--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ উৎপত্তিস্থল হিচাবে বহুতে ধাৰণা কৰা চীনত শীতৰ আগমনৰ লগে লগে পুনৰ কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে। ১৩ নিযুত জনসংখ্যাৰ গুয়াংঝৌত বিগত ২৪ ঘণ্টাত ২,৫০০ ৰো অধিক লোক কোভিডত সংক্ৰমিত হোৱাৰ পিছতে চিন্তিত হৈ পৰিছে দেশ খনৰ চৰকাৰ।

ফলত লকডাউনৰ আকস্মিক সিদ্ধান্ত গ্ৰহণ কৰিছে বেইজিঙে। কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে চীনৰ  চৰকাৰে দক্ষিণ চীনৰ গুয়াংঝৌ প্ৰদেশত পুনৰ লকডাউন ঘোষণা কৰিছে। গুয়াংঝৌ প্ৰদেশক চীনৰ উৎপাদন কেন্দ্ৰ বুলি কোৱা হয়। সেয়ে  চীনৰ অৰ্থনীতি সেই ঠাইত পুনৰ লকডাউন জাৰি কৰাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হ'ব বুলি ধাৰণা কৰা হৈছে। 

গুয়াংঝৌত প্ৰদেশৰ প্ৰশাসনিক  বিষয়াসকলে প্ৰায় ৫,০০,০০০ বাসিন্দাক তেওঁলোকৰ ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ  নিৰ্দেশ দিছে।   কোভিডৰ সংক্ৰমণ ৰুধিবলৈ সেই ঠাইত ৰাজহুৱা পৰিবহন ব্যৱস্থাও বন্ধ কৰি দিয়া হৈছে। বিদ্যালয়সমূহ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে বুলি চীনৰ চৰকাৰৰ এগৰাকী মুখপাত্ৰই সংবাদমাধ্যমক জানিবলৈ দিছে। 

গুয়াংঝৌৰ পৰা বেইজিং আৰু অন্যান্য মুখ্য চহৰলৈ চলাচল কৰা সকলো বিমান বাতিল কৰা হৈছে। পৃথিৱীৰ প্ৰায় সকলো দেশেই তেওঁলোকৰ কোভিড নিয়ম শিথিল কৰিছে। অৱশ্যে চীন এতিয়াও এই বিষয়ত  দৃঢ় হৈয়েই আছে। 

কোভিডৰ ভয়াৱহতা উপলব্ধি কৰিয়েই হয়তো দেশ খনৰ চৰকাৰে কোভিডৰ নিয়মবোৰ শিথিল কৰিবলৈ ইচ্ছুক নহয়। বাৰে বাৰে লকডাউন ঘোষণা কৰিবলগীয়া হোৱাত বহু ঠাইত আৰক্ষী-প্ৰশাসনৰ সৈতে স্থানীয় লোকৰ সংঘাতো হৈছে। ইপিনে জিনপিং চৰকাৰে কৰোনা ভেকছিন আমদানি কৰিবলৈ অস্বীকাৰ কৰিছে। তেওঁ দেশতে উৎপাদিত ভেকছিন ব্যৱহাৰতহে গুৰুত্ব দিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
অসম কন্যা নিয়ৰ পাৰিজাতলৈ শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান
সীমান্তস্তম্ভ ধ্বংসৰে ভূমি দখলৰ অপচেষ্টা খাছি দুর্বৃত্তৰ
ফিডে মহিলা দবা বিশ্বকাপৰ খিতাপ দখল দিব্যা দেশমুখৰ
নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিলৰ দাবী গ্ৰেণ্ড মুফতি কাৰ্যালয়ৰ
অপাৰেচন মহাদেৱৰ সাফল্য ; ভাৰতীয় সেনাৰ আক্ৰমণত নিহত পেহেলগাম কাণ্ডত জড়িত ৩ সন্ত্রাসবাদী
কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানত সংকটত চাকৰি; জটিল সমাজ ব্যৱস্থাত নতুন চিন্তা
ৰে’লৰ পৰা কম্বল, আঠুৱা, টাৱেল চুৰি কৰিলে ৫ বছৰ পৰ্যন্ত জে'ল! নিয়ম জানি লওক
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে