--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ আইপিএলৰ খেলত এক অভাৰৰ পাঁচটা বলত পাঁচটা ছয় মাৰি নজিৰ গঢ়া ৰিংকু সিঙৰ বিয়া৷ বিয়ালৈ ৰিংকুৱে নিমন্ত্ৰণ দিবলগীয়া হৈছে  বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানকো৷ কেকেআৰৰ মালিক শ্বাহৰুখ খান ৰিংকু সিঙৰ প্ৰদৰ্শনত বাৰুকৈয়ে সুখী৷ ৰিংকুৰ প্ৰদৰ্শনত  বলীউডৰ তাৰকাগৰাকী ইমানেই উৎসাহিত যে তেওঁ নিজেই ৰিংকুৰ বিয়ালৈ যাবলৈ মন কৰিছে৷  

নিজৰ বিয়ালৈ  শ্বাহৰুখক নিমন্ত্ৰণ জনাবলৈ পাই ৰিংকুও  সুখী হৈ পৰিছে৷ শ্বাহৰুখ খানে ৰিংকুৰ বিয়াত আনকি  নৃত্যও কৰিব বুলি ঘোষণা কৰিছে৷  কলকাতা নাইট ৰাইডাৰ্ছৰ ক্ৰিকেটাৰ ৰিংকুৰ  বিয়াত নৃত্য শ্বাহৰুখে নৃত্য কৰিব বুলি জানিব পাৰি ৰিংকুৰ হিয়া এতিয়া গৰ্বত উথলি উঠিছে৷ৰিংকু সিঙে ইডেনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ইনিংছ খেলিছিল। তেওঁ খেলখনৰ অন্তিম পাঁচটা বলত একেৰাহে পাঁচটা ছয় মাৰি কেকেআৰক আহমেদাবাদত গুজৰাট টাইটানছৰ বিৰুদ্ধে নিশ্চিত জয়লাভত সহায় কৰিছিল। 

এই বছৰৰ আই পি এলত ৰিংকু ভাল ছন্দত আছে। শ্বাহৰুখও তেওঁৰ খেলত সুখী৷  বলীউডৰ বাদশ্বাহ ইমানেই সুখী  হৈছে যে তেওঁ ৰিংকুৰ বিয়াত নাচিব বুলি প্ৰতিশ্ৰুতি দিছে। এই সন্দৰ্ভত ৰিংকুৱে কয় "ছাৰে (শ্বাহৰুখ) গুজৰাটৰ খেলৰ পিছত মোক ফোন কৰিছিল। তেওঁ মোৰ বিয়াৰ বিষয়ে সুধিছিল।’’ শ্বাহৰুখে কৈছিল, "বহুলোকে মোক বিয়ালৈ যাবলৈ অনুৰোধ কৰিছিল। মই ক'লৈও যোৱা নাই। কিন্তু মই তোমাৰ বিয়াত নাচিম। ''

ৰিংকুৱে ২০১৮ চনৰ পৰা কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলি আছে। উত্তৰ প্ৰদেশৰ ক্ৰিকেটাৰজন এটা দৰিদ্ৰ পৰিয়ালৰ পৰা অহা৷  কিন্তু শ্বাহৰুখ খানে ৰিংকুৰ বিয়াত নাচিম বুলি কৈছে যদিও এতিয়ালৈকে ৰিংকুৰ কইনাই ঠিক হোৱা নাই৷ শ্বাহৰুখে মাথো আগতীয়াকৈ ৰিংকুৰ পৰা বিয়াৰ আমন্ত্ৰণ গ্ৰহণ কৰি ৰিংকুৰ বিয়াত নাচিম বুলি কথা দিছে৷ সকলোৰে আশা ৰিংকুৰ কইনা শীঘ্ৰে ঠিক হ’ব আৰু শ্বাহৰুখেও তেওঁৰ বিয়াত নৃত্য কৰাৰ আশা পূৰণ কৰিব পাৰিব৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন