--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃ আৰু কন্যাৰ সম্পৰ্ক পৃথিৱীৰ এক অনন্য আৰু পবিত্ৰ সম্পৰ্ক৷প্ৰতিগৰাকী কন্যাই নিজৰ পিতৃৰ কষ্টক ন্যায় প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰে৷ পিতৃসকলেও নিজৰ সকলো সদগুণ কন্যাই লাভ কৰি সমাজৰ উত্তৰণৰ বাবে যাতে ব্যৱহাৰ কৰে তাৰ আশা মনত কঢ়িয়াই ফুৰে৷শেহতীয়াকৈ ভাৰতৰ ক্ৰীড়া জগততো পিতৃৰ পাছত কন্যাই লাভ কৰা সফলতাই দেশজুৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷

২০২৩ চনৰ এছিয়ান গেমছত ভাৰতৰ বাবে দেওবাৰটো এটা ভাল দিন হিচাপে পৰিগণিত হয়৷ বাতৰি প্ৰস্তুত কৰা সময়লৈকে টিম ইণ্ডিয়াই এটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক লাভ কৰিছে। শ্বুটিঙত ভাৰতে স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰে। মহিলাৰ দলীয় ইভেণ্ট ট্ৰেপত ভাৰতৰ ৰাজেশ্বৰী কুমাৰ, মনীষা কীৰ আৰু প্ৰীতি ৰজকে উজ্জ্বল প্ৰদৰ্শন কৰি ৰূপৰ পদক লাভ কৰে। আজি পদক লাভ কৰা ৰাজেশ্বৰী কুমাৰৰ পিতৃ ৰণধীৰ সিঙেও দেশৰ বাবে স্বৰ্ণ পদক লাভ কৰিছিল।

দৰাচলতে ৰণধীৰ সিং অলিম্পিক কাউন্সিল অৱ এছিয়াৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু তেওঁৰ কন্যা ৰাজেশ্বৰীয়ে এইবাৰ এছিয়ান গেমছ ২০২৩ত অংশগ্ৰহণ কৰিছে। ৰাজেশ্বৰীৰ পিতৃও চীনত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত ৰাজেশ্বৰীৰ লগত  গৈছে। এছিয়ান গেমছত শ্বুটিঙত সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় ৰনধীৰ সিং। তেওঁৰ কন্যায়েও এতিয়া পিতৃৰ পদাংক অনুসৰণ কৰিছে।

দেওবাৰে ভাৰতৰ হৈ শ্বুটিঙত ৰূপৰ পদক লাভ কৰে ৰাজেশ্বৰীয়ে। মহিলাৰ দলীয় ইভেণ্ট ট্ৰেপত ৰাজেশ্বৰী, মনীষা আৰু প্ৰীতিয়ে প্ৰদৰ্শন কৰি ৰূপৰ পদক লাভ কৰে।ইপিনে দেওবাৰে পুৰুষৰ দলটোৱে শ্বুটিঙত স্বৰ্ণ পদক লাভ কৰে টিম ইণ্ডিয়াই। পুৰুষৰ টিম ট্ৰেপ ইভেণ্টত চেনাই, পৃথ্বীৰাজ টণ্ডাইমান আৰু জোৰাৱাৰ সিঙে আকৰ্ষণীয় প্ৰদৰ্শনেৰে সোণৰ পদক লাভ কৰে।

উল্লেখ্য যে বৰ্তমান সময়লৈকে ভাৰতীয় খেলুৱৈয়ে মুঠ ৪১ টা পদক লাভ কৰিছে। ১১ টা স্বৰ্ণ, ১৬ টা ৰূপ আৰু ১৪ টা ব্ৰঞ্জৰ পদক। বৰ্তমান পদক তালিকাত চতুৰ্থ স্থানত আছে টিম ইণ্ডিয়া। এই তালিকাত চীন প্ৰথম স্থানত আছে। চীনৰ হাতত আছে ২২২টা পদক। চীনে ১১৬টা স্বৰ্ণ আৰু ৭০টা ৰূপৰ পদক লাভ কৰিছে।দক্ষিণ কোৰিয়াই ৩০টা স্বৰ্ণ, ৩২টা ৰূপ আৰু ৫৬টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। দক্ষিণ কোৰিয়াৰ হাতত আছে ১১৮টা পদক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক