--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসংক্ৰামক ৰোগ যেনে কৰ্কট, মধুমেহ আদিয়ে  প্ৰতি ২ ছেকেণ্ডত বিশ্বত প্ৰাণ  কাঢ়ি নিছে এজনকৈ লোকৰ। এই ভয়াৱহ তথ্য প্ৰকাশ কৰিছে বিশ্বৰ স্বাস্থ্য সংস্থাই। বিশ্বৰ মুঠ  ১৯৪ খন দেশৰ পৰা অসংক্ৰামক ৰোগৰ তথ্য বিশ্লেষণ কৰি  বিশ্বৰ স্বাস্থ্য সংস্থাই আজি এখন প্ৰতিবেদন প্ৰকাশ কৰিছে। 

 অসংক্ৰামক ৰোগবোৰ এতিয়া বিশ্বৰ বহু লোকৰ বাবে  মৃত্যুৰ মুখ্য কাৰণ হৈ পৰিছে। ইয়াৰে দহটা মৃত্যুৰ ঘটনাৰ ভিতৰত ভিতৰত প্ৰায় নটা নিম্ন আৰু মধ্য আয়ৰ দেশত হয়। এইবোৰ হৈছে এনে ৰোগ যাৰ এটা কোনো নিৰ্দিষ্ট  কাৰণ নাই, দীৰ্ঘম্যাদী স্বাস্থ্যৰ অৱনতিৰ কথাটো এনে ৰোগৰ সৈতে জৰিত হৈ থাকে  আৰু অসংক্ৰামক ৰোগৰ ক্ষেত্ৰত  প্ৰয়োজন হয় দীৰ্ঘম্যাদী  চিকিৎসা আৰু যত্নৰ। 

এনে ৰোগসমূহৰ  ভিতৰত আছে কৰ্কট ৰোগ, মৃগীৰোগ, কাৰ্ডিওভাস্কুলাৰ ৰোগ, অষ্টিওআৰ্থ্ৰাইটিছ, ডায়েবেটিচ আৰু আন বহু ৰোগ। ইয়াৰে বহু ৰোগ সাধাৰণ বিপদাশংকাৰ কাৰক যেনে সুৰাপান, ধপাত সেৱন, শাৰীৰিক নিষ্ক্ৰিয়তা, আৰু অস্বাস্থ্যকৰ আহাৰ খোৱাৰ ফলত হয়। আন বহু ৰোগ  যেনে মানসিক ৰোগ, এনচিডি আদিকো অসংক্ৰামক ৰোগৰ ভিতৰতে ধৰা হয়।

কাৰ্ডিওভাস্কুলাৰ ৰোগ, ডায়েবেটিচ,  হাঁওফাঁওৰ ৰোগ আৰু কৰ্কট ৰোগৰ দৰে অসংক্ৰামক ৰোগ বোৰ বিশ্বৰ শীৰ্ষ নীৰৱ হত্যাকাৰীৰ ভিতৰত অন্যতম। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি বৰ্ধিত অসংক্ৰামক ৰোগৰ কাৰণবোৰ হৈছে সামাজিক, পাৰিপাৰ্শ্বিক, বাণিজ্যিক আৰু আনুবংশিক কাৰক।

 কৰ্কট ৰোগৰ ফলত প্ৰতি ছয়জনৰ ভিতৰত এজন লোকৰ মৃত্যু হয় বুলি স্বাস্থ্য সংস্থাটোৱে কৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে অসংক্ৰামক ৰোগৰ (এনচিডি) বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা লবলৈ বিশ্বৰ দেশসমূহক আহ্বান জনাইছে।তেওঁ কয় যে এনে ৰোগৰ ফলত  ফলত প্ৰতি বছৰে ১৭  নিযুত লোকৰ অকাল মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু