--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলোৰ তাৎক্ষণিক মুক্তিৰ দাবীত উত্তাল হৈ পৰিছে দেশ খন। প্ৰতিবাদকাৰীসকলে একে সময়তে দেশখনত সাধাৰণ নিৰ্বাচন অনুশ্ঠিত কৰা আৰু সাংবিধানিক সংস্কাৰৰো দাবী তুলিছে।  যোৱা ২৪ ঘণ্টাত দেশৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সৈতে হোৱা  সংঘৰ্ষত ১৭ জন লোক নিহত হৈছে। 


দক্ষিণ আমেৰিকাৰ এখন দেশ পেৰু যোৱা মাহৰ পৰা চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰিছে।  যোৱা কেইদিনমানত প্ৰতিবাদৰ তীব্ৰতা আৰু অধিক বৃদ্ধি পাইছে। এতিয়ালৈকে প্ৰতিবাদত  মুঠ ৩৯ জন লোকৰ মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত দুজন কিশোৰো আছে। আৰক্ষীয়ে জনোৱা অনুসৰি, দেশৰ দক্ষিণ অংশৰ পুনো অঞ্চলৰ তিতিকাকা হ্ৰদৰ পাৰত থকা হুলিয়াকা চহৰৰ পৰিস্থিতি অধিক অৱনতি ঘটিছে।  সংঘৰ্ষত ৬৮ জন প্ৰতিবাদকাৰী আহত হৈছে।

প্ৰতিবাদকাৰীসকলৰ মূল দাবী হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলোৰ তাৎক্ষণিক মুক্তি। যোৱা মাহত, পেড্ৰোৰ বিৰুদ্ধে কংগ্ৰেছক অনৈতিকভাৱে নিলম্বন কৰাৰ অভিযোগ উত্থাপিত হৈছিল। তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। দিনা বোলুয়াৰ্টে এতিয়া তেওঁৰ ঠাইত দেশখনৰ ৰাষ্ট্ৰপতিৰ আসনত বহিছে। তেওঁ কৈছে যে চৰকাৰে দ্ৰুত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ