--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নানান কাৰণত পত্নী-পত্নীৰ বিবাহ বিচ্ছেদ হ’ব পাৰে। কিন্ত পত্নী যদি  ব্যভিচাৰী হয় তেন্তে বিবাহ বিচ্ছেদৰ পিছত স্বামীয়ে তেনে পত্নীৰ ভৰণপোষণৰ  দায়িত্ব ন’ললেও হ’ব । আজি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে  এই ৰায় দিয়ে। আদালতে কয়  যে বিবাহ বিচ্ছেদৰ পিছত এজন ব্যক্তিয়ে তেওঁৰ ব্যভিচাৰী আৰু নিষ্ঠুৰ পত্নীৰ স্থায়ী ৰক্ষণাবেক্ষণৰ দায়িত্ব ন’ললেও হ’ব। এগৰাকী মহিলাৰ আবেদন  আজি আদালতে  নাকচ কৰে।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিধি গুপ্তা আৰু ন্যায়াধীশ ৰিতু বহৰিৰ  খণ্ড বিচাৰপীঠে শেহতীয়াকৈ এই নিৰ্দেশ প্ৰদান কৰিছে। আদালতে বিবাহ বিচ্ছেদৰ গোচৰত স্থায়ী ৰক্ষণাবেক্ষণৰ বাবে পত্নীৰ আবেদনখনো নাকচ কৰিছে। মহিলাগৰাকীৰ বিৰুদ্ধে ব্যভিচাৰত লিপ্ত হোৱা আৰু স্বামীৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ অভিযোগ আছিল। বিবাহ বিচ্ছেদ পাৰিবাৰিক আদালতত হৈছিল।  

জানিব পৰা মতে গোচৰটোৰ সৈতে জৰিত মহিলাগৰাকীৰে লোক এজনৰ   ১৯৮৯ চনত বিবাহ সম্পন্ন  হৈছিল। কিন্তু তেওঁলোকে বিবাহৰ কেইবছৰমানৰ পিছতে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে। স্বামীয়ে বিবাহ বিচ্ছেদ বিচাৰিছিল তেওঁৰ পত্নীৰ নিষ্ঠুৰ আচৰণৰ অভিযোগ তুলি।অভিযোগ কৰা হৈছিল যে পত্নীয়ে তেওঁৰ স্বামী আৰু  শহুৰেকক অপমান কৰিছিল। কেৱল সেয়াই নহয়,পত্নীয়ে সকলোৰে সন্মুখত তেওঁৰ স্বামীৰ যৌন সামৰ্থ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰো অভিযোগ উঠিছিল।

ইয়াৰ উপৰিও লোকজনে  তেওঁৰ পত্নীৰ ওপৰত ব্যভিচাৰৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ কৈছিল যে তেওঁৰ পত্নীয়ে মানুহ এজনৰ সৈতে অবৈধ শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছিল। মানুহজনে তেওঁ কৰা সকলো অভিযোগৰ সমৰ্থনত আদালতত প্ৰমাণ দাখিল কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছতে পাৰিবাৰিক আদালতত তেওঁলোকৰ বিবাহ বিচ্ছেদ সম্পূৰ্ণ হয়।বিবাহ বিচ্ছেদৰ পিছত  মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ পৰা স্থায়ী ভৰণপোষণ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰে। আদালতে লক্ষ্য কৰিছিল যে মহিলাগৰাকী বিবাহ বিচ্ছেদৰ আগতে আৰু পিছত আন এজন পুৰুষৰ সৈতে সম্পৰ্কত লিপ্ত আছিল। তেওঁৰ বিৰুদ্ধে ব্যভিচাৰ আৰু নিষ্ঠুৰতাৰ অভিযোগ আছে। গতিকে মহিলাগৰাকী স্বামীৰ পৰা স্থায়ী ভৰণপোষণৰ সুবিধা পোৱাৰ যোগ্য নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু