--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উজ্জ্বল প্ৰদৰ্শনেৰে এছিয়াডত জিলিকি উঠিছে ভাৰতীয় খেলুৱৈ৷অতি উন্নত প্ৰদৰ্শনৰে ভাৰতীয় খেলুৱৈসকলে হাংঝোত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ কেৱল মুঠ পদকৰ সংখ্যাতেই নহয়, স্বৰ্ণ জয়ৰ ক্ষেত্ৰতো ভাৰতে এইবাৰ এক নতুন নজিৰ গঢ়ি তুলিছে। এই প্ৰতিবেদন প্ৰস্তুত কৰা সময়লৈকে ভাৰতৰ হাতত আছে ২১টা স্বৰ্ণ, ৩১টা ৰূপ আৰু ৩২টা ব্ৰঞ্জৰ পদক। অৰ্থাৎ ভাৰতবৰ্ষই ৮৪টা পদক লাভ কৰিছে।

ইয়াৰ পূৰ্বে এছিয়ান গেমছত ভাৰতৰ সৰ্বোত্তম ফলাফল আছিল ২০১৮ চনত। সেইবাৰ জাকাৰ্টাত ভাৰতে মুঠ ৭০টা পদক লাভ কৰিছিল। সেইবাৰ ভাৰতে ১৬টা স্বৰ্ণ জয় কৰিছিল। পূৰ্বতে এয়াই আছিল আজিলৈকে একক প্ৰতিযোগিতাত সৰ্বাধিক সোণৰ পদক লাভ কৰাৰ অভিলেখ।২০১৮ত ভাৰতে ২৪টা ৰূপ আৰু ৩০টা ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২৩ৰ প্ৰায় আৰম্ভণিৰে পৰাই ভাৰতীয় দলে পদক তালিকাৰ চতুৰ্থ স্থান অক্ষুণ্ণ ৰাখিছে। প্ৰথম স্থানত আছে চীন। দ্বিতীয় স্থানৰ বাবে যুঁজ জাপান আৰু দক্ষিণ কোৰিয়াৰ মাজত। কিছু সময়ৰ বাবে চীনা টাইপেই, থাইলেণ্ডৰ দৰে দেশ যেন চতুৰ্থ স্থানৰ বাবে ভাৰতৰ প্ৰতিদ্বন্দ্বী হৈ পৰিল। কিন্তু গেমছ আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতীয় খেলুৱৈসকলে এই ব্যৱধান বৃদ্ধি কৰে। 

ভাৰতে এইবাৰ ৬৫৫ জনীয়া এটা দলক খেললৈ প্ৰেৰণ কৰিছে। ইমান বৃহৎ দল এছিয়ান গেমছলৈ আগতে কেতিয়াও যোৱা নাছিল। এইবাৰ ভাৰতীয়ই ১০০ৰো অধিক পদক লাভ কৰিব বুলি আশা কৰা হৈছে। প্ৰায় ৯০ টা পদকৰ নিশ্চয়তা ইতিমধ্যে আছে। এছিয়ান গেমছৰ সমাপ্তিৰ বাবে এতিয়াও তিনিদিন বাকী। বিশ্বাস কৰা হৈছে যে ভাৰতৰ বাবে আকাংক্ষিত লক্ষ্যত উপনীত হোৱাটো বৰ বিশেষ কঠিন নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ