--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিবাদী মল্লযুঁজাৰুসকলক গুলীচালনাৰ ভাবুকি প্ৰদান কৰিছে এগৰাকী অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াই। প্ৰাক্তন বিষয়াগৰাকীয়ে এক টুইট যোগে প্ৰতিবাদী মল্লযুঁজাৰুসকলক প্ৰয়োজন হ’লে গুলীচালনা কৰা হ’ব বুলি উল্লেখ কৰিছে। তেওঁৰ মন্তব্য অনুসৰি, এতিয়া মল্লযুঁজাৰুসকলক আৱৰ্জনাৰ দৰে কেৱল ঠেলি নিয়া হৈছে। কিন্তু প্ৰয়োজন হ’লে গুলীচালনা কৰা হ’ব।

তেওঁ টুইটটোত লগতে কয় যে, ধাৰা ১২৯- এ আৰক্ষীক গুলী চালনাৰ ক্ষমতা প্ৰদান কৰে। যদি পৰিস্থিতিয়ে দাবী কৰে, তেন্তে সেই ইচ্ছা পূৰণ হ’ব। ইয়াৰোপৰি তেওঁ মৰণোত্তৰ পৰীক্ষাৰ মেজত পুনৰ লগ হ’ব বুলি এক আশ্চৰ্যকৰ মন্তব্যও টুইটটোত সংলগ্ন কৰে।

ড০ এন চি আস্থানা নামৰ এই অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াগৰাকীৰ টুইটৰ পিছতে অলিম্পিক ব্ৰঞ্জ জয়ী বজৰং পুনিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিষয়াগৰাকীৰ গুলীৰ সন্মুখীন হোৱাৰ বাবে কোন স্থানলৈ যাব লাগিব, সেই বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে দেওবাৰে প্ৰতিবাদৰ সময়ত দেশৰ আগশাৰীৰ তাৰকা মল্লযুঁজাৰু তথা অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক আৰু ৱিনেশ ফ’গাটকে ধৰি কেইবাগৰাকীও খেলুৱৈক দিল্লী আৰক্ষীয়ে দমনমূলকভাৱে আটক কৰি ৰখা দৃশ্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এনে সময়তে অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াগৰাকীৰ ভাবুকিয়ে আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাক্তন বিষয়াগৰাকীৰ টুইটৰ উত্তৰত পুনিয়াই কয়, “এই আইপিএছ বিষয়াগৰাকীয়ে আমাক গুলীয়াই হত্যা কৰাৰ কথা কৈছে। আমি আপোনাৰ সন্মুখত আছোঁ, আমি কোন স্থানলৈ যাব লাগিব কওঁক। শপত খাই কৈছো আমি ঘূৰি নাহো, বুকুত আপোনাৰ গুলীৰ পাতি লম।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে