--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুৱা ভাগতে কফিত নেমু মিহলাই খালে আপোনাৰ ওজন সোনকালে কমি যাব কিন্তু তাৰ বাবেও আছে ‌এটা বিশেষ এটা নিয়ম। মাহৰ পিছত মাহ ধৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ওজন কমাব পৰা এটা হেক। য’ত কফি নেমুৰ লগত মিহলাই গ্ৰহণ কৰিলে চকুৰ পলকতে ওজন কমি যোৱা দেখুওৱা হয়  বিশেষকৈ পেটৰ চৰ্বি। ইয়াক বনাবলৈও অতি সহজ। আচৰিত যেন লাগিলেও এয়া সঁচা।

এই কফি আৰু নেমুৰ বিষয়ে বহুতে ইতিমধ্যে বহু সংখ্যক লোকে ‌জানে । কিন্তু কিমান খাব লাগে আৰু কেনেকৈ খাব লাগে জানিব লাগিব‌ জানেনে ? হাৰ্ভাৰ্ড টি এইচ চান স্কুল অৱ পাব্লিক হেল্থৰ গৱেষকসকলে এক অধ্যয়নত প্ৰকাশ কৰিছে যে কফিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই আপোনাৰ শৰীৰৰ কেলৰি জ্বলোৱাৰ ক্ষমতা বৃদ্ধি কৰে। ইফালে দ্য জাৰ্নেল অৱ নিউট্ৰিচনত প্ৰকাশ পাইছে যে যিসকলে দৈনিক ২-৩ কাপ কফি খায় তেওঁলোকৰ শৰীৰ আৰু পেটৰ চৰ্বি কফি নোখোৱাসকলতকৈ ২.৮ শতাংশ কম। আনকি ব্যৱসায়িকভাৱে উপলব্ধ ফেট বাৰ্নাৰতো অধিক পৰিমাণে কেফেইন থাকে।

আনহাতে, নেমুৰ পানীত ভিটামিন চিৰ অতি উত্তম উৎস। দৈনিক নেমুৰ পানী খালেও একাধিক উপকাৰীতা আছে। নেমুত থকা এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নেমুৰ আন এটা ডাঙৰ উপকাৰীতা হ’ল ই হজম কৰাত সহায় কৰে আৰু বৃক্কত পাথৰ হোৱাত বাধা দিয়ে। নেমুত থকা মাইক্ৰ’নিউট্ৰিয়েণ্ট পলিফেনলে শৰীৰত চৰ্বি জমা হোৱাত বাধা দিয়ে। জাপানৰ এক অধ্যয়নত দেখা গৈছে যে নেমুয়ে শৰীৰৰ ইনচুলিন আৰু গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে আৰু মেদবহুলতা ৰোধ কৰে।

এটা মগ বা কাপত এক চামুচ কফি পাউদাৰ দিব। এতিয়া তাত ১ চামুচ নেমুৰ ৰস দিব। এতিয়া মগটোত গৰম পানী ভৰাই দিব। ভালদৰে লৰাই দিব। আৰু তেতিয়া আপোনাৰ  কফি লেমনৰ মিশ্ৰণ ৰেডি হব।

এতিয়া প্ৰশ্ন উঠিব পাৰে কেতিয়া খাব?

এই মিশ্ৰণ ৰাতিপুৱা খালী পেটত খাব লাগে। খোৱাৰ ৪০ মিনিট পাছত ব্ৰেকফাষ্ট কৰক।

দিনটোত কিমানবাৰ খাব পাৰি? 

দিনে ৩ বাৰ খাব পাৰে, তাতকৈ বেছি নাখালে ভাল। খোৱাৰ পিছত হাৰ্টবাৰ্ণ হৈছে নেকি সেয়া নিজে অনুমান কৰিব আৰু তেতিয়াও কিবা সমস্যা হ’লে খোৱা বন্ধ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন