--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তীয় সংকটৰ বাবে দুমাহৰ ভিতৰতে আমেৰিকা যুক্তৰাষ্ট্ৰত বন্ধ হৈ পৰিছিল তিনিটাকৈ বেংক। এতিয়া জে পি মৰ্গান চেজ এণ্ড কোম্পানীয়ে ক্ৰয় কৰিছে অৰ্থনৈতিক সংকটত ভোগা আমেৰিকাৰ ‘ফাৰ্ষ্ট ৰিপাব্লিক বেংক’।

আমেৰিকাৰ বিত্তীয় নিয়ন্ত্ৰক সংস্থাসমূহে জনোৱা মতে, বিত্তীয় সংকটৰ বাবে বেংকটো বন্ধ কৰা হৈছে। অৰ্থনৈতিকভাবে বিধ্বস্ত এই বেংকটোক ক্ৰয় কৰি উদ্ধাৰ কৰিব খুজিছে জে পি মৰ্গান এণ্ড কোম্পানীয়ে। উল্লেখ্য যে যোৱা দুমাহৰ ভিতৰত বিফল হৈ বন্ধ হৈ যোৱা এইটো আমেৰিকাৰ তৃতীয়টো বেংক।

জানিব পৰা মতে, জে পি মৰ্গানে ফাৰ্ষ্ট ৰিপাব্লিকৰ পৰা ১৭৩ বিলিয়ন ডলাৰ ঋণ, ৩০ বিলিয়ন ডলাৰ ছিকিউৰিটি আৰু ৯২ বিলিয়ন ডলাৰ জমা ধন লাভ কৰিব।

খবৰ অনুসৰি, ফাষ্ট ৰিপাব্লিক বেংকৰ নিলাম প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা প্ৰধান বেংকসমূহ আছিল চিটিজেন ফাইনেন্সিয়েল গ্ৰুপ ইনকৰ্পৰেশ্যন, পিএনজি ফাইনেন্সিয়েল চাৰ্ভিচেছ গ্ৰুপ আৰু জে.পি.মৰ্গান চেজ এণ্ড কোম্পানী।

সোমবাৰে পুৱা কেলিফৰ্ণিয়াৰ বিত্তীয় সুৰক্ষা আৰু উদ্ভাৱন বিভাগে কয় যে ফাৰ্ষ্ট ৰিপাব্লিক বেংকৰ নিয়ন্ত্ৰণ এতিয়া জে.পি.মৰ্গান চেজ এণ্ড কোম্পানীৰ হাতত। ইয়াৰ উপৰিও এফডিআইচিয়ে বেংকটোৰ ৰিচিভাৰ বা ছুপাৰভাইজাৰ হিচাপে কাম কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস