--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পত্নী যদি চৰিত্ৰহীনা হয়, তেন্তে বিবাহ বিচ্ছেদৰ পাছত স্বামীয়ে ভৰণপোষণ ল’ব নালাগে। এইধৰণৰ এটা ৰায় প্ৰদান কৰিছে পঞ্জাৱ আৰু হাৰিয়ানা হাই কোৰ্টে। ৰাটো প্ৰদান কৰি এগৰাকী মহিলাৰ এই সংক্ৰান্তীয় এখন আবেদন খাৰিজ কৰিছে আদালতে।

হাইকোৰ্টৰ এখন বিচাৰপীঠে এই ৰায়প্ৰদান কৰিছে। আবেদন দাখিল কৰা উক্ত মহিলাগৰাকীৰ বিৰুদ্ধে ব্যভিচাৰীতাৰ অভিযোগ আছিল বুলি আদালতে জনাইছে। মহিলাগৰাকীৰ স’তে তেওঁৰ স্বামীৰ ইতিমধ্যে পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদ হৈছে।

মহিলাগৰাকীৰ বিৰুদ্ধে স্বামীয়ে অভিযোগ কৰে যে তেওঁৰ ব্যৱহাৰ অতি উগ্ৰ। তদুপৰি শহুৰেককে ধৰি স্বামীৰ সম্বন্ধীয় লোকসকলক প্ৰায়ে অপমান কৰি আহিছে তেওঁ। নিজৰ স্বামীকো বন্ধুবৰ্গৰ সন্মুখত ঠাট্টা-মস্কৰা কৰি আহিছে।

কেৱল সেয়াই নহয়, দম্পত্তিহালৰ কোনো সন্তানো নাই। অভিযোগ অনুসৰি স্বামীৰ যৌন ক্ষমতা লৈও প্ৰশ্ন উত্থাপন কৰিছিল মহিলাগৰাকীয়ে।

পৰপুৰুষৰ স’তেও মহিলাগৰাকীয়ে দৈহিক সম্পৰ্কত লিপ্ত হোৱা বুলি স্বামীয়ে অভিযোগ কৰে। অভিযোগৰ স’তে তথ্যপ্ৰমাণো আদালতত জমা দিয়ে তেওঁ।

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ পৰা স্থায়ীভাৱে ভৰণপোষণ লাভ কৰিবলৈ হাইকোৰ্টৰ দ্বাৰস্থ হয় মহিলাগৰাকী। কিন্তু ব্যভিচাৰ আৰু চৰিত্ৰহীনতাৰ অভিযোগত এইদৰে তেওঁৰ আবেদন নাকচ কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক