--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃহিজাবৰ বিৰুদ্ধে বিগত প্ৰায় দুমাহ ধৰি উত্তপ্ত হৈ থকা ইৰানত হিজাব বিৰোধী প্ৰতিবাদ আজিও অব্যাহত আছে. হিজাব বিৰোধী প্ৰতিবাদ কৰিবলৈ গৈ ইৰানত এতিয়ালৈকে তিনিশৰো অধিক লোকৰ মৃত্যু ঘটিছে৷ আৰক্ষীয়ে অতি বৰ্বৰভাবে গুলীয়াই হত্যা কৰিছে প্ৰতিবাদকাৰীক৷ ইমানৰ পিছতো প্ৰতিবাদত আজিও জ্বলি আছে ইৰান। 

তেহৰাণৰ ৰাজপথত উদাৰবাদী চিন্তাবিদসকলে আৰৱ বসন্তৰ স্মৃতি জাগ্ৰত কৰিবলৈ "মোল্লাসকলক অৱদমন কৰি  ৰাখক" আদি শ্লোগান দি মানুহক অধিক প্ৰতিবাদী কৰি তুলিছে। বহুলোকে ধৰ্মীয় নেতাসকলৰ পাগুৰি কাঢ়ি লৈ মাটিত পেলাই দিছে। ইয়াৰ সমান্তৰালভাবে চৰকাৰেও বিদ্ৰোহ দমন কৰিবলৈ অমানৱীয় অত্যাচাৰ চলাই আছে। 

এই পৰিস্থিতিত বৰফ গলাৰ সামান্য  লক্ষণে দেখা দিচে৷  ইৰানৰ এটৰ্নি জেনেৰেলে কৈছে যে দেশখনৰ সংসদে কেইবা দশক পুৰণি হিজাব আইনৰ পৰ্যালোচনা কৰি আছে। তেওঁ অৱশ্যে হিজাবকলৈ  কোনটো দিশৰ পৰ্যালোচনা  কৰা হৈছে সেই বিষয়ত বিশেষ কোনো কথা প্ৰকাশ কৰা  নাই৷ প্ৰশাসনে ব্যাপক প্ৰতিবাদৰ বাবেই  হিজাব আইনৰ পৰ্যালোচনা কৰা বুলি দাৰণা কৰা হৈছে৷ ইৰাণৰ এটৰ্নি জেনেৰেলে  কৈখে  "বিষয়টো সংসদৰ সাংস্কৃতিক আয়োগে ন্যায়িক কাৰ্যালয়ৰ সৈতে আলোচনা কৰি আছে। 

আইনখন সলনি কৰাৰ প্ৰয়োজন আছে নে নাই সেয়া পৰ্যালোচনা কৰা হৈছে।" অৱশ্যে তেওঁ কেনে ধৰণৰ পৰিৱৰ্তনৰ বিষয়ে কথা পাতি  থকা হৈছে সেয়া স্পষ্ট  কৰা নাই। কিন্তু অনুমান আৰম্ভ হৈছে যে   প্ৰশাসনে হয়তো হিজাবৰ ক্ষেত্ৰত নৰম স্থিতি গ্ৰহণ  কৰিব৷

মাহচা আমিনী নামৰ এগৰাকী যুৱতীক চলিত বৰ্ষৰ ১৬ ছেপ্টেম্বৰত ইৰাণৰ নীতি আৰক্ষীয়ে হত্যা কৰিছিল। তেতিয়াৰে পৰা সমগ্ৰ দেশ খনতে প্ৰতিবাদ চলি আছে। আৰৱ বিশ্বৰ ছোৱালীসকলে অত্যাচাৰী বিৰোধিতা কৰিবলৈ ইটালীৰ 'বেলা চাও' গানটো গাই ইৰানৰ ৰাজপথত প্ৰতিবাদ কৰি আছে। হিজাব বিৰোধী আন্দোলনৰ সৈতে ছবি জগতৰ লোকসকলৰ  মাজৰে এটা অংশও জড়িত হৈ পৰিছে ।
  
তেহৰানে দাবী কৰি আহিছে  যে এই হিজাব বিৰোধী প্ৰতিবাদ প্ৰকৃততে এক ষড়যন্ত্ৰহে। এই প্ৰতিবাদৰ আঁৰত আমেৰিকাৰ  হাত থকা বুলিও ইৰানৰ চৰকাৰে অভিযোগ কৰিছে। একে সময়তে চৰকাৰে  দাবী কৰিছে  যে এই আন্দোলনক ইৰাণৰ 'কোমলা' নামৰ এটা বামপন্থী সংগঠন আৰু কেইবাটাও উগ্ৰপন্থী গোটে সমৰ্থন কৰিছে। অৱশেষত বিদ্ৰোহৰ জুইত দগ্ধ  চৰকাৰে আইন সলনি কৰে নে নাই  সেয়া সময়ত স্পষ্ট হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক