--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ ৰোগীৰ বাবে তেজত ছুগাৰ বৃদ্ধি হোৱাটো অতি বেয়া বুলি গণ্য কৰা হয়। যিসকল ৰোগীৰ চেনিৰ মাত্ৰা সদায় বেছি থাকে তেওঁলোকৰ হাওঁফাওঁ, বৃক্ক আৰু হৃদযন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। কিছুমান ৰোগীয়ে অভিযোগ কৰে যে প্ৰতিদিনে পুৱা হঠাতে তেওঁলোকৰ ছুগাৰ বৃদ্ধি পায়। যদি আপুনিও এনে লোকৰ ভিতৰত অন্তৰ্ভুক্ত হয়, তেন্তে আপোনাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট অতি স্বাস্থ্যকৰ হোৱাটো অতি প্ৰয়োজনীয়। ব্ৰেকফাষ্ট এনেকুৱা হ’ব লাগে যাতে ই কেৱল আপোনাৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰাই নহয় গোটেই দিনটো সক্ৰিয় কৰি ৰখাতো সহায় কৰে।

১) এভোকেডোঃ এভোকেডোত থকা এণ্টিঅক্সিডেণ্টে আপোনাক মেটাবলিক চিনড্ৰমৰ পৰা ৰক্ষা কৰিব পাৰে। আচলতে এই চিনড্ৰমত আক্ৰান্ত লোকৰ ক্ষেত্ৰত টাইপ-২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এনে পৰিস্থিতিত দৈনিক ব্ৰেকফাষ্টত এভোকেডো সেৱন কৰিলে আপোনাৰ ছুগাৰৰ মাত্ৰা বৃদ্ধি নহয়। লগতে গ্লাইচেমিক সূচকাংক, আঁহ আৰু মনোঅনচেচুৰেটেড ফেটি এচিডে বৃদ্ধি পোৱা চেনিৰ মাত্ৰাক সঠিক মাত্ৰালৈ ঘূৰাই আনিব পাৰে। ইয়াৰ উপৰিও হাৰ্ট এটেক, ষ্ট্ৰোক আদি ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।

২) মাছঃ বহু ভুল ধাৰণাৰ বাবে বহু ডায়েবেটিছ ৰোগীয়ে মাছ খোৱাৰ পৰা বিৰত থাকে। তেওঁলোকে অনুভৱ কৰে যে মাছে তেওঁলোকৰ চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। কিন্তু মাছত থকা প্ৰটিনে গোটেই দিনটোৰ বাবে শক্তি যোগান ধৰিব পাৰে। ইয়াত থকা ওমেগা ৩ আমাৰ হৃদয়ৰ বাবে উপকাৰী। লগতে থকা ভিটামিন ডিয়ে আপোনাৰ তেজৰ চেনি নিয়ন্ত্ৰণ কৰিব পাৰে। আচলতে ডায়েবেটিছ ৰোগীৰ ভিটামিন ডিৰ মাত্ৰা কমি যায়। এনে পৰিস্থিতিত আপুনি খাদ্য তালিকাত মাছ অন্তৰ্ভুক্ত কৰি শৰীৰত ভিটামিন ডিৰ অভাৱ পূৰণ কৰিব পাৰে।

৩) নহৰুঃ যদি আপোনাৰ তেজত চেনিৰ মাত্ৰা সদায় বেছি হয় তেন্তে নহৰু সেৱন কৰি ইয়াক নিয়ন্ত্ৰণলৈ আনিব পাৰি। আচলতে নহৰুৰ গ্লাইচেমিক সূচকাংক ১০–৩০, যিটো তেজৰ চেনিৰ বাবে কম বুলি ধৰা হয়। দৈনিক সেৱন কৰিলে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাই নহয়। ইয়াৰ উপৰিও ইয়াত থকা গুণৰ বাবে আপুনিও বহু ৰোগৰ পৰা আঁতৰি থাকিব।

৪) আপেল চাইডাৰ ভিনেগাৰঃ আপেল চাইডাৰ ভিনেগাৰত এচিটিক এচিড থাকে। ই পেটত থকা এনজাইম কমোৱাত সহায় কৰে যিয়ে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। দৈনিক ইয়াক সেৱন কৰিলে আপোনাৰ শৰীৰৰ ইনচুলিন সংবেদনশীলতা বৃদ্ধি পাব। যদি আপুনি দৈনিক প্ৰায় ২০ মিলিলিটাৰ আপেল চাইডাৰ ভিনেগাৰ (অৰ্থাৎ ৪ চামুচ) ৪০ মিলিলিটাৰ পানীৰ সৈতে খালে আপোনাৰ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব।
 
৫) পাচলিঃ সেউজীয়া শাক-পাচলিত আঁহ, মেগনেছিয়াম আৰু ভিটামিন এ আদি পুষ্টিকৰ উপাদান থাকে। লগতে এই সকলোবোৰ শাক-পাচলিৰ গ্লাইচেমিক সূচকাংক ১তকৈ কম, যিটো চেনিৰ মাত্ৰা বৃদ্ধি কৰিবলৈ যথেষ্ট কম। এনে পৰিস্থিতিত দৈনিক ব্ৰেকফাষ্টত সেৱন কৰিলে ডায়েবেটিছৰ পৰা সুৰক্ষিত থাকিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement