--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নানান কাৰণত পত্নী-পত্নীৰ বিবাহ বিচ্ছেদ হ’ব পাৰে। কিন্ত পত্নী যদি  ব্যভিচাৰী হয় তেন্তে বিবাহ বিচ্ছেদৰ পিছত স্বামীয়ে তেনে পত্নীৰ ভৰণপোষণৰ  দায়িত্ব ন’ললেও হ’ব । আজি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে  এই ৰায় দিয়ে। আদালতে কয়  যে বিবাহ বিচ্ছেদৰ পিছত এজন ব্যক্তিয়ে তেওঁৰ ব্যভিচাৰী আৰু নিষ্ঠুৰ পত্নীৰ স্থায়ী ৰক্ষণাবেক্ষণৰ দায়িত্ব ন’ললেও হ’ব। এগৰাকী মহিলাৰ আবেদন  আজি আদালতে  নাকচ কৰে।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিধি গুপ্তা আৰু ন্যায়াধীশ ৰিতু বহৰিৰ  খণ্ড বিচাৰপীঠে শেহতীয়াকৈ এই নিৰ্দেশ প্ৰদান কৰিছে। আদালতে বিবাহ বিচ্ছেদৰ গোচৰত স্থায়ী ৰক্ষণাবেক্ষণৰ বাবে পত্নীৰ আবেদনখনো নাকচ কৰিছে। মহিলাগৰাকীৰ বিৰুদ্ধে ব্যভিচাৰত লিপ্ত হোৱা আৰু স্বামীৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ অভিযোগ আছিল। বিবাহ বিচ্ছেদ পাৰিবাৰিক আদালতত হৈছিল।  

জানিব পৰা মতে গোচৰটোৰ সৈতে জৰিত মহিলাগৰাকীৰে লোক এজনৰ   ১৯৮৯ চনত বিবাহ সম্পন্ন  হৈছিল। কিন্তু তেওঁলোকে বিবাহৰ কেইবছৰমানৰ পিছতে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে। স্বামীয়ে বিবাহ বিচ্ছেদ বিচাৰিছিল তেওঁৰ পত্নীৰ নিষ্ঠুৰ আচৰণৰ অভিযোগ তুলি।অভিযোগ কৰা হৈছিল যে পত্নীয়ে তেওঁৰ স্বামী আৰু  শহুৰেকক অপমান কৰিছিল। কেৱল সেয়াই নহয়,পত্নীয়ে সকলোৰে সন্মুখত তেওঁৰ স্বামীৰ যৌন সামৰ্থ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰো অভিযোগ উঠিছিল।

ইয়াৰ উপৰিও লোকজনে  তেওঁৰ পত্নীৰ ওপৰত ব্যভিচাৰৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ কৈছিল যে তেওঁৰ পত্নীয়ে মানুহ এজনৰ সৈতে অবৈধ শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছিল। মানুহজনে তেওঁ কৰা সকলো অভিযোগৰ সমৰ্থনত আদালতত প্ৰমাণ দাখিল কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছতে পাৰিবাৰিক আদালতত তেওঁলোকৰ বিবাহ বিচ্ছেদ সম্পূৰ্ণ হয়।বিবাহ বিচ্ছেদৰ পিছত  মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ পৰা স্থায়ী ভৰণপোষণ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰে। আদালতে লক্ষ্য কৰিছিল যে মহিলাগৰাকী বিবাহ বিচ্ছেদৰ আগতে আৰু পিছত আন এজন পুৰুষৰ সৈতে সম্পৰ্কত লিপ্ত আছিল। তেওঁৰ বিৰুদ্ধে ব্যভিচাৰ আৰু নিষ্ঠুৰতাৰ অভিযোগ আছে। গতিকে মহিলাগৰাকী স্বামীৰ পৰা স্থায়ী ভৰণপোষণৰ সুবিধা পোৱাৰ যোগ্য নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক