--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
মানৱ জীৱনত বিবাহ যিমানেই গুৰুত্বপূৰ্ণ নহওঁক কিয়, ভোটদানৰ অধিকাৰতকৈ ই কেতিয়াও ডাঙৰ হ’ব নোৱাৰে৷শেহতীয়াকৈ ভোটাধিকাৰৰ গুৰুত্ব প্ৰমাণ কৰিলে গুজৰাটৰ এজন যুৱকে৷ ভোট দিয়াৰ বাবেই বিবাহ স্থগিত ৰাখিলে গুজৰাটৰ প্ৰফুল্লভাইয়ে৷ 
 
পূৰ্ব নিৰ্ধাৰিত সময় মতে, বৃহস্পতিবাৰে ৰাতিপুৱা তেওঁ  মহাৰাষ্ট্ৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। কিন্তু যেতিয়া নিৰ্বাচন আয়োগে গুজৰাট নিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰিছিল, দেখা গৈছিল যে তেওঁৰ বিবাহৰ দিনা গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

প্ৰফুল্লভাইয়ে তেওঁৰ ভোট অপচয় হোৱাটো প্ৰতিহত কৰিবলৈ যথেষ্ট  ত্যাগ কৰিছিল। তেওঁ কৈছিল যে,  তেওঁ বৃহস্পতিবাৰে ৰাতিপুৱা মহাৰাষ্ট্ৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। কিন্তু যেতিয়া নিৰ্বাচন আয়োগে গুজৰাটনিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰিছিল, দেখা গৈছিল যে তেওঁৰ বিবাহৰ দিনা গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেয়ে তেওঁ ভোট দিবলৈকে  বুলি পূৰ্ব নিৰ্ধাৰিত বিবাহ অনুষ্ঠান স্থগিত ৰাখিছিল।

বৃহস্পতিবাৰে ৰাতিপুৱা, প্ৰফুল্লভাই দৰাৰ পোছাক পিন্ধি ভোট দিবলৈ আহিছিল। কুৰ্তা-পায়জামা পিন্ধি, মুখত হালধীয়া কোট পিন্ধি, তেওঁ সকলোৰে সৈতে শাৰীত থিয় হৈ ভোট দিছিল। প্ৰফুল্লভাই গুজৰাটৰ তাপী জিলাৰ এজন ভোটাৰ। ৰাজ্যখনৰ ১৯ খন জিলাত বৃহস্পতিবাৰে ভোট গ্ৰহণ অনুষ্ঠিত হৈছে। ভোট দান কৰি সুখী হৈ প্ৰফুল্লভাইয়ে কয় যে, তেওঁ বৃহস্পতিবাৰে আবেলি মহাৰাষ্ট্ৰলৈ উৰা মাৰিব। তেওঁ সন্ধিয়া বিয়া পাতিব।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ত গুজৰাটৰ ৮৯ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব। ফলাফল ৮ ডিচেম্বৰত ঘোষণা কৰা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক