--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নী গৈছিল মাতৃগৃহলৈ। পত্নী মাতৃগৃহত থকাৰ সুযোগত স্বামীয়ে নিজৰ ঘৰলৈ লৈ আনে প্ৰেমিকাক। ইয়াৰ পাছতে ঘটিল অঘটন। পত্নীৰ কাণত পৰিল যে স্বামীৰ সৈতে কোনো যুৱতী ঘৰখনত সোমাই আছে। লগেলগে পত্নীয়ে দুই ভায়েকৰ সৈতে ঘৰত উপস্থিত হয়। প্ৰেমিকাৰ সৈতে হাতে-লোটে স্বামীক ধৰে পত্নী আৰু দুই ভায়েকে। ইয়াৰ পাছত দুই পক্ষৰ মাজত প্ৰচণ্ড কাজিয়া হয়।

উত্তৰ প্ৰদেশৰ বাহৰেইচ জিলাত ঘটিছে এই ঘটনা। পতি ৰবি মৌৰ্য এগৰাকী ইঞ্জিনীয়াৰ আৰু পত্নী বিজয়লক্ষ্মী এগৰাকী শিক্ষয়িত্ৰী। পত্নীয়ে নিজৰ এক চিকিৎসাৰ বাবে মাতৃগৃহত আছিল। শিক্ষয়িত্ৰী পত্নীৰ অনুপস্থিতিত ইঞ্জিনীয়াৰ স্বামীয়ে তেওঁৰ চৰকাৰী বাসগৃহত কেইবাদিনো ধৰি তেওঁৰ প্ৰেমিকাৰ সৈতে প্ৰেমত মত্ত হৈ আছিল। এই কথা কাণত পৰা লগে লগে পত্নী বিজয়লক্ষ্মীয়ে অলপো পলম নকৰি দুই ভায়েকৰ সৈতে ঘৰলৈ ঢপলিয়াই আহে। স্বামীক প্ৰেয়সীৰ সৈতে একেটা কোঠাতে হাতে-লোটে ধৰিলে পত্নীয়ে। ইয়াৰ পিছত হুলস্থুলৰ সৃষ্টি হয় আৰু পত্নী আৰু প্ৰেমিকাৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়।



বায়েকক প্ৰতাৰণা কৰা দেখি দুই খুলশালীয়ে প্ৰচণ্ড মাৰপিট কৰে ভিনিহিয়েকক। বিজয়লক্ষ্মীয়ে স্বামীৰ প্ৰেমিকা ৰোশনী বাৰ্মাক তীব্ৰ ভাষাত গালি পাৰে। ইয়াৰ পাছতে তেওঁ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সকলোকে থানালৈ লৈ আহে। ইঞ্জিনীয়াৰ স্বামীয়ে পুনৰ এনে কার্য নকৰো বুলি প্রতিশ্রুতি দিয়াৰ পাছত পত্নীৰ হৃদয় কোমলি যায় আৰু স্বামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল’বলৈ আৰক্ষীক অনুৰোধ জনায়। ইয়াৰ পাছত আৰক্ষীৰ সহযোগত বিষয়টো শান্ত হয়। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ