--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাৰীদেহত সৃষ্টি হোৱা কিছু ৰোগে নাৰীৰ প্ৰজনন প্ৰক্ৰিয়াৰ লগত জড়িত অংগবিশেষ যেনে-অ’ভাৰী (ডিম্বাশয়), ইউটেৰাছ (জৰায়ু) আদিক আক্ৰান্ত কৰে। এনেদৰে হোৱা ভিন্ন ৰোগে মহিলাৰ দেহত বহু সমস্যাৰ সৃষ্টি কৰে। গৰ্ভধাৰণ কৰাৰ ক্ষমতাৰ পৰা আৰম্ভ কৰি মাহেকীয়া হোৱাৰ প্ৰক্ৰিয়াত খেলিমেলিৰ সৃষ্টি হোৱা আদি নানান সমস্যাই দেখা দিয়ে। এনে এটা সমস্যাই হৈছে PCOD বা ডিম্বাশয়ত সৃষ্টি হোৱা চিষ্ট।

PCODয়ে ডিম্বাশয়ত কিছুমান অপ্ৰয়োজনীয় কোষৰ সৃষ্টি কিদৰে কৰে? এগৰাকী প্ৰজননক্ষম নাৰীৰ ডিম্বাশয়ে কি কৰে? ২৮দিন বা এমাহৰ ভিতৰত প্ৰস্তুত হোৱা এই পূৰঠ ডিম্বাণু শুক্ৰাণুৰ সৈতে মিলিত নহয় তেতিয়াই ই ডিম্বাণু জৰায়ুৰ পাতলীয়া তৰপেৰে ওলাই আহে। ইয়াকেই মাহেকীয়া হোৱা বুলি কোৱা হয়। মাহেকীয়াৰ ৰক্তস্ৰাৱত ডিম্বাণুৰ লগতে কিছু তেজো মিহলি হৈ থাকে।

স্মৰ্তব্য যে কিছু কিছু কাৰণত ডিম্বাশয়ে ডিম্বাণু প্ৰস্তুত কৰিব নোৱাৰা হয়। অৰ্থাৎ অপৈণত বা আংশিকভাৱে পৈণত ডিম্বাণুহে সৃষ্টি কৰিবলৈ ধৰে, তাকো বৃহৎ পৰিমাণত। এনেদৰে সৃষ্টি হোৱা ডিম্বাণুকে অভাৰী বা ডিম্বাশয়ত চিষ্ট বোলে। এই চিষ্টৰ ফলত ডিম্বাশয় আকাৰত ডাঙৰ হৈ পৰে আৰু এনড্ৰ’জেনছ নামৰ যিবিধ হ’ৰমন পুৰুষৰ দেহত উৎপন্ন হয়, সেইবিধ হ’ৰমন নাৰীদেহত উৎপন্ন হ’বলৈ ধৰে। সমগ্ৰ বিশ্বৰ প্ৰায় ১০% নাৰীয়েই এই চিষ্টৰ সমস্যাত আক্ৰান্ত হয় আৰু এই পৰিসংখ্যা লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছে। এনে নহয় যে PCODত আক্ৰান্ত নাৰী এগৰাকীয়ে গৰ্ভধাৰণ কৰিব নোৱাৰে, তাৰ বিপৰীতে গৰ্ভধাৰণত জটিলতাৰ সৃষ্টি হয়।

আনহাতে ডিম্বাশয়ৰ এই বিসংগতিৰ প্ৰকৃত কাৰণৰ বিষয়ে স্পষ্টকৈ জনা নাযায়, তথাপি এনে কিছু কাৰক আছে-যিবোৰক PCODৰ সৃষ্টি হোৱাৰ চিকিৎসা-বিজ্ঞানসন্মত কাৰণ বুলি ধৰা হয়। যিবোৰ হ’ৰমনে আচলতে প্ৰজননত সহায় কৰে৷ যেনে-ইষ্ট্ৰ’জেন, প্ৰজেষ্ট্ৰ’ৰেন আদিবোৰ হ’ৰমনৰ উৎপাদন দেহত হ্ৰাস পাবলৈ ধৰে, যাৰ ফলত ডিম্বাশয়ে পূৰঠ ডিম্বাণু প্ৰস্তুত কৰিবলৈ সক্ষম নহয়। নাৰীদেহত অত্যধিক মাত্ৰাত অগ্নাশয়ৰ পৰা ইনচুলিন নামৰ হ’ৰমনবিধ নিঃসৰিত হ’লে অত্যধিক মাত্ৰাত পুৰুষ হ’ৰমন (এনড্ৰ’জেনছ) উৎপন্ন হ’লে, নিম্ন মাত্ৰাত দেহত হৈ থকা প্ৰদাহৰ বাবে অনিয়মিত জীৱনশৈলী, প্ৰদূষণো PCODৰ কাৰণ হ’ব পাৰে। এই সমস্যাৰ কিছুমান লক্ষণৰ বিষয়ে জানো আহক।

১. মাহেকীয়া খেলিমেলি হোৱা বা নিৰ্ধাৰিত সময়তকৈ পলমকৈ হোৱা।

২. মাহেকীয়া নোহোৱাকৈ থকা

৩. অত্যধিক ৰক্তক্ষৰণ হোৱা

৪. মুখ, পিঠি, পেট আৰু বুকু আদি কৰি, শৰীৰৰ বিভিন্ন অংশত অত্যধিক নোম গজা

৬. ওজন বৃদ্ধি পোৱা

৭. মূৰৰ চুলি পাতল হ’বলৈ ধৰা

৮. শৰীৰৰ বিভিন্ন অংশত ছাল ক’লা পৰা ইত্যাদি।

উপৰোক্ত লক্ষণসমূহ আপোনাৰ দেহত দেখা দিলে অনতিপলমে এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ কাষ চাপক। যাৱতীয় পৰীক্ষা আদি কৰিবলৈ পৰামৰ্শ দিব। সাধাৰণতে তেজৰ পৰীক্ষা আৰু আলট্ৰাচ’ন’গ্ৰাফীৰ যোগেদিয়েই PCOD ধৰা পেলাব পাৰি। ইয়াৰ লগত জড়িত কিছুমান আনুষংগিক ৰোগে দেখা দিয়ে। এনে কেইবিধমান ৰোগ হৈছে—

১. প্ৰস্ৰাৱদ্বাৰেৰে হোৱা অস্বাভাৱিক ৰক্তস্ৰাৱ

২. সন্তানহীনতা

৩. টাইপ-২ ডায়েবেটিছ বা মধুমেহ ৰোগ,

৪. অসময়ত হোৱা প্ৰসৱ বেদনা আৰু ফলত অপৈণতৰূপে বা পূৰ্ণাঙ্গ ৰূপ পোৱাৰ পূৰ্বেই জন্ম হোৱা শিশু

৫. উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু ষ্ট্ৰোক আদিৰ সম্ভাৱনা বৃদ্ধি পোৱা

৬. ডিপ্ৰেছন, মানসিক ৰোগ

৭. শ্লীপ এপিনা ইত্যাদি।

PCODক আচলতে এক ৰোগ বুলি ক’ব নোৱাৰি, দেহৰ বিভিন্ন ৰোগ বা সমস্যাৰ ফলত সৃষ্ট এক জটিলতাহে। শাৰীৰিক পৰিশ্ৰম, আসন, খোজকঢ়া, পৰিমিত আৰু সুষম আহাৰ খাব লাগে। এই সমস্যাক লৈ চিন্তিত হোৱাৰ কাৰণ নাই নিৰ্দ্দিষ্ট সময়ত বিভাগীয় চিকিৎসকৰ পৰামৰ্শ ল’লেই উপকৃত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement