--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া- ইউক্ৰেইনৰ মাজৰ যুঁজ খন কিমান দীঘলীয়া হ’ব সেয়া এতিয়াই কোৱা টান হৈ পৰিছে। এনে সময়তে ইউক্ৰেইনৰ সেনাই দেশ খনৰ বহু ঠাইত ৰাছিয়াৰ বাহিনীক খেদি পঠিয়াবলৈ সক্ষম হৈছে।ইউক্ৰেইনৰ সৈন্যৰ শৃংখলাবদ্ধ আক্ৰমণৰ সন্মুখীন হৈ ৰাছিয়াই খেৰছনৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। 

ৰাছিয়াৰ সেনাৰ জেনেৰেল ছেৰ্গেই সুৰভিকিনে  কয়, "বৰ্তমান  আমি দিনীপ্ৰো নদীৰ পশ্চিম পাৰৰ পৰা  সেনা প্ৰত্যাহাৰ কৰি আছো।" উল্লেখ্য ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান ঘোষণা কৰাৰ পিছত তেওঁৰ বাহিনীয়ে  প্ৰথমে দক্ষিণ ইউক্ৰেইনৰ প্ৰাদেশিক ৰাজধানীকে ধৰি সমগ্ৰ খেৰছন প্ৰদেশৰ শাসন নিজৰ হাতলৈ নিছিল। 

কিন্তু ১০ অক্টোবৰৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ  বাহিনীৰ আক্ৰমণৰ পিছতে   খেৰছনৰ বৃহৎ অঞ্চল ৰাছিয়াৰ সেনাৰ হাতৰ পৰা গুচি যায়। সামৰিক পৰ্যবেক্ষকৰ মতে  ইউক্ৰেইনৰ ডনেটস্ক আৰু মস্কোৱে ইউক্ৰেইনৰ সৈন্যৰ অগ্ৰগতি প্ৰতিহত কৰিবলৈ লুহানস্ক অঞ্চলত (সামূহিকভাৱে ডনবাছ বুলি কোৱা হয়) সৈন্য সংগ্ৰহ আৰম্ভ কৰিছে। 

সেই উদ্দেশ্যৰ বাবে, খেৰছনৰ পৰা সেনাক আঁতৰকৰা হৈছে। ঘটনাক্ৰমে এমাহ আগতে পুটিনে ঘোষণা কৰিছিল যে ডনবাছ আৰু জাপোৰিজায়াৰ লগতে খেৰছনকলৈ  "গণভোট" আয়োজন কৰি অঞ্চলটো ৰাছিয়াত অন্তৰ্ভুক্ত কৰা হ'ব। কিয়েভ আৰু পশ্চিমীয়া সংবাদ মাধ্যমে দাবী যে পূবৰ ডনবাছৰ বিস্তীৰ্ণ অঞ্চল, দক্ষিণৰ খেৰছনৰ পৰা উত্তৰ-পশ্চিমৰ খাৰকিভলৈ দখল কৰি লোৱা ৰাছিয়াৰ সেনাই এতিয়া ইউক্ৰেইনৰ সেনাৰ প্ৰতিশোধৰ বাবে আত্মৰক্ষাৰ পথ হিচাবে  পিছুৱাই যোৱাত ব্যস্ত হৈ পৰিছে। ইপিনে  পুটিনৰ আহ্বানত সেনাবাহিনীত বাধ্যতামূলক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত ৰাছিয়াৰ যুৱক-যুৱতীৰ এটা অংশই ভয়তে দেশ এৰিবলৈ আৰম্ভ কৰিছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক