--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইৰানৰ হিজাববিৰোধী আন্দোলনে প্ৰথমটো বৃহৎ সফলতা লাভ কৰিলে। কট্টৰ ইছলামিক দেশখনৰ পৰা প্ৰশাসনে উঠাই ল’লে মৰেল পুলিচ বাহিনীক। এই মৰেল পুলিচ বাহিনীয়ে মহিলাৰ পোছাকৰ ওপৰত চকু ৰাখিছিল। এই মৰেল পুলিচ বাহিনীৰ ওপৰতে খৰ্গহস্ত হৈ পৰিছিল ইৰানৰ প্ৰগতিশীল নাৰীসকল।

দেওবাৰে জানিব পৰা মতে, ইৰানৰ চৰকাৰে এই মৰেল পুলিচ বাহিনী প্ৰত্যাহাৰ কৰিছে। ইৰানৰ সংবাদ সংস্থা আইএচএনএত প্ৰকাশ পাইছে এই কথা। বাতৰি অনুসৰি, ইৰানৰ কেন্দ্ৰীয় চৰকাৰৰ এটৰ্ণী জেনেৰেল মহম্মদ জাফৰ মন্তেজাৰিয়ে জনাইছে যে মৰেল পুলিছবাহিনী কোনো দিনেই চৰকাৰৰ কেন্দ্ৰীয় বিচাৰ ব্যৱস্থাৰ অন্তৰ্গত নাছিল।

উল্লেখ্য যে ইৰানৰ মৰেল পুলিছবাহিনীটোক ‘গস্ত-এ-এৰছাদ’ বুলি কোৱা হয়। ইয়াৰ অৰ্থ হৈছে ‘পথপ্ৰদৰ্শক বাহিনী’। এই বাহিনীটো গঠন হৈছিল ২০০৬ চনৰ পৰা। ইৰানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মাহমুদ আহমাদিনেজাদে প্ৰতিষ্ঠা কৰিছিল এই বাহিনীটো।

আহমাদিনেজাদে প্ৰতিষ্ঠা কৰা এই ‘গস্ত-এ-এৰছাদ’ৰ বিষয়ে কোৱা হৈছিল যে এই বাহিনীৰ লক্ষ্য হ’ব ইৰানৰ হিজাব সংস্কৃতি যথাযথভাৱে পালন হৈছে নে নাই- তাক নিশ্চিত কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক