--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ উৎপত্তিস্থল হিচাবে বহুতে ধাৰণা কৰা চীনত শীতৰ আগমনৰ লগে লগে পুনৰ কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে। ১৩ নিযুত জনসংখ্যাৰ গুয়াংঝৌত বিগত ২৪ ঘণ্টাত ২,৫০০ ৰো অধিক লোক কোভিডত সংক্ৰমিত হোৱাৰ পিছতে চিন্তিত হৈ পৰিছে দেশ খনৰ চৰকাৰ।

ফলত লকডাউনৰ আকস্মিক সিদ্ধান্ত গ্ৰহণ কৰিছে বেইজিঙে। কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে চীনৰ  চৰকাৰে দক্ষিণ চীনৰ গুয়াংঝৌ প্ৰদেশত পুনৰ লকডাউন ঘোষণা কৰিছে। গুয়াংঝৌ প্ৰদেশক চীনৰ উৎপাদন কেন্দ্ৰ বুলি কোৱা হয়। সেয়ে  চীনৰ অৰ্থনীতি সেই ঠাইত পুনৰ লকডাউন জাৰি কৰাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হ'ব বুলি ধাৰণা কৰা হৈছে। 

গুয়াংঝৌত প্ৰদেশৰ প্ৰশাসনিক  বিষয়াসকলে প্ৰায় ৫,০০,০০০ বাসিন্দাক তেওঁলোকৰ ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ  নিৰ্দেশ দিছে।   কোভিডৰ সংক্ৰমণ ৰুধিবলৈ সেই ঠাইত ৰাজহুৱা পৰিবহন ব্যৱস্থাও বন্ধ কৰি দিয়া হৈছে। বিদ্যালয়সমূহ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে বুলি চীনৰ চৰকাৰৰ এগৰাকী মুখপাত্ৰই সংবাদমাধ্যমক জানিবলৈ দিছে। 

গুয়াংঝৌৰ পৰা বেইজিং আৰু অন্যান্য মুখ্য চহৰলৈ চলাচল কৰা সকলো বিমান বাতিল কৰা হৈছে। পৃথিৱীৰ প্ৰায় সকলো দেশেই তেওঁলোকৰ কোভিড নিয়ম শিথিল কৰিছে। অৱশ্যে চীন এতিয়াও এই বিষয়ত  দৃঢ় হৈয়েই আছে। 

কোভিডৰ ভয়াৱহতা উপলব্ধি কৰিয়েই হয়তো দেশ খনৰ চৰকাৰে কোভিডৰ নিয়মবোৰ শিথিল কৰিবলৈ ইচ্ছুক নহয়। বাৰে বাৰে লকডাউন ঘোষণা কৰিবলগীয়া হোৱাত বহু ঠাইত আৰক্ষী-প্ৰশাসনৰ সৈতে স্থানীয় লোকৰ সংঘাতো হৈছে। ইপিনে জিনপিং চৰকাৰে কৰোনা ভেকছিন আমদানি কৰিবলৈ অস্বীকাৰ কৰিছে। তেওঁ দেশতে উৎপাদিত ভেকছিন ব্যৱহাৰতহে গুৰুত্ব দিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক