--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
মানৱ জীৱনত বিবাহ যিমানেই গুৰুত্বপূৰ্ণ নহওঁক কিয়, ভোটদানৰ অধিকাৰতকৈ ই কেতিয়াও ডাঙৰ হ’ব নোৱাৰে৷শেহতীয়াকৈ ভোটাধিকাৰৰ গুৰুত্ব প্ৰমাণ কৰিলে গুজৰাটৰ এজন যুৱকে৷ ভোট দিয়াৰ বাবেই বিবাহ স্থগিত ৰাখিলে গুজৰাটৰ প্ৰফুল্লভাইয়ে৷ 
 
পূৰ্ব নিৰ্ধাৰিত সময় মতে, বৃহস্পতিবাৰে ৰাতিপুৱা তেওঁ  মহাৰাষ্ট্ৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। কিন্তু যেতিয়া নিৰ্বাচন আয়োগে গুজৰাট নিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰিছিল, দেখা গৈছিল যে তেওঁৰ বিবাহৰ দিনা গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

প্ৰফুল্লভাইয়ে তেওঁৰ ভোট অপচয় হোৱাটো প্ৰতিহত কৰিবলৈ যথেষ্ট  ত্যাগ কৰিছিল। তেওঁ কৈছিল যে,  তেওঁ বৃহস্পতিবাৰে ৰাতিপুৱা মহাৰাষ্ট্ৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। কিন্তু যেতিয়া নিৰ্বাচন আয়োগে গুজৰাটনিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰিছিল, দেখা গৈছিল যে তেওঁৰ বিবাহৰ দিনা গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেয়ে তেওঁ ভোট দিবলৈকে  বুলি পূৰ্ব নিৰ্ধাৰিত বিবাহ অনুষ্ঠান স্থগিত ৰাখিছিল।

বৃহস্পতিবাৰে ৰাতিপুৱা, প্ৰফুল্লভাই দৰাৰ পোছাক পিন্ধি ভোট দিবলৈ আহিছিল। কুৰ্তা-পায়জামা পিন্ধি, মুখত হালধীয়া কোট পিন্ধি, তেওঁ সকলোৰে সৈতে শাৰীত থিয় হৈ ভোট দিছিল। প্ৰফুল্লভাই গুজৰাটৰ তাপী জিলাৰ এজন ভোটাৰ। ৰাজ্যখনৰ ১৯ খন জিলাত বৃহস্পতিবাৰে ভোট গ্ৰহণ অনুষ্ঠিত হৈছে। ভোট দান কৰি সুখী হৈ প্ৰফুল্লভাইয়ে কয় যে, তেওঁ বৃহস্পতিবাৰে আবেলি মহাৰাষ্ট্ৰলৈ উৰা মাৰিব। তেওঁ সন্ধিয়া বিয়া পাতিব।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ত গুজৰাটৰ ৮৯ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব। ফলাফল ৮ ডিচেম্বৰত ঘোষণা কৰা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে