--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে আমেথিৰ সলনি ৰায়বৰেলীৰ পৰা লোকসভা নিৰ্বাচনৰ দ্বিতীয়খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়কলৈ বিজেপি সমালোচনা মুখৰ হৈ আছে। ৰাহুল গান্ধী ২০০৪ চনৰ পৰা একেৰাহে তিনিবাৰ আমেঠিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। অৱশ্যে ২০১৯  চনত তেওঁ বিজেপিৰ প্ৰাৰ্থী  স্মৃতি ইৰাণীৰ  হাতত ৫৫ হাজাৰ  ভোটত আসনখন হেৰুৱাইছিল।

 শুকুৰবাৰে পুৱা ৰায়বৰেলীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ৰাহুলে  তেওঁৰ নাম ঘোষণা কৰিছিল। ৰাহুল গান্ধীয়ে তেওঁৰ মাতৃ ছোনিয়া গান্ধী, ভগ্নী প্ৰিয়ংকা, কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু গান্ধী পৰিয়ালৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰাৰ সৈতে ৰায়বৰেলীত  মনোনয়ন পত্ৰ দাখিল কৰিবলৈ উৰা মাৰিছিল। আমেথি এৰি  ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰসংগত তেওঁ শনিবাৰে প্ৰথমবাৰৰ বাবে মুখ খোলে। ৰায়বৰেলীক তেওঁৰ 'পৰিয়ালৰ কৰ্মস্থান' বুলি অভিহিত কৰি ৰাহুলে এক্স-হেণ্ডেলত এটা হিন্দীতে পোষ্ট লিখিছে, "ৰায়বৰেলীৰ পৰা মনোনয়ন দিয়াটো  মোৰ বাবে এক আৱেগিক মুহূৰ্ত আছিল! মোৰ মায়ে মোক বিশ্বাস কৰে আৰু মোক পৰিয়ালৰ কামৰ দায়িত্ব অৰ্পন কৰি মোক সেৱা কৰাৰ সুযোগ দিছে। ’’
 

ৰাহুলে কয় "আমেঠি আৰু ৰায়বৰেলী মোৰ বাবে বেলেগ নহয়। দুয়োটা সমষ্টিৰ মানুহ মোৰ পৰিয়াল আৰু মই সুখী যে কিশোৰী লালজী (আমেথিৰ কংগ্ৰেছ প্ৰাৰ্থী, কিশোৰীলাল শৰ্মা), যি বিগত ৪০ বছৰ ধৰি সমষ্টিটোত সেৱা আগবঢ়াই আহিছে, তেওঁ আমেথিৰ পৰা দলটোক প্ৰতিনিধিত্ব কৰিব। ’’
উত্তৰ প্ৰদেশৰ আমেথি আৰু ৰায়বৰেলী লোকসভা সমষ্টিত ২০ মে'ত নিৰ্বাচন অনুষ্ঠিত হ'ব। মনোনয়ন দাখিলৰ বাবে ৩ মে' অন্তিম দিন আছিল। নিৰ্বাচনৰ দুসপ্তাহ পূৰ্বে ৰায়বৰেলী আৰু আমেথিৰ ভোটাৰসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয়, "অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যুঁজত আমাৰ প্ৰিয়জনৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছো। মই বিশ্বাস কৰোঁ যে সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে এই যুঁজত আপোনালোক সকলোৱে মোৰ সৈতে থিয় দিব। ’’
ৰাহুলে ২০১৯ চনত আমেথিত পৰাজিত হ’লেও কেৰালাৰ ৱায়ানাডত জয়ী হৈছিল। 

  ৰাহুল গান্ধীৰ নাম ঘোষণা হোৱাৰ কেইঘণ্টামানপিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্গাপুৰৰ এক ৰেলীত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক তেওঁৰ "পলায়নবাদী মানসিকতা"ৰ বাবে সমালোচনা কৰিছিল। মোদীয়ে  দাবী কৰিছিল যে  ৰাহুলে পৰাজয়ৰ ভয়ত এখন নতুন আসন বিচাৰি আছে। মোদীয়ে কৈছিল "কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে আমেথিত পৰাজয় স্বীকাৰ কৰিছে।’’ বিজেপিৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কৈছিল, "ৰায়বৰেলীৰ পৰা ৰাহুলৰ প্ৰাৰ্থিত্ব অধিকাৰৰ প্ৰশ্ন নহয়, কৰ্তব্য আৰু দায়িত্বৰ প্ৰশ্ন। "ৰাহুল গান্ধী উত্তৰ প্ৰদেশৰ পৰা তিনিবাৰ আৰু কেৰালাৰ পৰা এবাৰ সাংসদ হৈছে। মোডীজীৰ বিন্ধ্যৰ  দক্ষিণৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস কিয় নাই?"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ