--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ ৰোগীৰ বাবে তেজত ছুগাৰ বৃদ্ধি হোৱাটো অতি বেয়া বুলি গণ্য কৰা হয়। যিসকল ৰোগীৰ চেনিৰ মাত্ৰা সদায় বেছি থাকে তেওঁলোকৰ হাওঁফাওঁ, বৃক্ক আৰু হৃদযন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। কিছুমান ৰোগীয়ে অভিযোগ কৰে যে প্ৰতিদিনে পুৱা হঠাতে তেওঁলোকৰ ছুগাৰ বৃদ্ধি পায়। যদি আপুনিও এনে লোকৰ ভিতৰত অন্তৰ্ভুক্ত হয়, তেন্তে আপোনাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট অতি স্বাস্থ্যকৰ হোৱাটো অতি প্ৰয়োজনীয়। ব্ৰেকফাষ্ট এনেকুৱা হ’ব লাগে যাতে ই কেৱল আপোনাৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰাই নহয় গোটেই দিনটো সক্ৰিয় কৰি ৰখাতো সহায় কৰে।

১) এভোকেডোঃ এভোকেডোত থকা এণ্টিঅক্সিডেণ্টে আপোনাক মেটাবলিক চিনড্ৰমৰ পৰা ৰক্ষা কৰিব পাৰে। আচলতে এই চিনড্ৰমত আক্ৰান্ত লোকৰ ক্ষেত্ৰত টাইপ-২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এনে পৰিস্থিতিত দৈনিক ব্ৰেকফাষ্টত এভোকেডো সেৱন কৰিলে আপোনাৰ ছুগাৰৰ মাত্ৰা বৃদ্ধি নহয়। লগতে গ্লাইচেমিক সূচকাংক, আঁহ আৰু মনোঅনচেচুৰেটেড ফেটি এচিডে বৃদ্ধি পোৱা চেনিৰ মাত্ৰাক সঠিক মাত্ৰালৈ ঘূৰাই আনিব পাৰে। ইয়াৰ উপৰিও হাৰ্ট এটেক, ষ্ট্ৰোক আদি ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।

২) মাছঃ বহু ভুল ধাৰণাৰ বাবে বহু ডায়েবেটিছ ৰোগীয়ে মাছ খোৱাৰ পৰা বিৰত থাকে। তেওঁলোকে অনুভৱ কৰে যে মাছে তেওঁলোকৰ চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। কিন্তু মাছত থকা প্ৰটিনে গোটেই দিনটোৰ বাবে শক্তি যোগান ধৰিব পাৰে। ইয়াত থকা ওমেগা ৩ আমাৰ হৃদয়ৰ বাবে উপকাৰী। লগতে থকা ভিটামিন ডিয়ে আপোনাৰ তেজৰ চেনি নিয়ন্ত্ৰণ কৰিব পাৰে। আচলতে ডায়েবেটিছ ৰোগীৰ ভিটামিন ডিৰ মাত্ৰা কমি যায়। এনে পৰিস্থিতিত আপুনি খাদ্য তালিকাত মাছ অন্তৰ্ভুক্ত কৰি শৰীৰত ভিটামিন ডিৰ অভাৱ পূৰণ কৰিব পাৰে।

৩) নহৰুঃ যদি আপোনাৰ তেজত চেনিৰ মাত্ৰা সদায় বেছি হয় তেন্তে নহৰু সেৱন কৰি ইয়াক নিয়ন্ত্ৰণলৈ আনিব পাৰি। আচলতে নহৰুৰ গ্লাইচেমিক সূচকাংক ১০–৩০, যিটো তেজৰ চেনিৰ বাবে কম বুলি ধৰা হয়। দৈনিক সেৱন কৰিলে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাই নহয়। ইয়াৰ উপৰিও ইয়াত থকা গুণৰ বাবে আপুনিও বহু ৰোগৰ পৰা আঁতৰি থাকিব।

৪) আপেল চাইডাৰ ভিনেগাৰঃ আপেল চাইডাৰ ভিনেগাৰত এচিটিক এচিড থাকে। ই পেটত থকা এনজাইম কমোৱাত সহায় কৰে যিয়ে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। দৈনিক ইয়াক সেৱন কৰিলে আপোনাৰ শৰীৰৰ ইনচুলিন সংবেদনশীলতা বৃদ্ধি পাব। যদি আপুনি দৈনিক প্ৰায় ২০ মিলিলিটাৰ আপেল চাইডাৰ ভিনেগাৰ (অৰ্থাৎ ৪ চামুচ) ৪০ মিলিলিটাৰ পানীৰ সৈতে খালে আপোনাৰ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব।
 
৫) পাচলিঃ সেউজীয়া শাক-পাচলিত আঁহ, মেগনেছিয়াম আৰু ভিটামিন এ আদি পুষ্টিকৰ উপাদান থাকে। লগতে এই সকলোবোৰ শাক-পাচলিৰ গ্লাইচেমিক সূচকাংক ১তকৈ কম, যিটো চেনিৰ মাত্ৰা বৃদ্ধি কৰিবলৈ যথেষ্ট কম। এনে পৰিস্থিতিত দৈনিক ব্ৰেকফাষ্টত সেৱন কৰিলে ডায়েবেটিছৰ পৰা সুৰক্ষিত থাকিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি