--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি দিনটোত যি চাৰিটা সময়ত আহাৰ খাওঁ অৰ্থাৎ ব্ৰেকফাষ্ট, লাঞ্চ, ইভিনিং স্নেকছ আৰু ডিনাৰ- এই চাৰি সময়ৰ আহাৰে আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। আমি খাদ্যৰ পৰা প্ৰয়োজনীয় শক্তি লাভ কৰো। কিন্তু পাচন প্ৰক্ৰিয়া শক্তিশালী হ’লে হজম ভাল হয়, যদি আপুনি নিয়মিতভাৱে টোপনি যোৱাৰ লগতে যদি মানসিক স্বাস্থ্য সুস্থিৰ হয়, তেন্তে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰা মানে শৰীৰৰ আধা সমস্যা সমাধান হোৱা। যদি আপুনি নিশাৰ আহাৰ দেৰিকৈ খাদ্য গ্ৰহণ কৰে বা প্ৰায়ে নোখোৱাকৈ শুৱে, তেন্তে কেইবাটাও সমস্যাৰ লগতে গেছ, এচিডিটি, বমি আদি হ’ব পাৰে।

 উল্লেখ্য যে ৰক্তচাপ নিয়ন্ত্ৰণ কৰা মানে শৰীৰৰ আধা সমস্যা সমাধান হোৱা, যদি আপুনি নিশাৰ আহাৰ দেৰিকৈ খায় বা প্ৰায়ে নোখোৱাকৈ শুৱে, তেন্তে কেইবাটাও সমস্যা হ’ব পাৰে। নিশাৰ আহাৰ ৭:৩০ বজাৰ ভিতৰত গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত হাৰ্টবাৰ্ণ, পেটৰ সমস্যা, উচ্চ ৰক্তচাপ আদি সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি, লগতে টোপনি ভাল হয়। সন্ধিয়া ৭ বজাত নিশাৰ আহাৰ খোৱাৰ পাছত যদি ভোক লাগে তেন্তে গাখীৰ, খেজুৰ বা আলমণ্ড খাব পাৰি।

 Mutton Biryani-মাত্ৰ এই ব্যঞ্জনৰ নাম শুনিলেই সকলোৰে মুখত পানী ওলায়। কিন্তু নিশা এই মাটন, বিৰিয়ানীয়ে একেবাৰে কোৱাটো অনুচিত। মাটন-বিৰিয়ানীত অধিক পৰিমাণে কেলৰি অৰ্থাৎ চৰ্বি থাকে। মাটন বিৰিয়ানীৰ এখন প্লেটত ৫০০-৭০০ কেলৰি থাকে, সেয়েহে এই বিৰিয়ানী আমাৰ শৰীৰৰ বাবে একেবাৰেই ভাল নহয়। কাৰণ এই বিৰিয়ানীৰ পৰা নন-এলকহলিক ফেটি লিভাৰৰ সমস্যা বাঢ়িবলৈ ধৰে।

 Extra Spicy Foods-ভাৰতীয় খাদ্যত ব্যৱহৃত মছলা আন ক’তো পোৱা নাযায়। বহুতে নিশা আহাৰত মাংস আৰু আলুৰ ষ্টুৰ লগত নান, পৰঠা বা লুচি খাই ভালপায়। নিশা ঘিউত ভাজি পৰঠাৰ লগত মাটন খালে পাচনতন্ত্ৰৰ সমস্যা হয়। এনে খাদ্য গ্ৰহণ কৰিলে পাছত হৃদযন্ত্ৰৰ সমস্যা হ’ব পাৰে। গতিকে তেল, ঘিউ নিশা আহাৰত কমকৈ খাব।

 মিঠাই-খোৱাৰ শেষত মিঠাই খোৱাটো আমাৰ বহুতৰে অভ্যাস। কিন্তু সন্ধিয়া ৭ বজাৰ পাছত মিঠাই খোৱাটো অনুচিত। মিঠাই টোপনিৰ লগতে হজম শক্তিত ব্যাঘাত জন্মায়। যিটো আমাৰ শৰীৰৰ বাবে একেবাৰেই ভাল নহয়।

 ভাজি-বাৰিষাৰ সময়ত যিকোনো ভজা খাদ্যৰ প্ৰতি আমাৰ প্ৰবল আকৰ্ষণ থাকে। অৱশ্যে সন্ধিয়া ৭ বজাৰ পাছত কোনো ধৰণৰ ভজা খাদ্য গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে অনুচিত। কাৰণ পকোৰা বা চপ ডিপফ্ৰাই কৰি নিশা গ্ৰহণ কৰিলে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?