--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃহিজাবৰ বিৰুদ্ধে বিগত প্ৰায় দুমাহ ধৰি উত্তপ্ত হৈ থকা ইৰানত হিজাব বিৰোধী প্ৰতিবাদ আজিও অব্যাহত আছে. হিজাব বিৰোধী প্ৰতিবাদ কৰিবলৈ গৈ ইৰানত এতিয়ালৈকে তিনিশৰো অধিক লোকৰ মৃত্যু ঘটিছে৷ আৰক্ষীয়ে অতি বৰ্বৰভাবে গুলীয়াই হত্যা কৰিছে প্ৰতিবাদকাৰীক৷ ইমানৰ পিছতো প্ৰতিবাদত আজিও জ্বলি আছে ইৰান। 

তেহৰাণৰ ৰাজপথত উদাৰবাদী চিন্তাবিদসকলে আৰৱ বসন্তৰ স্মৃতি জাগ্ৰত কৰিবলৈ "মোল্লাসকলক অৱদমন কৰি  ৰাখক" আদি শ্লোগান দি মানুহক অধিক প্ৰতিবাদী কৰি তুলিছে। বহুলোকে ধৰ্মীয় নেতাসকলৰ পাগুৰি কাঢ়ি লৈ মাটিত পেলাই দিছে। ইয়াৰ সমান্তৰালভাবে চৰকাৰেও বিদ্ৰোহ দমন কৰিবলৈ অমানৱীয় অত্যাচাৰ চলাই আছে। 

এই পৰিস্থিতিত বৰফ গলাৰ সামান্য  লক্ষণে দেখা দিচে৷  ইৰানৰ এটৰ্নি জেনেৰেলে কৈছে যে দেশখনৰ সংসদে কেইবা দশক পুৰণি হিজাব আইনৰ পৰ্যালোচনা কৰি আছে। তেওঁ অৱশ্যে হিজাবকলৈ  কোনটো দিশৰ পৰ্যালোচনা  কৰা হৈছে সেই বিষয়ত বিশেষ কোনো কথা প্ৰকাশ কৰা  নাই৷ প্ৰশাসনে ব্যাপক প্ৰতিবাদৰ বাবেই  হিজাব আইনৰ পৰ্যালোচনা কৰা বুলি দাৰণা কৰা হৈছে৷ ইৰাণৰ এটৰ্নি জেনেৰেলে  কৈখে  "বিষয়টো সংসদৰ সাংস্কৃতিক আয়োগে ন্যায়িক কাৰ্যালয়ৰ সৈতে আলোচনা কৰি আছে। 

আইনখন সলনি কৰাৰ প্ৰয়োজন আছে নে নাই সেয়া পৰ্যালোচনা কৰা হৈছে।" অৱশ্যে তেওঁ কেনে ধৰণৰ পৰিৱৰ্তনৰ বিষয়ে কথা পাতি  থকা হৈছে সেয়া স্পষ্ট  কৰা নাই। কিন্তু অনুমান আৰম্ভ হৈছে যে   প্ৰশাসনে হয়তো হিজাবৰ ক্ষেত্ৰত নৰম স্থিতি গ্ৰহণ  কৰিব৷

মাহচা আমিনী নামৰ এগৰাকী যুৱতীক চলিত বৰ্ষৰ ১৬ ছেপ্টেম্বৰত ইৰাণৰ নীতি আৰক্ষীয়ে হত্যা কৰিছিল। তেতিয়াৰে পৰা সমগ্ৰ দেশ খনতে প্ৰতিবাদ চলি আছে। আৰৱ বিশ্বৰ ছোৱালীসকলে অত্যাচাৰী বিৰোধিতা কৰিবলৈ ইটালীৰ 'বেলা চাও' গানটো গাই ইৰানৰ ৰাজপথত প্ৰতিবাদ কৰি আছে। হিজাব বিৰোধী আন্দোলনৰ সৈতে ছবি জগতৰ লোকসকলৰ  মাজৰে এটা অংশও জড়িত হৈ পৰিছে ।
  
তেহৰানে দাবী কৰি আহিছে  যে এই হিজাব বিৰোধী প্ৰতিবাদ প্ৰকৃততে এক ষড়যন্ত্ৰহে। এই প্ৰতিবাদৰ আঁৰত আমেৰিকাৰ  হাত থকা বুলিও ইৰানৰ চৰকাৰে অভিযোগ কৰিছে। একে সময়তে চৰকাৰে  দাবী কৰিছে  যে এই আন্দোলনক ইৰাণৰ 'কোমলা' নামৰ এটা বামপন্থী সংগঠন আৰু কেইবাটাও উগ্ৰপন্থী গোটে সমৰ্থন কৰিছে। অৱশেষত বিদ্ৰোহৰ জুইত দগ্ধ  চৰকাৰে আইন সলনি কৰে নে নাই  সেয়া সময়ত স্পষ্ট হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক