--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংঘৰ্ষমুখৰ হৈ পৰিছে ইউৰোপৰ অন্যতম শক্তি ফ্ৰান্স। দেশখনত শেহতীয়াকৈ চৰ্চাত থকা পেঞ্চন সংস্কাৰ বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যষ্ট হৈছে। প্ৰতিবাদকাৰীৰ সৈতে হোৱা সংঘৰ্ষত শতাধিক আৰক্ষীও আহত হৈছে।

সোমবাৰে মে’ দিৱসৰ দিনা সমগ্ৰ দেশতে বিক্ষোভৰ আয়োজন কৰা হয়। এই দিনটোত সমগ্ৰ ফ্ৰান্সত সংঘটিত হোৱা সংঘৰ্ষৰ ঘটনাত ইমান বৃহৎ সংখ্যক লোক আহত হয়।

তদুপৰি, প্ৰতিবাদৰ সময়ত ব্যাপক হিংসা সংঘটিত হয় আৰু প্ৰায় ৩০০ লোকক গ্ৰেপ্তাৰ কৰা হয়। মঙলবাৰে বিবিচিৰ বাতৰিত এই তথ্য প্ৰকাশ পাইছে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ শেহতীয়া পেঞ্চন সংস্কাৰক লৈ ক্ষুব্ধ প্ৰতিবাদকাৰীৰ সৈতে সমগ্ৰ ফ্ৰান্সত সংঘৰ্ষত কমেও ১০৮জন আৰক্ষী বিষয়া আহত হৈছে বুলি গৃহ মন্ত্ৰী জেৰাল্ড ডাৰমানিনে জানিবলৈ দিয়ে।

তেওঁ কয় যে ফ্ৰান্সত প্ৰতিবাদকাৰীৰ সৈতে সংঘৰ্ষত ইমান বৃহৎ সংখ্যক আৰক্ষী বিষয়া আহত হোৱাটো বিৰল। লগতে এই হিংসাত্মক ঘটনাৰ সময়ত ২৯১ জন লোকক গ্ৰেপ্তাৰ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।

বাতৰি অনুসৰি, ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ শেহতীয়া পেঞ্চন সংস্কাৰৰ বিৰুদ্ধে মে’ দিৱসৰ প্ৰতিবাদত সমগ্ৰ ফ্ৰান্সত লাখ লাখ লোকে অংশগ্ৰহণ কৰিছিল। সোমবাৰৰ প্ৰতিবাদ বেছিভাগেই শান্তিপূৰ্ণ আছিল যদিও উগ্ৰপন্থী গোটে আৰক্ষীৰ ওপৰত পেট্ৰ’ল বোমা আৰু জুই নিক্ষেপ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানীৰ কামানেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কিন্তু প্ৰতিবাদ আৰু সংঘৰ্ষত কিমানজন প্ৰতিবাদকাৰী আহত হয় সেয়া স্পষ্ট হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক