--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বিশেষ এপাৰ্টমেণ্টৰ পৰিচালনা সমিতিয়ে এপাৰ্টমেণ্টটোত বাস কৰা কোনো পুৰুষেই লুঙি পিন্ধিব নোৱাৰিব বুলি নিষেধাজ্ঞা জাৰি কৰিছে। একেদৰে মহিলাৰ ক্ষেত্ৰতো নাইটি পিন্ধা বন্ধ কৰা হৈছে। সাজ-পোছাকৰ ক্ষেত্ৰত এনে নিষেধাজ্ঞা জাৰি কৰিছে গ্ৰেটাৰ নয়ডাৰ এটা এপাৰ্টমেণ্টৰ  বাসিন্দাসকলৰ কল্যাণ সংস্থাই (আৰডব্লিউএ) ।

 আৰডব্লিউএই  বাসিন্দাসকলৰ বাবে  এক জাননী জাৰি কৰিছে। জাননী খনত এপাৰ্টমেণ্টটোৰ বাসিন্দাসকলক ফ্লেটৰ চৌহদত 'লুঙি আৰু নাইটি' পৰিধান নকৰিবলৈ অনুৰোধ জনাইছে। ১০ জুনতে জাৰি কৰা জাননীখন শেহতীয়াকৈ  ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।  আৰডব্লিউএ-য়ে মানুহৰ ব্যক্তিগত পছন্দৰ ওপৰত কুঠাৰাঘাত বুলি আন হাউচিং ছ'চাইটিৰ বাসিন্দাসকলে  সমালোচনা কৰিছে। 

নয়ডা ফেডাৰেচন অৱ এপাৰ্টমেণ্ট অ'নাৰ্ছ এছ'চিয়েশ্যনৰ (এন.ও.এফ.এ.এ.) সভাপতি ৰাজীৱ সিঙে কয় যে বাসিন্দাসকলৰ কল্যাণ সংস্থাৰ এনে নিৰ্দেশনাৰ খচৰা প্ৰস্তুত  কৰাৰ কৰ্তৃত্ব নাই।তেওঁ কয় যে ফ্লেটৰ চৌহদত খোজ কঢ়াৰ বাবে পোছাক সংহিতা" শীৰ্ষক জাননীখন গ্ৰেটাৰ নয়ডাৰ এফআই-২ৰ হিমসাগৰ ছ’চাইটিৰ আৰডব্লিউএ-য়ে জাৰি কৰিছে।


জাননী খনত  কোৱা হৈছে, "আপোনালোক সকলোৰে পৰা আশা কৰা হৈছে  যে যেতিয়াই আপুনি ফ্লেটৰ চৌহদত  ঘূৰি ফুৰে, আপুনি আপোনাৰ আচৰণ আৰু পোছাকৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব,  যাতে আপুনি আন কাৰোবাক আপোনাৰ আচৰণ সন্দৰ্ভত  আপত্তি কৰাৰ কোনো সুযোগ নিদিয়ে... সেয়েহে, সকলোকে লুঙি  আৰু নাইটি পিন্ধি ঘূৰি নুফুৰিবলৈ  অনুৰোধ কৰা হৈছে।"

আৰডব্লিউএৰ সভাপতি চি কে কালৰাই কয়  যে তেওঁ কেইগৰাকীমান মহিলা আবাসীৰ পৰা অভিযোগ পোৱাৰ পিছতে আবাসীসকলক এই নিৰ্দেশনাবোৰ অনুসৰণ কৰিবলৈ অনুৰোধ জনাইছে।তেওঁ কয়  "কেইদিনমান আগতে একাংশ  মহিলাই আমাক এজন জ্যেষ্ঠ নাগৰিকে লুঙি পিন্ধি উদ্যানত  যোগাভ্যাস কৰাৰ বিষয়ে অভিযোগ কৰিছিল।  আমি প্ৰথমে লোকসকলক মৌখিকভাৱে অনুৰোধ কৰিবলৈ চেষ্টা কৰিছিলো, তাৰ পিছত আমাৰ সংগঠনে ইয়াক এক বিজ্ঞপ্তিৰ ৰূপত জাৰি কৰাৰ  সিদ্ধান্ত লয়।"

ফ্লেটটোৰ এগৰাকী  বাসিন্দা ৰুকমণি সিঙে কয়"এয়া  এনে নহয় যে আৰডব্লিউএ-য়ে পোছাক সংহিতা পালন নকৰাৰ বাবে জৰিমনা আৰোপ কৰিছে। মই ব্যক্তিগতভাৱে কেতিয়াও কোনো বাসিন্দাক লুঙি  বা নাইটি পিন্ধি  চৌহদত ঘূৰি ফুৰা দেখা নাই। ইয়াত মানুহ অধিক শৃংখলাবদ্ধ কিয়নো ইয়াত কেইবাজনো অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা কৰ্মীয়ে বাস কৰে,"।

গ্ৰেটাৰ নয়ডাৰ ফেডাৰেচন অফ আৰডব্লিউএৰ সভাপতি দেৱেন্দ্ৰ টাইগাৰে অৱশ্যে এনে নিৰ্দেশনাত  একমত নহয়। তেওঁ কয়, "আৱাসিক স্থান কোনো এখন শিক্ষানুষ্ঠান নহয় , য’ত  পোছাক সংহিতাৰ প্ৰয়োজন।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস