--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তীয় সংকটৰ বাবে দুমাহৰ ভিতৰতে আমেৰিকা যুক্তৰাষ্ট্ৰত বন্ধ হৈ পৰিছিল তিনিটাকৈ বেংক। এতিয়া জে পি মৰ্গান চেজ এণ্ড কোম্পানীয়ে ক্ৰয় কৰিছে অৰ্থনৈতিক সংকটত ভোগা আমেৰিকাৰ ‘ফাৰ্ষ্ট ৰিপাব্লিক বেংক’।

আমেৰিকাৰ বিত্তীয় নিয়ন্ত্ৰক সংস্থাসমূহে জনোৱা মতে, বিত্তীয় সংকটৰ বাবে বেংকটো বন্ধ কৰা হৈছে। অৰ্থনৈতিকভাবে বিধ্বস্ত এই বেংকটোক ক্ৰয় কৰি উদ্ধাৰ কৰিব খুজিছে জে পি মৰ্গান এণ্ড কোম্পানীয়ে। উল্লেখ্য যে যোৱা দুমাহৰ ভিতৰত বিফল হৈ বন্ধ হৈ যোৱা এইটো আমেৰিকাৰ তৃতীয়টো বেংক।

জানিব পৰা মতে, জে পি মৰ্গানে ফাৰ্ষ্ট ৰিপাব্লিকৰ পৰা ১৭৩ বিলিয়ন ডলাৰ ঋণ, ৩০ বিলিয়ন ডলাৰ ছিকিউৰিটি আৰু ৯২ বিলিয়ন ডলাৰ জমা ধন লাভ কৰিব।

খবৰ অনুসৰি, ফাষ্ট ৰিপাব্লিক বেংকৰ নিলাম প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা প্ৰধান বেংকসমূহ আছিল চিটিজেন ফাইনেন্সিয়েল গ্ৰুপ ইনকৰ্পৰেশ্যন, পিএনজি ফাইনেন্সিয়েল চাৰ্ভিচেছ গ্ৰুপ আৰু জে.পি.মৰ্গান চেজ এণ্ড কোম্পানী।

সোমবাৰে পুৱা কেলিফৰ্ণিয়াৰ বিত্তীয় সুৰক্ষা আৰু উদ্ভাৱন বিভাগে কয় যে ফাৰ্ষ্ট ৰিপাব্লিক বেংকৰ নিয়ন্ত্ৰণ এতিয়া জে.পি.মৰ্গান চেজ এণ্ড কোম্পানীৰ হাতত। ইয়াৰ উপৰিও এফডিআইচিয়ে বেংকটোৰ ৰিচিভাৰ বা ছুপাৰভাইজাৰ হিচাপে কাম কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ