--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বিশেষ এপাৰ্টমেণ্টৰ পৰিচালনা সমিতিয়ে এপাৰ্টমেণ্টটোত বাস কৰা কোনো পুৰুষেই লুঙি পিন্ধিব নোৱাৰিব বুলি নিষেধাজ্ঞা জাৰি কৰিছে। একেদৰে মহিলাৰ ক্ষেত্ৰতো নাইটি পিন্ধা বন্ধ কৰা হৈছে। সাজ-পোছাকৰ ক্ষেত্ৰত এনে নিষেধাজ্ঞা জাৰি কৰিছে গ্ৰেটাৰ নয়ডাৰ এটা এপাৰ্টমেণ্টৰ  বাসিন্দাসকলৰ কল্যাণ সংস্থাই (আৰডব্লিউএ) ।

 আৰডব্লিউএই  বাসিন্দাসকলৰ বাবে  এক জাননী জাৰি কৰিছে। জাননী খনত এপাৰ্টমেণ্টটোৰ বাসিন্দাসকলক ফ্লেটৰ চৌহদত 'লুঙি আৰু নাইটি' পৰিধান নকৰিবলৈ অনুৰোধ জনাইছে। ১০ জুনতে জাৰি কৰা জাননীখন শেহতীয়াকৈ  ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।  আৰডব্লিউএ-য়ে মানুহৰ ব্যক্তিগত পছন্দৰ ওপৰত কুঠাৰাঘাত বুলি আন হাউচিং ছ'চাইটিৰ বাসিন্দাসকলে  সমালোচনা কৰিছে। 

নয়ডা ফেডাৰেচন অৱ এপাৰ্টমেণ্ট অ'নাৰ্ছ এছ'চিয়েশ্যনৰ (এন.ও.এফ.এ.এ.) সভাপতি ৰাজীৱ সিঙে কয় যে বাসিন্দাসকলৰ কল্যাণ সংস্থাৰ এনে নিৰ্দেশনাৰ খচৰা প্ৰস্তুত  কৰাৰ কৰ্তৃত্ব নাই।তেওঁ কয় যে ফ্লেটৰ চৌহদত খোজ কঢ়াৰ বাবে পোছাক সংহিতা" শীৰ্ষক জাননীখন গ্ৰেটাৰ নয়ডাৰ এফআই-২ৰ হিমসাগৰ ছ’চাইটিৰ আৰডব্লিউএ-য়ে জাৰি কৰিছে।


জাননী খনত  কোৱা হৈছে, "আপোনালোক সকলোৰে পৰা আশা কৰা হৈছে  যে যেতিয়াই আপুনি ফ্লেটৰ চৌহদত  ঘূৰি ফুৰে, আপুনি আপোনাৰ আচৰণ আৰু পোছাকৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব,  যাতে আপুনি আন কাৰোবাক আপোনাৰ আচৰণ সন্দৰ্ভত  আপত্তি কৰাৰ কোনো সুযোগ নিদিয়ে... সেয়েহে, সকলোকে লুঙি  আৰু নাইটি পিন্ধি ঘূৰি নুফুৰিবলৈ  অনুৰোধ কৰা হৈছে।"

আৰডব্লিউএৰ সভাপতি চি কে কালৰাই কয়  যে তেওঁ কেইগৰাকীমান মহিলা আবাসীৰ পৰা অভিযোগ পোৱাৰ পিছতে আবাসীসকলক এই নিৰ্দেশনাবোৰ অনুসৰণ কৰিবলৈ অনুৰোধ জনাইছে।তেওঁ কয়  "কেইদিনমান আগতে একাংশ  মহিলাই আমাক এজন জ্যেষ্ঠ নাগৰিকে লুঙি পিন্ধি উদ্যানত  যোগাভ্যাস কৰাৰ বিষয়ে অভিযোগ কৰিছিল।  আমি প্ৰথমে লোকসকলক মৌখিকভাৱে অনুৰোধ কৰিবলৈ চেষ্টা কৰিছিলো, তাৰ পিছত আমাৰ সংগঠনে ইয়াক এক বিজ্ঞপ্তিৰ ৰূপত জাৰি কৰাৰ  সিদ্ধান্ত লয়।"

ফ্লেটটোৰ এগৰাকী  বাসিন্দা ৰুকমণি সিঙে কয়"এয়া  এনে নহয় যে আৰডব্লিউএ-য়ে পোছাক সংহিতা পালন নকৰাৰ বাবে জৰিমনা আৰোপ কৰিছে। মই ব্যক্তিগতভাৱে কেতিয়াও কোনো বাসিন্দাক লুঙি  বা নাইটি পিন্ধি  চৌহদত ঘূৰি ফুৰা দেখা নাই। ইয়াত মানুহ অধিক শৃংখলাবদ্ধ কিয়নো ইয়াত কেইবাজনো অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা কৰ্মীয়ে বাস কৰে,"।

গ্ৰেটাৰ নয়ডাৰ ফেডাৰেচন অফ আৰডব্লিউএৰ সভাপতি দেৱেন্দ্ৰ টাইগাৰে অৱশ্যে এনে নিৰ্দেশনাত  একমত নহয়। তেওঁ কয়, "আৱাসিক স্থান কোনো এখন শিক্ষানুষ্ঠান নহয় , য’ত  পোছাক সংহিতাৰ প্ৰয়োজন।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ