতি বাতিল হয়৷  বেলা মিত্ৰৰ অনুৰোধ ৰক্ষা কৰি গান্ধীজীয়ে চৰকাৰলৈ  চিঠি -পত্ৰৰ জৰিয়তে বন্দীসকলৰ মৃত্যুদণ্ড শিথিল কৰিবলৈ অনুৰোধ  জনাইছিল আৰু  সফলো হৈছিল। তেওঁ বহুতো গুৰুত্বপূৰ্ণ কামত অংশগ্ৰহণ কৰিছিল। বেলা মিত্ৰই গোটেই জীৱন প্ৰচাৰ বিমুখ হৈ কাম কৰিছিল৷  অৱশেষত ১৯৫২ চনৰ ৩১ জুলাইত ৩২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। পশ্চিমবংগ চৰকাৰে তেওঁলৈ আগবঢ়োৱা এই সন্মানে সমাজত তেওঁৰ আদৰ্শ  সদায় জীয়াই ৰাখিব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ