--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশা কৰা ধৰণেই অসম কন্যা লাভলীনা বৰগোঁহাইয়ে চীনত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত পদক নিশ্চিত কৰিবলৈ সক্ষম হ’ল। মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং কোৱাৰ্টাৰ ফাইনেলত লাভলীনা বৰগোহাঁইয়ে দক্ষিণ কোৰিয়াৰ চুয়ন চেয়ংক ৫:০ ব্যৱধানত পৰাস্ত কৰি মহিলাৰ ৭৫ কিলোগ্ৰাম ইভেণ্টৰ ছেমিফাইনেলত স্থান দখল কৰিবলৈ সক্ষম হৈছে। 

 এনে জয়ৰ জড়িয়তে লাভলীনাই ভাৰতৰ বাবে এটা  পদকো নিশ্চিত কৰিলে। উল্লেখ্য লাভলীনাই এইবেলি চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত লাভলীনাই ভাৰতৰ জাতীয় পতাকা কঢ়িয়াই নিয়াৰ সৌভাগ্য লভিছিল। উল্লেখ্য লাভলীনাই প্ৰথম বাৰৰ বাবে ২০১৮ চনত ভাৰতক AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত প্ৰতিনিধিত্ব কৰিছিল।

 সেই প্ৰতিযোগিতাত লাভলীনাই   মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।২০২০ চনৰ মাৰ্চ মাহত লাভলীনাই উজবেকিস্তানৰ মফতুনাখন মেলিভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি টকিঅ অলিম্পিকৰ বাবে  নিৰ্বাচিত হৈছিল আৰু  টকিঅ' অলিম্পিকৰ ৬৯ কিলোগ্ৰাম ছেমিফাইনেল তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ সুৰমেনেলিৰ হাতত  পৰাজিত হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল।


ইপিনে শনিবাৰে ভাৰতৰ প্ৰীতি পাৱাৰে কাজাখস্তানৰ ঝাইনা শ্বেকাৰবেকোভাক ৪:১ পয়েণ্টত  পৰাস্ত কৰি মহিলা বক্সিঙৰ ৫৪ কিলোগ্ৰামৰ শাখাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰে।এই জয়ৰ জড়িয়তে  ১৯ বছৰীয়া পাৱাৰৰো পেৰিছ যাত্ৰা পথ সুগম হ’ল। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু