--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীৰ যোগ্য মযাৰ্দা পোৱাৰ দাবীত ধৰ্ণাত বহিল এগৰাকী বোৱাৰী। স্বামীৰ ঘৰৰ সন্মুখতে ধৰ্ণাত বহিল মহিলাগৰাকী। পশ্চিমবংগৰ মেদিনীপুৰৰ ডেববাৰ খানামোচন অঞ্চলৰ চকবাহাদুৰপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে খড়গপুৰ স্থানীয় আৰক্ষী থানাৰ বসন্তপুৰ গাঁৱৰ অংকিতা পাত্ৰই পশ্চিম মেদিনীপুৰৰ ডেবৰাৰ চাকবাহাদুৰপুৰ অঞ্চলৰ দেৱাশিষ মাইতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ডেৰ বছৰ পূৰ্বে এই বিবাহ সম্পন্ন হৈছিল। অংকিতা পাত্ৰৰ পিতৃগৃহই অভিযোগ কৰা অনুসৰি বিয়াৰ পিছৰে পৰা শহুৰেকৰ ঘৰৰ লোকে নানা ধৰণৰ মানসিক অত্যাচাৰ চলাইছিল অংকিতাক। 
Dharna: যোগ্য মর্যাদার দাবিতে স্বামীর বাড়ির সামনে ধর্না স্ত্রীর - Wife  sitting dhorna in the front of husband house at Debra of West Medinipur |  TV9 Bangla
পৰিয়ালটোৰ সমস্যা সমাধানৰ বাবে বাৰে বাৰে চেষ্টা কৰিছিল অংকিতাই। দুখৰ বিষয় যে অংকিতাৰ সকলো চেষ্টা ব্যৰ্থ হৈছিল। পাৰিবাৰিক সমস্যাৰ কোনো সমাধান নোলোৱাত শহুৰেকৰ ঘৰৰ চোতালত ধৰ্ণাত বহি প্ৰাপ্য সন্মান দাবী কৰিলে মহিলাগৰাকীয়ে।

অংকিতাই কয়, ‘‘মই বুজি পোৱা নাই যে মোৰ স্বামীয়ে মোক কি কাৰণত গ্ৰহণ কৰিব বিচৰা নাই। মোক বহু ধৰণে মানসিক অত্যাচাৰ কৰা হৈছে। গতিকে দেউতাৰ ঘৰলৈ যাবলৈ বাধ্য হ’লো। দেউতাৰ ঘৰৰ পৰা ঘূৰি অহাৰ পাছত ঘৰত সোমাবলৈ দিয়া নহ’ল। মই এগৰাকী যোগ্য পত্নীৰ মৰ্যাদা লাভ কৰিব বিচাৰো।’’
 অংকিতাৰ পিতৃ উত্তম পাত্ৰই কয়, আমি অংকিতাৰ শহুৰেকৰ লগত বহুবাৰ আলোচনা কৰিছো কিন্তু কোনো সমাধান নহ’ল। মোৰ ছোৱালীজনীয়ে বিয়াৰ প্ৰমাণপত্ৰ লৈ স্বামীৰ ঘৰলৈ আহি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে।

অৱশ্যে এতিয়ালৈকে শহুৰেকৰ ঘৰৰ পৰা কোনো ধৰণৰ মন্তব্য লাভ কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক