--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসংক্ৰামক ৰোগ যেনে কৰ্কট, মধুমেহ আদিয়ে  প্ৰতি ২ ছেকেণ্ডত বিশ্বত প্ৰাণ  কাঢ়ি নিছে এজনকৈ লোকৰ। এই ভয়াৱহ তথ্য প্ৰকাশ কৰিছে বিশ্বৰ স্বাস্থ্য সংস্থাই। বিশ্বৰ মুঠ  ১৯৪ খন দেশৰ পৰা অসংক্ৰামক ৰোগৰ তথ্য বিশ্লেষণ কৰি  বিশ্বৰ স্বাস্থ্য সংস্থাই আজি এখন প্ৰতিবেদন প্ৰকাশ কৰিছে। 

 অসংক্ৰামক ৰোগবোৰ এতিয়া বিশ্বৰ বহু লোকৰ বাবে  মৃত্যুৰ মুখ্য কাৰণ হৈ পৰিছে। ইয়াৰে দহটা মৃত্যুৰ ঘটনাৰ ভিতৰত ভিতৰত প্ৰায় নটা নিম্ন আৰু মধ্য আয়ৰ দেশত হয়। এইবোৰ হৈছে এনে ৰোগ যাৰ এটা কোনো নিৰ্দিষ্ট  কাৰণ নাই, দীৰ্ঘম্যাদী স্বাস্থ্যৰ অৱনতিৰ কথাটো এনে ৰোগৰ সৈতে জৰিত হৈ থাকে  আৰু অসংক্ৰামক ৰোগৰ ক্ষেত্ৰত  প্ৰয়োজন হয় দীৰ্ঘম্যাদী  চিকিৎসা আৰু যত্নৰ। 

এনে ৰোগসমূহৰ  ভিতৰত আছে কৰ্কট ৰোগ, মৃগীৰোগ, কাৰ্ডিওভাস্কুলাৰ ৰোগ, অষ্টিওআৰ্থ্ৰাইটিছ, ডায়েবেটিচ আৰু আন বহু ৰোগ। ইয়াৰে বহু ৰোগ সাধাৰণ বিপদাশংকাৰ কাৰক যেনে সুৰাপান, ধপাত সেৱন, শাৰীৰিক নিষ্ক্ৰিয়তা, আৰু অস্বাস্থ্যকৰ আহাৰ খোৱাৰ ফলত হয়। আন বহু ৰোগ  যেনে মানসিক ৰোগ, এনচিডি আদিকো অসংক্ৰামক ৰোগৰ ভিতৰতে ধৰা হয়।

কাৰ্ডিওভাস্কুলাৰ ৰোগ, ডায়েবেটিচ,  হাঁওফাঁওৰ ৰোগ আৰু কৰ্কট ৰোগৰ দৰে অসংক্ৰামক ৰোগ বোৰ বিশ্বৰ শীৰ্ষ নীৰৱ হত্যাকাৰীৰ ভিতৰত অন্যতম। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি বৰ্ধিত অসংক্ৰামক ৰোগৰ কাৰণবোৰ হৈছে সামাজিক, পাৰিপাৰ্শ্বিক, বাণিজ্যিক আৰু আনুবংশিক কাৰক।

 কৰ্কট ৰোগৰ ফলত প্ৰতি ছয়জনৰ ভিতৰত এজন লোকৰ মৃত্যু হয় বুলি স্বাস্থ্য সংস্থাটোৱে কৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে অসংক্ৰামক ৰোগৰ (এনচিডি) বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা লবলৈ বিশ্বৰ দেশসমূহক আহ্বান জনাইছে।তেওঁ কয় যে এনে ৰোগৰ ফলত  ফলত প্ৰতি বছৰে ১৭  নিযুত লোকৰ অকাল মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ