--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অ’পেনাৰ শিখৰ ধাৱানৰ পত্নী আয়েছা মুখাৰ্জীৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছে। দিল্লীৰ পাটিয়ালা হাউছ কমপ্লেক্সত অৱস্থিত পৰিয়াল আদালতে শিখৰ ধাৱনৰ বিবাহ বিচ্ছেদত অনুমোদন জনাইছে। আনহাতে, শিখৰ ধাৱনৰ পত্নীয়ে বছৰ বছৰ ধৰি একমাত্ৰ পুত্ৰৰ পৰা পৃথকে থাকিবলৈ বাধ্য কৰাই ধাৱনক মানসিক যন্ত্ৰণা প্ৰদান কৰা বুলিও আদালতে স্বীকাৰ কৰে।

পৰিয়াল আদালতৰ ন্যায়াধীশ হৰিশ কুমাৰে বিবাহ বিচ্ছেদৰ আৱেদনত পত্নীৰ বিৰুদ্ধে ধৱনে উত্থাপন কৰা সকলো অভিযোগ মানি লয়। পৰিয়াল আদালতে নিজৰ আদেশত কয় যে ধাৱনৰ পত্নীয়ে হয় ওপৰৰ অভিযোগৰ বিৰোধিতা কৰা নাছিল নহয় নিজৰ পক্ষ ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ধাৱন দম্পতীৰ পুত্ৰক স্থায়ী জিম্মাত ৰখাৰ কোনো আদেশ দিবলৈ আদালতে অস্বীকাৰ কৰে। আদালতে ধাৱানক পুত্ৰক লগ কৰিবলৈও অনুমতি দিছে।

ন্যায়াধীশ হৰিশ কুমাৰে স্বীকাৰ কৰে যে আয়েশাই ধাৱানক একমাত্ৰ পুত্ৰৰ পৰা পৃথকে থাকিবলৈ বাধ্য কৰাই মানসিক যন্ত্ৰণা দিছিল। সম্প্ৰতি আদালতে পুত্ৰক কোনে ৰাখিব সেই সন্দৰ্ভত কোনো নিৰ্দেশ দিয়া নাই যদিও এই কথাও মানি লৈছে যে ধাৱানে যুক্তিসংগত সময়ৰ বাবে ভাৰত আৰু অষ্ট্ৰেলিয়াত পুত্ৰক সাক্ষাৎ কৰি ভিডিঅ’ কলত কথা পাতিব পাৰে।

শিখৰ ধাৱানে ২০১২ চনত আয়েশা মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ধাৱানতকৈ ১০ বছৰ ডাঙৰ আছিল আয়েছা মুখাৰ্জী আৰু এয়া আয়েছাৰ দ্বিতীয় বিবাহ। আয়েছাৰ প্ৰথম বিবাহ হৈছিল এজন অষ্ট্ৰেলিয়ান ব্যৱসায়ীৰ সৈতে, যাৰ ফালৰ পৰা তেওঁৰ দুগৰাকী কন্যা সন্তান আছে। ধাৱান-আয়েছাৰ এটি পুত্ৰ আছে জোৰাৱাৰ। দুয়োজনে ফেচবুকত এজন সাধাৰণ বন্ধুৰ জৰিয়তে লগ পাইছিল। তাৰ পিছত দুয়ো দুয়োৰে প্ৰেমত পৰি বিয়া হ'ল।

দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ পৰা আঁতৰি আছে শিখৰ ধাৱান। এতিয়া তেওঁক কেৱল আই পি এলত খেলা দেখা গৈছে। ভাৰতৰ হৈ তিনিওটা ফৰ্মেটতে ক্ৰিকেট খেলিছে। ধাৱনে ৩৪খন টেষ্টত ২৩১৫ ৰান, ১৬৭খন এদিনীয়াত ৬৭৯৩ ৰান আৰু ৬৮খন টি-২০ মেচত ১৭৫৯ ৰান সংগ্ৰহ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ