--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুৱা ভাগতে কফিত নেমু মিহলাই খালে আপোনাৰ ওজন সোনকালে কমি যাব কিন্তু তাৰ বাবেও আছে ‌এটা বিশেষ এটা নিয়ম। মাহৰ পিছত মাহ ধৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ওজন কমাব পৰা এটা হেক। য’ত কফি নেমুৰ লগত মিহলাই গ্ৰহণ কৰিলে চকুৰ পলকতে ওজন কমি যোৱা দেখুওৱা হয়  বিশেষকৈ পেটৰ চৰ্বি। ইয়াক বনাবলৈও অতি সহজ। আচৰিত যেন লাগিলেও এয়া সঁচা।

এই কফি আৰু নেমুৰ বিষয়ে বহুতে ইতিমধ্যে বহু সংখ্যক লোকে ‌জানে । কিন্তু কিমান খাব লাগে আৰু কেনেকৈ খাব লাগে জানিব লাগিব‌ জানেনে ? হাৰ্ভাৰ্ড টি এইচ চান স্কুল অৱ পাব্লিক হেল্থৰ গৱেষকসকলে এক অধ্যয়নত প্ৰকাশ কৰিছে যে কফিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই আপোনাৰ শৰীৰৰ কেলৰি জ্বলোৱাৰ ক্ষমতা বৃদ্ধি কৰে। ইফালে দ্য জাৰ্নেল অৱ নিউট্ৰিচনত প্ৰকাশ পাইছে যে যিসকলে দৈনিক ২-৩ কাপ কফি খায় তেওঁলোকৰ শৰীৰ আৰু পেটৰ চৰ্বি কফি নোখোৱাসকলতকৈ ২.৮ শতাংশ কম। আনকি ব্যৱসায়িকভাৱে উপলব্ধ ফেট বাৰ্নাৰতো অধিক পৰিমাণে কেফেইন থাকে।

আনহাতে, নেমুৰ পানীত ভিটামিন চিৰ অতি উত্তম উৎস। দৈনিক নেমুৰ পানী খালেও একাধিক উপকাৰীতা আছে। নেমুত থকা এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নেমুৰ আন এটা ডাঙৰ উপকাৰীতা হ’ল ই হজম কৰাত সহায় কৰে আৰু বৃক্কত পাথৰ হোৱাত বাধা দিয়ে। নেমুত থকা মাইক্ৰ’নিউট্ৰিয়েণ্ট পলিফেনলে শৰীৰত চৰ্বি জমা হোৱাত বাধা দিয়ে। জাপানৰ এক অধ্যয়নত দেখা গৈছে যে নেমুয়ে শৰীৰৰ ইনচুলিন আৰু গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে আৰু মেদবহুলতা ৰোধ কৰে।

এটা মগ বা কাপত এক চামুচ কফি পাউদাৰ দিব। এতিয়া তাত ১ চামুচ নেমুৰ ৰস দিব। এতিয়া মগটোত গৰম পানী ভৰাই দিব। ভালদৰে লৰাই দিব। আৰু তেতিয়া আপোনাৰ  কফি লেমনৰ মিশ্ৰণ ৰেডি হব।

এতিয়া প্ৰশ্ন উঠিব পাৰে কেতিয়া খাব?

এই মিশ্ৰণ ৰাতিপুৱা খালী পেটত খাব লাগে। খোৱাৰ ৪০ মিনিট পাছত ব্ৰেকফাষ্ট কৰক।

দিনটোত কিমানবাৰ খাব পাৰি? 

দিনে ৩ বাৰ খাব পাৰে, তাতকৈ বেছি নাখালে ভাল। খোৱাৰ পিছত হাৰ্টবাৰ্ণ হৈছে নেকি সেয়া নিজে অনুমান কৰিব আৰু তেতিয়াও কিবা সমস্যা হ’লে খোৱা বন্ধ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?