--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীৰ যোগ্য মযাৰ্দা পোৱাৰ দাবীত ধৰ্ণাত বহিল এগৰাকী বোৱাৰী। স্বামীৰ ঘৰৰ সন্মুখতে ধৰ্ণাত বহিল মহিলাগৰাকী। পশ্চিমবংগৰ মেদিনীপুৰৰ ডেববাৰ খানামোচন অঞ্চলৰ চকবাহাদুৰপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে খড়গপুৰ স্থানীয় আৰক্ষী থানাৰ বসন্তপুৰ গাঁৱৰ অংকিতা পাত্ৰই পশ্চিম মেদিনীপুৰৰ ডেবৰাৰ চাকবাহাদুৰপুৰ অঞ্চলৰ দেৱাশিষ মাইতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ডেৰ বছৰ পূৰ্বে এই বিবাহ সম্পন্ন হৈছিল। অংকিতা পাত্ৰৰ পিতৃগৃহই অভিযোগ কৰা অনুসৰি বিয়াৰ পিছৰে পৰা শহুৰেকৰ ঘৰৰ লোকে নানা ধৰণৰ মানসিক অত্যাচাৰ চলাইছিল অংকিতাক। 
Dharna: যোগ্য মর্যাদার দাবিতে স্বামীর বাড়ির সামনে ধর্না স্ত্রীর - Wife  sitting dhorna in the front of husband house at Debra of West Medinipur |  TV9 Bangla
পৰিয়ালটোৰ সমস্যা সমাধানৰ বাবে বাৰে বাৰে চেষ্টা কৰিছিল অংকিতাই। দুখৰ বিষয় যে অংকিতাৰ সকলো চেষ্টা ব্যৰ্থ হৈছিল। পাৰিবাৰিক সমস্যাৰ কোনো সমাধান নোলোৱাত শহুৰেকৰ ঘৰৰ চোতালত ধৰ্ণাত বহি প্ৰাপ্য সন্মান দাবী কৰিলে মহিলাগৰাকীয়ে।

অংকিতাই কয়, ‘‘মই বুজি পোৱা নাই যে মোৰ স্বামীয়ে মোক কি কাৰণত গ্ৰহণ কৰিব বিচৰা নাই। মোক বহু ধৰণে মানসিক অত্যাচাৰ কৰা হৈছে। গতিকে দেউতাৰ ঘৰলৈ যাবলৈ বাধ্য হ’লো। দেউতাৰ ঘৰৰ পৰা ঘূৰি অহাৰ পাছত ঘৰত সোমাবলৈ দিয়া নহ’ল। মই এগৰাকী যোগ্য পত্নীৰ মৰ্যাদা লাভ কৰিব বিচাৰো।’’
 অংকিতাৰ পিতৃ উত্তম পাত্ৰই কয়, আমি অংকিতাৰ শহুৰেকৰ লগত বহুবাৰ আলোচনা কৰিছো কিন্তু কোনো সমাধান নহ’ল। মোৰ ছোৱালীজনীয়ে বিয়াৰ প্ৰমাণপত্ৰ লৈ স্বামীৰ ঘৰলৈ আহি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে।

অৱশ্যে এতিয়ালৈকে শহুৰেকৰ ঘৰৰ পৰা কোনো ধৰণৰ মন্তব্য লাভ কৰা হোৱা নাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই