--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্ভৰযোগ্য যাতায়তৰ মাধ্যম হিচাপে ভাৰতীয় জীৱনত ৰেলৰ এক বিশেষ স্থান আছে। কম খৰচত এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ ক্ষেত্ৰত ৰেলৰ গুৰুত্ব অপৰিসীম। কিন্তু ভাৰততো আছে এখন ৰেল, যিয়ে বিগত ৭৫ বছৰে যাত্ৰীক বিনামূলীয়াকৈ সেৱা আগবঢ়াই আহিছে।

এই ৰেলখনৰ নাম 'ভখৰা ট্ৰেইন'। এই দৈনিক ৰেলখন পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ সীমান্তত নংগল আৰু ভাখৰাৰ মাজত চলাচল কৰে। ১৯৪৮ চনত মুকলি কৰা এই বিশেষ ৰে’লখন প্ৰথমে পৰিবহণ শ্ৰমিকৰ বাবে প্ৰৱৰ্তন কৰা হৈছিল। এই ৰেলখন প্ৰথমে ভখৰা-নগাল বান্ধত কাম কৰা নিৰ্মাণ শ্ৰমিকৰ বাবে মুকলি কৰা হৈছিল। নিৰ্মাণ কাৰ্যত ব্যৱহৃত গধুৰ সা-সঁজুলিও যোগান ধৰাৰ বাবেও এই ৰে’লখন ব্যৱহাৰ কৰা হৈছিল।

১৯৬৩ চনত ভকৰা-নংগল মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়। তেতিয়ালৈকে নিৰ্মাণ শ্ৰমিক আৰু স্থানীয় লোকসকলে নিয়মিতভাৱে এই ৰেলযোগে যাত্ৰা কৰিছিল। মথাউৰি নির্মাণৰ কাম সম্পূর্ণ হোৱাৰ পাছত এই ৰে’লখনত শ্রমিকসকলে যাতায়ত বন্ধ কৰি দিলে যদিও এই ৰে’লখন স্থানীয় গাঁওবাসীৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈয়েই আছে৷

২৫খন গাঁৱৰ কাষেৰে পাৰ হৈ যোৱা এই ৰেলখনে প্ৰতিদিনে প্ৰায় ৩০০ যাত্ৰী কঢ়িয়াই লৈ ফুৰে। যাত্ৰীসকল মূলতঃ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু শ্ৰমিক। শতদ্ৰু নদী আৰু শিৱলিক পাহাৰৰ মাজৰ পৰা পাৰ হৈ যোৱা ৰেলখনে প্ৰতিদিনে মাত্ৰ ১৩ কিলোমিটাৰ যাত্ৰা কৰে।

প্ৰথম অৱস্থাত ৰেলখন ষ্টীম ইঞ্জিনেৰে চলাইছিল। কিন্তু ১৯৫৩ চনত এই পথটোক আধুনিকীকৰণৰ বাবে আমেৰিকাৰ পৰা তিনিটা নতুন ইঞ্জিন আমদানি কৰা হয়। তেতিয়াৰ পৰা এই ৰেলখনৰ ইঞ্জিন সলনি হোৱা নাই ৭০ বছৰে। দেশ স্বাধীন হোৱাৰ আগতে ৰেলৰ কেবিনবোৰ কৰাচীৰ কাঠেৰে তৈয়াৰ কৰা হৈছিল। প্ৰযুক্তিগত উন্নতি আৰু উন্নত ইঞ্জিনৰ পিছতো ৰেলখনৰ পুৰণি কাঠৰ মডেল সলনি কৰা নহ’ল।

ভখৰা ৰেলৰ ইঞ্জিনত প্ৰতি ঘণ্টাত প্ৰায় ১৮ৰ পৰা ২০ লিটাৰ ডিজেল খৰচ হয়। প্ৰতিদিনে পুৱা ৭:৫০ বজাত নংগল ষ্টেচনৰ পৰা ৰেলখনে ৰাতিপুৱা ৮:৩০ বজাৰ ভিতৰত ভাখৰা পোৱা যায়। সেইদিনা পুনৰ নংগলৰ পৰা বিয়লি ৩.৫ বজাত ভখৰালৈ ৰাওনা হয়। প্ৰায় ৪:৩০ বজাত ভাখৰা পালেহি।

বৰ্তমান ৰে’লখনৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ‘ভখৰা বিয়াছ মেনেজমেণ্ট ব’ৰ্ড’ (বিবিএমবি)ৰ অধীনত। ব্যয় বৃদ্ধিৰ বাবে বিবিএমবিয়ে ২০১১ চনত বিনামূলীয়া ৰে’ল সেৱা বন্ধ কৰাৰ কথা চিন্তা কৰিছিল। কিন্তু শেষত সেয়া নহ’ল।

ইয়াৰ ঐতিহাসিক গুৰুত্বৰ বাবে কৰ্তৃপক্ষই ৰে’লখনৰ নিয়মীয়া যাত্ৰীৰ পৰা ভাড়া লোৱাৰ সিদ্ধান্তত অটল আছিল। কোৱা হয় যে ভখৰা-নংগল বান্ধৰ গুৰুত্ব স্থানীয় ৰাইজৰ মাজত জীয়াই ৰাখিবলৈ ভাড়া আৰোপ কৰা হোৱা নাছিল।

দেশজুৰি প্ৰতিদিনে ২২ হাজাৰৰো অধিক ৰে’ল চলাচল কৰে। ভাৰতীয় ৰেলৱে বিশ্বৰ চতুৰ্থ বৃহত্তম ৰেলপথ। টিকট অবিহনে ৰেলযোগে যাত্ৰা কৰাটো শাস্তিযোগ্য অপৰাধ। কিন্তু ভখৰা ৰেল যাত্ৰীসকলে ৰেলৰ ভাড়াৰ বাবে চিন্তা কৰিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement