--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পত্নী যদি চৰিত্ৰহীনা হয়, তেন্তে বিবাহ বিচ্ছেদৰ পাছত স্বামীয়ে ভৰণপোষণ ল’ব নালাগে। এইধৰণৰ এটা ৰায় প্ৰদান কৰিছে পঞ্জাৱ আৰু হাৰিয়ানা হাই কোৰ্টে। ৰাটো প্ৰদান কৰি এগৰাকী মহিলাৰ এই সংক্ৰান্তীয় এখন আবেদন খাৰিজ কৰিছে আদালতে।

হাইকোৰ্টৰ এখন বিচাৰপীঠে এই ৰায়প্ৰদান কৰিছে। আবেদন দাখিল কৰা উক্ত মহিলাগৰাকীৰ বিৰুদ্ধে ব্যভিচাৰীতাৰ অভিযোগ আছিল বুলি আদালতে জনাইছে। মহিলাগৰাকীৰ স’তে তেওঁৰ স্বামীৰ ইতিমধ্যে পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদ হৈছে।

মহিলাগৰাকীৰ বিৰুদ্ধে স্বামীয়ে অভিযোগ কৰে যে তেওঁৰ ব্যৱহাৰ অতি উগ্ৰ। তদুপৰি শহুৰেককে ধৰি স্বামীৰ সম্বন্ধীয় লোকসকলক প্ৰায়ে অপমান কৰি আহিছে তেওঁ। নিজৰ স্বামীকো বন্ধুবৰ্গৰ সন্মুখত ঠাট্টা-মস্কৰা কৰি আহিছে।

কেৱল সেয়াই নহয়, দম্পত্তিহালৰ কোনো সন্তানো নাই। অভিযোগ অনুসৰি স্বামীৰ যৌন ক্ষমতা লৈও প্ৰশ্ন উত্থাপন কৰিছিল মহিলাগৰাকীয়ে।

পৰপুৰুষৰ স’তেও মহিলাগৰাকীয়ে দৈহিক সম্পৰ্কত লিপ্ত হোৱা বুলি স্বামীয়ে অভিযোগ কৰে। অভিযোগৰ স’তে তথ্যপ্ৰমাণো আদালতত জমা দিয়ে তেওঁ।

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ পৰা স্থায়ীভাৱে ভৰণপোষণ লাভ কৰিবলৈ হাইকোৰ্টৰ দ্বাৰস্থ হয় মহিলাগৰাকী। কিন্তু ব্যভিচাৰ আৰু চৰিত্ৰহীনতাৰ অভিযোগত এইদৰে তেওঁৰ আবেদন নাকচ কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু