--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংঘৰ্ষমুখৰ হৈ পৰিছে ইউৰোপৰ অন্যতম শক্তি ফ্ৰান্স। দেশখনত শেহতীয়াকৈ চৰ্চাত থকা পেঞ্চন সংস্কাৰ বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যষ্ট হৈছে। প্ৰতিবাদকাৰীৰ সৈতে হোৱা সংঘৰ্ষত শতাধিক আৰক্ষীও আহত হৈছে।

সোমবাৰে মে’ দিৱসৰ দিনা সমগ্ৰ দেশতে বিক্ষোভৰ আয়োজন কৰা হয়। এই দিনটোত সমগ্ৰ ফ্ৰান্সত সংঘটিত হোৱা সংঘৰ্ষৰ ঘটনাত ইমান বৃহৎ সংখ্যক লোক আহত হয়।

তদুপৰি, প্ৰতিবাদৰ সময়ত ব্যাপক হিংসা সংঘটিত হয় আৰু প্ৰায় ৩০০ লোকক গ্ৰেপ্তাৰ কৰা হয়। মঙলবাৰে বিবিচিৰ বাতৰিত এই তথ্য প্ৰকাশ পাইছে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ শেহতীয়া পেঞ্চন সংস্কাৰক লৈ ক্ষুব্ধ প্ৰতিবাদকাৰীৰ সৈতে সমগ্ৰ ফ্ৰান্সত সংঘৰ্ষত কমেও ১০৮জন আৰক্ষী বিষয়া আহত হৈছে বুলি গৃহ মন্ত্ৰী জেৰাল্ড ডাৰমানিনে জানিবলৈ দিয়ে।

তেওঁ কয় যে ফ্ৰান্সত প্ৰতিবাদকাৰীৰ সৈতে সংঘৰ্ষত ইমান বৃহৎ সংখ্যক আৰক্ষী বিষয়া আহত হোৱাটো বিৰল। লগতে এই হিংসাত্মক ঘটনাৰ সময়ত ২৯১ জন লোকক গ্ৰেপ্তাৰ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।

বাতৰি অনুসৰি, ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ শেহতীয়া পেঞ্চন সংস্কাৰৰ বিৰুদ্ধে মে’ দিৱসৰ প্ৰতিবাদত সমগ্ৰ ফ্ৰান্সত লাখ লাখ লোকে অংশগ্ৰহণ কৰিছিল। সোমবাৰৰ প্ৰতিবাদ বেছিভাগেই শান্তিপূৰ্ণ আছিল যদিও উগ্ৰপন্থী গোটে আৰক্ষীৰ ওপৰত পেট্ৰ’ল বোমা আৰু জুই নিক্ষেপ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানীৰ কামানেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কিন্তু প্ৰতিবাদ আৰু সংঘৰ্ষত কিমানজন প্ৰতিবাদকাৰী আহত হয় সেয়া স্পষ্ট হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস