--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌতুক দাবীৰ বাবেই বহু সংসাৰত জুই জ্বলিছে, বহুতৰে অকালতে প্ৰাণ গৈছে। কিন্তু  এগৰাকী পিতৃয়ে  যৌতুকৰ দাবীৰ বাবেই অত্যাচাৰৰ বলি হোৱা কন্যাক সাহসৰ পৰিচয় দি যৌতুক নিদিও বুলি কোৱাৰ লগতে কন্যাৰ বিবাহ বিচ্ছেদ কৰাই ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আদৰি আনিলে । লোকজনৰ কন্যাক তেওঁৰ  শহুৰৰ ঘৰখনে যৌতুক দাবী কৰি নিৰ্যাতন চলাই আহিছিল।  কন্যাগৰাকীৰ পিতৃয়ে এই সকলো কথা জানিব পাৰি কন্যাৰ  বিবাহ বিচ্ছেদৰ সিদ্ধান্তক  সমৰ্থন জনায়। তাৰ পিছতে  পিতৃয়ে ঢোল বজাই তেওঁৰ কন্যাক ঘৰলৈ ওভতাই আনে। এই ঘটনাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে।

ঘটনাটো উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে।  নিৰালা নগৰৰ বাসিন্দা অনিল কুমাৰে বিএছএনএলত কাম কৰিছিল আৰু  এতিয়া অৱসৰ গ্ৰহণ কৰিছে। অনিল কুমাৰে  তেওঁৰ একমাত্ৰ কন্যা উৰ্বীক চহৰখনৰ চাকেৰী বিমান নগৰৰ  আশীষ ৰঞ্জনৰ সৈতে বিয়া দিছিল।  উৰ্বীয়ে দিল্লীৰ পালম বিমানবন্দৰত কাম কৰে। তেওঁ এগৰাকী অভিযন্তা আৰু তেওঁৰ স্বামী আশীষো এগৰাকী অভিযন্তা তেঁৱো দিল্লীতে কাম কৰে। উৰ্বীৰ পৰিয়ালে প্ৰকাশ কৰা মতে  বিয়াৰ  পিছত তেওঁলোক দুয়ো দিল্লীত থাকিবলৈ আৰম্ভ কৰিছিল।
 

অভিযোগ অনুসৰি বিয়াৰ পিছত শহুৰেকে উৰ্বীৰ পৰা অধিক যৌতুক দাবী কৰিবলৈ আৰম্ভ কৰিছিল।   উৰ্বীৰ পিতৃ  অনিল কুমাৰৰ মতে তেওঁ তেওঁৰ কন্যাৰ  সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি  দিল্লীত এটা ফ্লেট কিনিছিল, কিন্তু সেইটো তেওঁৰ জোঁৱায়েকে  নিজৰ  নামত  কৰিব বিচাৰিছিল। উৰ্বীয়ে ২০১৯ চনত এজনী কন্যা সন্তান জন্ম দিছিল। তেওঁলোকৰ কন্যাৰ  জন্মৰ পিছত উৰ্বীক তেওঁৰ  শহুৰেকে অধিক উৎপীড়ন কৰিবলৈ আৰম্ভ কৰিছিল। অভিযোগ অনুসৰি শহুৰেকে  ল’ৰা সন্তান বিচাৰিছিল, ছোৱালী নহয়। লাহে লাহেউৰ্বীৰ  স্বামীৰ সৈতেও দূৰত্ব বৃদ্ধি পাইছিল আৰু তেওঁলোক দুয়োৱে পৃথকে থাকিবলৈ আৰম্ভ কৰিছিল আৰু দূৰত্ব ইমানেই  বাঢ়ি গৈছিল যে তেওঁলোকে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল আৰু তাৰ পিছত তেওঁলোক দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল।

ইয়াৰ পিছতে  উৰ্বীৰ পৰিয়ালৰ সকলো সদস্য গোট খাই উৰ্বীৰ শহুৰেকৰ ঘৰৰ সন্মুখত  ঢোল বজাই উপস্থিত হয় আৰু উৰ্বীক পিতৃয়ে নিজৰ ঘৰলৈ আদৰি আনে। ঘটনাটোৰ  ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
  বহুতে মহিলাগৰাকীক প্ৰশংসা কৰিছে যদিও বহুতে আকৌ কৈছে "এটা পক্ষৰ কথা শুনি সিদ্ধান্তলৈ অহাটো মূৰ্খতা, আজিকালি যৌতুকৰ বাবে বহু ক্ষেত্ৰত উৎপীড়ন কেৱল এটা অজুহাত, কন্দলৰ এটা কাৰ হৈছে পত্নীৰ সীমাহীন আকাংক্ষা, যাৰ ভিতৰত এটা হৈছে স্বামীক তেওঁৰ পিতৃ-মাতৃৰ পৰা আঁতৰাই ৰখা।" ইপিনে একাংশ নেটিজেনৰ এনে মন্তব্যৰ মাজতে উৰ্বীয়ে কৈছে "মই আঠ বছৰ ধৰি অত্যাচাৰ, প্ৰহাৰ আৰু বহু যাতনা সহ্য কৰিছো, কিন্তু শেষত, মই ভাগি পৰিছিলো," ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ