--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিবাদী মল্লযুঁজাৰুসকলক গুলীচালনাৰ ভাবুকি প্ৰদান কৰিছে এগৰাকী অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াই। প্ৰাক্তন বিষয়াগৰাকীয়ে এক টুইট যোগে প্ৰতিবাদী মল্লযুঁজাৰুসকলক প্ৰয়োজন হ’লে গুলীচালনা কৰা হ’ব বুলি উল্লেখ কৰিছে। তেওঁৰ মন্তব্য অনুসৰি, এতিয়া মল্লযুঁজাৰুসকলক আৱৰ্জনাৰ দৰে কেৱল ঠেলি নিয়া হৈছে। কিন্তু প্ৰয়োজন হ’লে গুলীচালনা কৰা হ’ব।

তেওঁ টুইটটোত লগতে কয় যে, ধাৰা ১২৯- এ আৰক্ষীক গুলী চালনাৰ ক্ষমতা প্ৰদান কৰে। যদি পৰিস্থিতিয়ে দাবী কৰে, তেন্তে সেই ইচ্ছা পূৰণ হ’ব। ইয়াৰোপৰি তেওঁ মৰণোত্তৰ পৰীক্ষাৰ মেজত পুনৰ লগ হ’ব বুলি এক আশ্চৰ্যকৰ মন্তব্যও টুইটটোত সংলগ্ন কৰে।

ড০ এন চি আস্থানা নামৰ এই অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াগৰাকীৰ টুইটৰ পিছতে অলিম্পিক ব্ৰঞ্জ জয়ী বজৰং পুনিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিষয়াগৰাকীৰ গুলীৰ সন্মুখীন হোৱাৰ বাবে কোন স্থানলৈ যাব লাগিব, সেই বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে দেওবাৰে প্ৰতিবাদৰ সময়ত দেশৰ আগশাৰীৰ তাৰকা মল্লযুঁজাৰু তথা অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক আৰু ৱিনেশ ফ’গাটকে ধৰি কেইবাগৰাকীও খেলুৱৈক দিল্লী আৰক্ষীয়ে দমনমূলকভাৱে আটক কৰি ৰখা দৃশ্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এনে সময়তে অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াগৰাকীৰ ভাবুকিয়ে আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাক্তন বিষয়াগৰাকীৰ টুইটৰ উত্তৰত পুনিয়াই কয়, “এই আইপিএছ বিষয়াগৰাকীয়ে আমাক গুলীয়াই হত্যা কৰাৰ কথা কৈছে। আমি আপোনাৰ সন্মুখত আছোঁ, আমি কোন স্থানলৈ যাব লাগিব কওঁক। শপত খাই কৈছো আমি ঘূৰি নাহো, বুকুত আপোনাৰ গুলীৰ পাতি লম।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু