--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অ’পেনাৰ শিখৰ ধাৱানৰ পত্নী আয়েছা মুখাৰ্জীৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছে। দিল্লীৰ পাটিয়ালা হাউছ কমপ্লেক্সত অৱস্থিত পৰিয়াল আদালতে শিখৰ ধাৱনৰ বিবাহ বিচ্ছেদত অনুমোদন জনাইছে। আনহাতে, শিখৰ ধাৱনৰ পত্নীয়ে বছৰ বছৰ ধৰি একমাত্ৰ পুত্ৰৰ পৰা পৃথকে থাকিবলৈ বাধ্য কৰাই ধাৱনক মানসিক যন্ত্ৰণা প্ৰদান কৰা বুলিও আদালতে স্বীকাৰ কৰে।

পৰিয়াল আদালতৰ ন্যায়াধীশ হৰিশ কুমাৰে বিবাহ বিচ্ছেদৰ আৱেদনত পত্নীৰ বিৰুদ্ধে ধৱনে উত্থাপন কৰা সকলো অভিযোগ মানি লয়। পৰিয়াল আদালতে নিজৰ আদেশত কয় যে ধাৱনৰ পত্নীয়ে হয় ওপৰৰ অভিযোগৰ বিৰোধিতা কৰা নাছিল নহয় নিজৰ পক্ষ ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ধাৱন দম্পতীৰ পুত্ৰক স্থায়ী জিম্মাত ৰখাৰ কোনো আদেশ দিবলৈ আদালতে অস্বীকাৰ কৰে। আদালতে ধাৱানক পুত্ৰক লগ কৰিবলৈও অনুমতি দিছে।

ন্যায়াধীশ হৰিশ কুমাৰে স্বীকাৰ কৰে যে আয়েশাই ধাৱানক একমাত্ৰ পুত্ৰৰ পৰা পৃথকে থাকিবলৈ বাধ্য কৰাই মানসিক যন্ত্ৰণা দিছিল। সম্প্ৰতি আদালতে পুত্ৰক কোনে ৰাখিব সেই সন্দৰ্ভত কোনো নিৰ্দেশ দিয়া নাই যদিও এই কথাও মানি লৈছে যে ধাৱানে যুক্তিসংগত সময়ৰ বাবে ভাৰত আৰু অষ্ট্ৰেলিয়াত পুত্ৰক সাক্ষাৎ কৰি ভিডিঅ’ কলত কথা পাতিব পাৰে।

শিখৰ ধাৱানে ২০১২ চনত আয়েশা মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ধাৱানতকৈ ১০ বছৰ ডাঙৰ আছিল আয়েছা মুখাৰ্জী আৰু এয়া আয়েছাৰ দ্বিতীয় বিবাহ। আয়েছাৰ প্ৰথম বিবাহ হৈছিল এজন অষ্ট্ৰেলিয়ান ব্যৱসায়ীৰ সৈতে, যাৰ ফালৰ পৰা তেওঁৰ দুগৰাকী কন্যা সন্তান আছে। ধাৱান-আয়েছাৰ এটি পুত্ৰ আছে জোৰাৱাৰ। দুয়োজনে ফেচবুকত এজন সাধাৰণ বন্ধুৰ জৰিয়তে লগ পাইছিল। তাৰ পিছত দুয়ো দুয়োৰে প্ৰেমত পৰি বিয়া হ'ল।

দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ পৰা আঁতৰি আছে শিখৰ ধাৱান। এতিয়া তেওঁক কেৱল আই পি এলত খেলা দেখা গৈছে। ভাৰতৰ হৈ তিনিওটা ফৰ্মেটতে ক্ৰিকেট খেলিছে। ধাৱনে ৩৪খন টেষ্টত ২৩১৫ ৰান, ১৬৭খন এদিনীয়াত ৬৭৯৩ ৰান আৰু ৬৮খন টি-২০ মেচত ১৭৫৯ ৰান সংগ্ৰহ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু