--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশা কৰা ধৰণেই অসম কন্যা লাভলীনা বৰগোঁহাইয়ে চীনত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত পদক নিশ্চিত কৰিবলৈ সক্ষম হ’ল। মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং কোৱাৰ্টাৰ ফাইনেলত লাভলীনা বৰগোহাঁইয়ে দক্ষিণ কোৰিয়াৰ চুয়ন চেয়ংক ৫:০ ব্যৱধানত পৰাস্ত কৰি মহিলাৰ ৭৫ কিলোগ্ৰাম ইভেণ্টৰ ছেমিফাইনেলত স্থান দখল কৰিবলৈ সক্ষম হৈছে। 

 এনে জয়ৰ জড়িয়তে লাভলীনাই ভাৰতৰ বাবে এটা  পদকো নিশ্চিত কৰিলে। উল্লেখ্য লাভলীনাই এইবেলি চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত লাভলীনাই ভাৰতৰ জাতীয় পতাকা কঢ়িয়াই নিয়াৰ সৌভাগ্য লভিছিল। উল্লেখ্য লাভলীনাই প্ৰথম বাৰৰ বাবে ২০১৮ চনত ভাৰতক AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত প্ৰতিনিধিত্ব কৰিছিল।

 সেই প্ৰতিযোগিতাত লাভলীনাই   মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।২০২০ চনৰ মাৰ্চ মাহত লাভলীনাই উজবেকিস্তানৰ মফতুনাখন মেলিভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি টকিঅ অলিম্পিকৰ বাবে  নিৰ্বাচিত হৈছিল আৰু  টকিঅ' অলিম্পিকৰ ৬৯ কিলোগ্ৰাম ছেমিফাইনেল তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ সুৰমেনেলিৰ হাতত  পৰাজিত হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল।


ইপিনে শনিবাৰে ভাৰতৰ প্ৰীতি পাৱাৰে কাজাখস্তানৰ ঝাইনা শ্বেকাৰবেকোভাক ৪:১ পয়েণ্টত  পৰাস্ত কৰি মহিলা বক্সিঙৰ ৫৪ কিলোগ্ৰামৰ শাখাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰে।এই জয়ৰ জড়িয়তে  ১৯ বছৰীয়া পাৱাৰৰো পেৰিছ যাত্ৰা পথ সুগম হ’ল। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement