--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ আইপিএলৰ খেলত এক অভাৰৰ পাঁচটা বলত পাঁচটা ছয় মাৰি নজিৰ গঢ়া ৰিংকু সিঙৰ বিয়া৷ বিয়ালৈ ৰিংকুৱে নিমন্ত্ৰণ দিবলগীয়া হৈছে  বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানকো৷ কেকেআৰৰ মালিক শ্বাহৰুখ খান ৰিংকু সিঙৰ প্ৰদৰ্শনত বাৰুকৈয়ে সুখী৷ ৰিংকুৰ প্ৰদৰ্শনত  বলীউডৰ তাৰকাগৰাকী ইমানেই উৎসাহিত যে তেওঁ নিজেই ৰিংকুৰ বিয়ালৈ যাবলৈ মন কৰিছে৷  

নিজৰ বিয়ালৈ  শ্বাহৰুখক নিমন্ত্ৰণ জনাবলৈ পাই ৰিংকুও  সুখী হৈ পৰিছে৷ শ্বাহৰুখ খানে ৰিংকুৰ বিয়াত আনকি  নৃত্যও কৰিব বুলি ঘোষণা কৰিছে৷  কলকাতা নাইট ৰাইডাৰ্ছৰ ক্ৰিকেটাৰ ৰিংকুৰ  বিয়াত নৃত্য শ্বাহৰুখে নৃত্য কৰিব বুলি জানিব পাৰি ৰিংকুৰ হিয়া এতিয়া গৰ্বত উথলি উঠিছে৷ৰিংকু সিঙে ইডেনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ইনিংছ খেলিছিল। তেওঁ খেলখনৰ অন্তিম পাঁচটা বলত একেৰাহে পাঁচটা ছয় মাৰি কেকেআৰক আহমেদাবাদত গুজৰাট টাইটানছৰ বিৰুদ্ধে নিশ্চিত জয়লাভত সহায় কৰিছিল। 

এই বছৰৰ আই পি এলত ৰিংকু ভাল ছন্দত আছে। শ্বাহৰুখও তেওঁৰ খেলত সুখী৷  বলীউডৰ বাদশ্বাহ ইমানেই সুখী  হৈছে যে তেওঁ ৰিংকুৰ বিয়াত নাচিব বুলি প্ৰতিশ্ৰুতি দিছে। এই সন্দৰ্ভত ৰিংকুৱে কয় "ছাৰে (শ্বাহৰুখ) গুজৰাটৰ খেলৰ পিছত মোক ফোন কৰিছিল। তেওঁ মোৰ বিয়াৰ বিষয়ে সুধিছিল।’’ শ্বাহৰুখে কৈছিল, "বহুলোকে মোক বিয়ালৈ যাবলৈ অনুৰোধ কৰিছিল। মই ক'লৈও যোৱা নাই। কিন্তু মই তোমাৰ বিয়াত নাচিম। ''

ৰিংকুৱে ২০১৮ চনৰ পৰা কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলি আছে। উত্তৰ প্ৰদেশৰ ক্ৰিকেটাৰজন এটা দৰিদ্ৰ পৰিয়ালৰ পৰা অহা৷  কিন্তু শ্বাহৰুখ খানে ৰিংকুৰ বিয়াত নাচিম বুলি কৈছে যদিও এতিয়ালৈকে ৰিংকুৰ কইনাই ঠিক হোৱা নাই৷ শ্বাহৰুখে মাথো আগতীয়াকৈ ৰিংকুৰ পৰা বিয়াৰ আমন্ত্ৰণ গ্ৰহণ কৰি ৰিংকুৰ বিয়াত নাচিম বুলি কথা দিছে৷ সকলোৰে আশা ৰিংকুৰ কইনা শীঘ্ৰে ঠিক হ’ব আৰু শ্বাহৰুখেও তেওঁৰ বিয়াত নৃত্য কৰাৰ আশা পূৰণ কৰিব পাৰিব৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ