--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিমখ আৰু চেনিক বহুতে বগা বিহ বুলিও কয়। কাৰণ বহু ৰোগৰ প্ৰাবল্য বৃদ্ধিত এই দুবিধ পদাৰ্থই অনুঘটকৰ ভূমিকা গ্ৰহণ কৰে।  নিমখ অবিহনে খাদ্য সোৱাদহীন হৈ পৰে। অৱশ্যে সকলো মানুহে সমানে নিমখ নাখায়। কিছুমানে জিভাত লগাকৈ আৰু কিমানে পাতলীয়া জুতিতহে নিমখ খায়। কিছুমানে আকৌ একেবাৰে নিমখ নাখায়। যিকি নহওঁক ,অত্যাধিক নিমখ খাব নালাগে। কিন্তু অত্যাধিক নিমখ খালে শৰীৰত নানান ক্ষতি  হ'ব পাৰে।

নিমখত যথেষ্ট ছডিয়াম আছে। সেয়ে অতিৰিক্ত নিমখ খালে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ শৰীৰত পৰিব পাৰে।  অলপ ছডিয়াম শৰীৰৰ বাবে ভাল, কিন্তু যদি ই অত্যাধিক হৈ পৰে, ই বিভিন্ন ধৰণে ক্ষতি কৰিব পাৰে। সেইকাৰণে কমকৈ নিমখ খোৱাৰ পৰামৰ্শ দিয়া হয়।

অতিৰিক্ত নিমখে কি ক্ষতি কৰিব পাৰে?
প্ৰথমতে, অতিৰিক্ত ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰে। কোৱা হয় যে কেঁচা নিমখ খোৱাৰ ফলত ছডিয়ামৰ স্তৰ আৰু বেছি বৃদ্ধি হয়। ই ৰক্তচাপ বৃদ্ধি কৰাৰ আশংকাও বৃদ্ধি কৰে। ইয়াৰ উপৰি অধিক নিমখ খোৱা লোকৰ ষ্ট্ৰোক আৰু হৃদৰোগৰ আশংকাও বৃদ্ধি হয়।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি, দিনে ১.৫ চাহ চামুচতকৈ অধিক নিমখ খোৱাটো কাৰো বাবে সঠিক কথা নহয়। এই পৰিমাণৰ নিমখত ৩৪০০ মিলিগ্ৰাম ছডিয়াম থাকে। যদি শৰীৰত ইয়াতকৈ অধিক ছডিয়াম প্ৰৱেশ কৰে তেন্তে ৰোগৰ আশংকাও বৃদ্ধি হয়।সেয়ে যিমান পাৰি নিমখ কমাই খাওঁ আহক। অতিৰিক্ত কেঁচা নিমখ পৰাপক্ষত নোখোৱাই ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি