--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ আহি পৰিছে সম্পত্তিৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান৷এহাল দম্পতীৰ সৈতে জড়িত গোচৰত মহিলাৰ সপক্ষে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। বুধবাৰে (২১ জুন) এই ৰায়দান দিওঁতে আদালতে কয় যে পত্নীয়ে স্বামীয়ে ক্ৰয় কৰা সম্পত্তিৰ সমান অংশীদাৰিত্বৰ অধিকাৰী। পত্নীয়ে পালন কৰা দায়িত্ববোৰক স্বামীৰ ৮ ঘণ্টাৰ কামৰ লগত তুলনা কৰিব নোৱাৰি। পত্নীয়ে ঘৰৰ যত্ন লয় আৰু এই কামটো স্বামীৰ ৮ ঘণ্টীয়া শ্বিফটতকৈ কোনো কাৰণতে কম নহয়।

এই গোচৰত স্বামীয়ে তেওঁৰ পত্নীয়ে কিনা সম্পত্তি দখল কৰি বিবাহ বহিৰ্ভূত প্ৰেম চলোৱাৰ অভিযোগো উত্থাপন কৰে। কন্যান নাইডু নামৰ এজন লোকে অভিযোগ কৰিছিল যে তেওঁৰ পত্নী কনছালাই যি সম্পত্তিৰ বাবে তেওঁ কিনিবলৈ টকা দিছিল সেই সম্পত্তি দখল কৰিব বিচাৰিছিল। যিহেতু তেওঁ বিদেশত আছিল, সেয়েহে তেওঁ নিজৰ নামত এই সম্পত্তি কিনিব পৰা নাছিল, সেয়েহে তেওঁ পত্নীৰ নামত সম্পত্তি কিনিছিল। এই গোচৰত স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ সন্তানে বিধৱা মাতৃৰ বিৰুদ্ধে গোচৰ চলাইছিল।

আদালতত কান্নিয়ানৰ পত্নীয়ে কৈছিল যে তেওঁৰ স্বামী বিদেশত থকাৰ সময়ত তেওঁ পৰিয়ালৰ যত্ন লোৱাৰ দৰেই এই সকলোবোৰ সম্পত্তিৰ সমানেই অধিকাৰী। ন্যায়াধীশ কৃষ্ণন ৰামাস্বামীয়ে কয় যে প্ৰতিবাদী মহিলাগৰাকী এগৰাকী গৃহিণী, যদিও তেওঁ কোনো প্ৰত্যক্ষ আৰ্থিক বৰঙণি আগবঢ়োৱা নাছিল, কিন্তু তেওঁ সন্তানৰ যত্ন লৈছিল, ঘৰৰ যত্ন লৈছিল।

আদালতে কয় যে মহিলাগৰাকীয়ে ঘৰুৱা কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যাৰ বাবেই তেওঁৰ স্বামীয়ে বিদেশত কাম কৰিবলৈ সক্ষম হৈছিল। নিজৰ সপোনক ত্যাগ কৰি সমগ্ৰ জীৱন পৰিয়াল আৰু সন্তানৰ যত্ন ল’বলৈ ঘৰত কটালে মহিলাগৰাকীয়ে। সাধাৰণতে বিবাহত পত্নীয়ে সন্তান জন্ম দিয়ে, ডাঙৰ-দীঘল কৰে আৰু ঘৰৰ যত্ন লয়। এইদৰে মহিলাই স্বামীক ঘৰৰ দায়িত্বৰ পৰা মুক্ত কৰে যাতে তেওঁ ওলাই গৈ কাম এটা কৰিব পাৰে সেই সুবিধা কৰি দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস