--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিমখ আৰু চেনিক বহুতে বগা বিহ বুলিও কয়। কাৰণ বহু ৰোগৰ প্ৰাবল্য বৃদ্ধিত এই দুবিধ পদাৰ্থই অনুঘটকৰ ভূমিকা গ্ৰহণ কৰে।  নিমখ অবিহনে খাদ্য সোৱাদহীন হৈ পৰে। অৱশ্যে সকলো মানুহে সমানে নিমখ নাখায়। কিছুমানে জিভাত লগাকৈ আৰু কিমানে পাতলীয়া জুতিতহে নিমখ খায়। কিছুমানে আকৌ একেবাৰে নিমখ নাখায়। যিকি নহওঁক ,অত্যাধিক নিমখ খাব নালাগে। কিন্তু অত্যাধিক নিমখ খালে শৰীৰত নানান ক্ষতি  হ'ব পাৰে।

নিমখত যথেষ্ট ছডিয়াম আছে। সেয়ে অতিৰিক্ত নিমখ খালে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ শৰীৰত পৰিব পাৰে।  অলপ ছডিয়াম শৰীৰৰ বাবে ভাল, কিন্তু যদি ই অত্যাধিক হৈ পৰে, ই বিভিন্ন ধৰণে ক্ষতি কৰিব পাৰে। সেইকাৰণে কমকৈ নিমখ খোৱাৰ পৰামৰ্শ দিয়া হয়।

অতিৰিক্ত নিমখে কি ক্ষতি কৰিব পাৰে?
প্ৰথমতে, অতিৰিক্ত ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰে। কোৱা হয় যে কেঁচা নিমখ খোৱাৰ ফলত ছডিয়ামৰ স্তৰ আৰু বেছি বৃদ্ধি হয়। ই ৰক্তচাপ বৃদ্ধি কৰাৰ আশংকাও বৃদ্ধি কৰে। ইয়াৰ উপৰি অধিক নিমখ খোৱা লোকৰ ষ্ট্ৰোক আৰু হৃদৰোগৰ আশংকাও বৃদ্ধি হয়।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি, দিনে ১.৫ চাহ চামুচতকৈ অধিক নিমখ খোৱাটো কাৰো বাবে সঠিক কথা নহয়। এই পৰিমাণৰ নিমখত ৩৪০০ মিলিগ্ৰাম ছডিয়াম থাকে। যদি শৰীৰত ইয়াতকৈ অধিক ছডিয়াম প্ৰৱেশ কৰে তেন্তে ৰোগৰ আশংকাও বৃদ্ধি হয়।সেয়ে যিমান পাৰি নিমখ কমাই খাওঁ আহক। অতিৰিক্ত কেঁচা নিমখ পৰাপক্ষত নোখোৱাই ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ