--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ আহি পৰিছে সম্পত্তিৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান৷এহাল দম্পতীৰ সৈতে জড়িত গোচৰত মহিলাৰ সপক্ষে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। বুধবাৰে (২১ জুন) এই ৰায়দান দিওঁতে আদালতে কয় যে পত্নীয়ে স্বামীয়ে ক্ৰয় কৰা সম্পত্তিৰ সমান অংশীদাৰিত্বৰ অধিকাৰী। পত্নীয়ে পালন কৰা দায়িত্ববোৰক স্বামীৰ ৮ ঘণ্টাৰ কামৰ লগত তুলনা কৰিব নোৱাৰি। পত্নীয়ে ঘৰৰ যত্ন লয় আৰু এই কামটো স্বামীৰ ৮ ঘণ্টীয়া শ্বিফটতকৈ কোনো কাৰণতে কম নহয়।

এই গোচৰত স্বামীয়ে তেওঁৰ পত্নীয়ে কিনা সম্পত্তি দখল কৰি বিবাহ বহিৰ্ভূত প্ৰেম চলোৱাৰ অভিযোগো উত্থাপন কৰে। কন্যান নাইডু নামৰ এজন লোকে অভিযোগ কৰিছিল যে তেওঁৰ পত্নী কনছালাই যি সম্পত্তিৰ বাবে তেওঁ কিনিবলৈ টকা দিছিল সেই সম্পত্তি দখল কৰিব বিচাৰিছিল। যিহেতু তেওঁ বিদেশত আছিল, সেয়েহে তেওঁ নিজৰ নামত এই সম্পত্তি কিনিব পৰা নাছিল, সেয়েহে তেওঁ পত্নীৰ নামত সম্পত্তি কিনিছিল। এই গোচৰত স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ সন্তানে বিধৱা মাতৃৰ বিৰুদ্ধে গোচৰ চলাইছিল।

আদালতত কান্নিয়ানৰ পত্নীয়ে কৈছিল যে তেওঁৰ স্বামী বিদেশত থকাৰ সময়ত তেওঁ পৰিয়ালৰ যত্ন লোৱাৰ দৰেই এই সকলোবোৰ সম্পত্তিৰ সমানেই অধিকাৰী। ন্যায়াধীশ কৃষ্ণন ৰামাস্বামীয়ে কয় যে প্ৰতিবাদী মহিলাগৰাকী এগৰাকী গৃহিণী, যদিও তেওঁ কোনো প্ৰত্যক্ষ আৰ্থিক বৰঙণি আগবঢ়োৱা নাছিল, কিন্তু তেওঁ সন্তানৰ যত্ন লৈছিল, ঘৰৰ যত্ন লৈছিল।

আদালতে কয় যে মহিলাগৰাকীয়ে ঘৰুৱা কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যাৰ বাবেই তেওঁৰ স্বামীয়ে বিদেশত কাম কৰিবলৈ সক্ষম হৈছিল। নিজৰ সপোনক ত্যাগ কৰি সমগ্ৰ জীৱন পৰিয়াল আৰু সন্তানৰ যত্ন ল’বলৈ ঘৰত কটালে মহিলাগৰাকীয়ে। সাধাৰণতে বিবাহত পত্নীয়ে সন্তান জন্ম দিয়ে, ডাঙৰ-দীঘল কৰে আৰু ঘৰৰ যত্ন লয়। এইদৰে মহিলাই স্বামীক ঘৰৰ দায়িত্বৰ পৰা মুক্ত কৰে যাতে তেওঁ ওলাই গৈ কাম এটা কৰিব পাৰে সেই সুবিধা কৰি দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ