--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌতুক দাবীৰ বাবেই বহু সংসাৰত জুই জ্বলিছে, বহুতৰে অকালতে প্ৰাণ গৈছে। কিন্তু  এগৰাকী পিতৃয়ে  যৌতুকৰ দাবীৰ বাবেই অত্যাচাৰৰ বলি হোৱা কন্যাক সাহসৰ পৰিচয় দি যৌতুক নিদিও বুলি কোৱাৰ লগতে কন্যাৰ বিবাহ বিচ্ছেদ কৰাই ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আদৰি আনিলে । লোকজনৰ কন্যাক তেওঁৰ  শহুৰৰ ঘৰখনে যৌতুক দাবী কৰি নিৰ্যাতন চলাই আহিছিল।  কন্যাগৰাকীৰ পিতৃয়ে এই সকলো কথা জানিব পাৰি কন্যাৰ  বিবাহ বিচ্ছেদৰ সিদ্ধান্তক  সমৰ্থন জনায়। তাৰ পিছতে  পিতৃয়ে ঢোল বজাই তেওঁৰ কন্যাক ঘৰলৈ ওভতাই আনে। এই ঘটনাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে।

ঘটনাটো উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে।  নিৰালা নগৰৰ বাসিন্দা অনিল কুমাৰে বিএছএনএলত কাম কৰিছিল আৰু  এতিয়া অৱসৰ গ্ৰহণ কৰিছে। অনিল কুমাৰে  তেওঁৰ একমাত্ৰ কন্যা উৰ্বীক চহৰখনৰ চাকেৰী বিমান নগৰৰ  আশীষ ৰঞ্জনৰ সৈতে বিয়া দিছিল।  উৰ্বীয়ে দিল্লীৰ পালম বিমানবন্দৰত কাম কৰে। তেওঁ এগৰাকী অভিযন্তা আৰু তেওঁৰ স্বামী আশীষো এগৰাকী অভিযন্তা তেঁৱো দিল্লীতে কাম কৰে। উৰ্বীৰ পৰিয়ালে প্ৰকাশ কৰা মতে  বিয়াৰ  পিছত তেওঁলোক দুয়ো দিল্লীত থাকিবলৈ আৰম্ভ কৰিছিল।
 

অভিযোগ অনুসৰি বিয়াৰ পিছত শহুৰেকে উৰ্বীৰ পৰা অধিক যৌতুক দাবী কৰিবলৈ আৰম্ভ কৰিছিল।   উৰ্বীৰ পিতৃ  অনিল কুমাৰৰ মতে তেওঁ তেওঁৰ কন্যাৰ  সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি  দিল্লীত এটা ফ্লেট কিনিছিল, কিন্তু সেইটো তেওঁৰ জোঁৱায়েকে  নিজৰ  নামত  কৰিব বিচাৰিছিল। উৰ্বীয়ে ২০১৯ চনত এজনী কন্যা সন্তান জন্ম দিছিল। তেওঁলোকৰ কন্যাৰ  জন্মৰ পিছত উৰ্বীক তেওঁৰ  শহুৰেকে অধিক উৎপীড়ন কৰিবলৈ আৰম্ভ কৰিছিল। অভিযোগ অনুসৰি শহুৰেকে  ল’ৰা সন্তান বিচাৰিছিল, ছোৱালী নহয়। লাহে লাহেউৰ্বীৰ  স্বামীৰ সৈতেও দূৰত্ব বৃদ্ধি পাইছিল আৰু তেওঁলোক দুয়োৱে পৃথকে থাকিবলৈ আৰম্ভ কৰিছিল আৰু দূৰত্ব ইমানেই  বাঢ়ি গৈছিল যে তেওঁলোকে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল আৰু তাৰ পিছত তেওঁলোক দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল।

ইয়াৰ পিছতে  উৰ্বীৰ পৰিয়ালৰ সকলো সদস্য গোট খাই উৰ্বীৰ শহুৰেকৰ ঘৰৰ সন্মুখত  ঢোল বজাই উপস্থিত হয় আৰু উৰ্বীক পিতৃয়ে নিজৰ ঘৰলৈ আদৰি আনে। ঘটনাটোৰ  ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
  বহুতে মহিলাগৰাকীক প্ৰশংসা কৰিছে যদিও বহুতে আকৌ কৈছে "এটা পক্ষৰ কথা শুনি সিদ্ধান্তলৈ অহাটো মূৰ্খতা, আজিকালি যৌতুকৰ বাবে বহু ক্ষেত্ৰত উৎপীড়ন কেৱল এটা অজুহাত, কন্দলৰ এটা কাৰ হৈছে পত্নীৰ সীমাহীন আকাংক্ষা, যাৰ ভিতৰত এটা হৈছে স্বামীক তেওঁৰ পিতৃ-মাতৃৰ পৰা আঁতৰাই ৰখা।" ইপিনে একাংশ নেটিজেনৰ এনে মন্তব্যৰ মাজতে উৰ্বীয়ে কৈছে "মই আঠ বছৰ ধৰি অত্যাচাৰ, প্ৰহাৰ আৰু বহু যাতনা সহ্য কৰিছো, কিন্তু শেষত, মই ভাগি পৰিছিলো," ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু