--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উজ্জ্বল প্ৰদৰ্শনেৰে এছিয়াডত জিলিকি উঠিছে ভাৰতীয় খেলুৱৈ৷অতি উন্নত প্ৰদৰ্শনৰে ভাৰতীয় খেলুৱৈসকলে হাংঝোত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ কেৱল মুঠ পদকৰ সংখ্যাতেই নহয়, স্বৰ্ণ জয়ৰ ক্ষেত্ৰতো ভাৰতে এইবাৰ এক নতুন নজিৰ গঢ়ি তুলিছে। এই প্ৰতিবেদন প্ৰস্তুত কৰা সময়লৈকে ভাৰতৰ হাতত আছে ২১টা স্বৰ্ণ, ৩১টা ৰূপ আৰু ৩২টা ব্ৰঞ্জৰ পদক। অৰ্থাৎ ভাৰতবৰ্ষই ৮৪টা পদক লাভ কৰিছে।

ইয়াৰ পূৰ্বে এছিয়ান গেমছত ভাৰতৰ সৰ্বোত্তম ফলাফল আছিল ২০১৮ চনত। সেইবাৰ জাকাৰ্টাত ভাৰতে মুঠ ৭০টা পদক লাভ কৰিছিল। সেইবাৰ ভাৰতে ১৬টা স্বৰ্ণ জয় কৰিছিল। পূৰ্বতে এয়াই আছিল আজিলৈকে একক প্ৰতিযোগিতাত সৰ্বাধিক সোণৰ পদক লাভ কৰাৰ অভিলেখ।২০১৮ত ভাৰতে ২৪টা ৰূপ আৰু ৩০টা ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২৩ৰ প্ৰায় আৰম্ভণিৰে পৰাই ভাৰতীয় দলে পদক তালিকাৰ চতুৰ্থ স্থান অক্ষুণ্ণ ৰাখিছে। প্ৰথম স্থানত আছে চীন। দ্বিতীয় স্থানৰ বাবে যুঁজ জাপান আৰু দক্ষিণ কোৰিয়াৰ মাজত। কিছু সময়ৰ বাবে চীনা টাইপেই, থাইলেণ্ডৰ দৰে দেশ যেন চতুৰ্থ স্থানৰ বাবে ভাৰতৰ প্ৰতিদ্বন্দ্বী হৈ পৰিল। কিন্তু গেমছ আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতীয় খেলুৱৈসকলে এই ব্যৱধান বৃদ্ধি কৰে। 

ভাৰতে এইবাৰ ৬৫৫ জনীয়া এটা দলক খেললৈ প্ৰেৰণ কৰিছে। ইমান বৃহৎ দল এছিয়ান গেমছলৈ আগতে কেতিয়াও যোৱা নাছিল। এইবাৰ ভাৰতীয়ই ১০০ৰো অধিক পদক লাভ কৰিব বুলি আশা কৰা হৈছে। প্ৰায় ৯০ টা পদকৰ নিশ্চয়তা ইতিমধ্যে আছে। এছিয়ান গেমছৰ সমাপ্তিৰ বাবে এতিয়াও তিনিদিন বাকী। বিশ্বাস কৰা হৈছে যে ভাৰতৰ বাবে আকাংক্ষিত লক্ষ্যত উপনীত হোৱাটো বৰ বিশেষ কঠিন নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু