--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি দিনটোত যি চাৰিটা সময়ত আহাৰ খাওঁ অৰ্থাৎ ব্ৰেকফাষ্ট, লাঞ্চ, ইভিনিং স্নেকছ আৰু ডিনাৰ- এই চাৰি সময়ৰ আহাৰে আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। আমি খাদ্যৰ পৰা প্ৰয়োজনীয় শক্তি লাভ কৰো। কিন্তু পাচন প্ৰক্ৰিয়া শক্তিশালী হ’লে হজম ভাল হয়, যদি আপুনি নিয়মিতভাৱে টোপনি যোৱাৰ লগতে যদি মানসিক স্বাস্থ্য সুস্থিৰ হয়, তেন্তে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰা মানে শৰীৰৰ আধা সমস্যা সমাধান হোৱা। যদি আপুনি নিশাৰ আহাৰ দেৰিকৈ খাদ্য গ্ৰহণ কৰে বা প্ৰায়ে নোখোৱাকৈ শুৱে, তেন্তে কেইবাটাও সমস্যাৰ লগতে গেছ, এচিডিটি, বমি আদি হ’ব পাৰে।

 উল্লেখ্য যে ৰক্তচাপ নিয়ন্ত্ৰণ কৰা মানে শৰীৰৰ আধা সমস্যা সমাধান হোৱা, যদি আপুনি নিশাৰ আহাৰ দেৰিকৈ খায় বা প্ৰায়ে নোখোৱাকৈ শুৱে, তেন্তে কেইবাটাও সমস্যা হ’ব পাৰে। নিশাৰ আহাৰ ৭:৩০ বজাৰ ভিতৰত গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত হাৰ্টবাৰ্ণ, পেটৰ সমস্যা, উচ্চ ৰক্তচাপ আদি সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি, লগতে টোপনি ভাল হয়। সন্ধিয়া ৭ বজাত নিশাৰ আহাৰ খোৱাৰ পাছত যদি ভোক লাগে তেন্তে গাখীৰ, খেজুৰ বা আলমণ্ড খাব পাৰি।

 Mutton Biryani-মাত্ৰ এই ব্যঞ্জনৰ নাম শুনিলেই সকলোৰে মুখত পানী ওলায়। কিন্তু নিশা এই মাটন, বিৰিয়ানীয়ে একেবাৰে কোৱাটো অনুচিত। মাটন-বিৰিয়ানীত অধিক পৰিমাণে কেলৰি অৰ্থাৎ চৰ্বি থাকে। মাটন বিৰিয়ানীৰ এখন প্লেটত ৫০০-৭০০ কেলৰি থাকে, সেয়েহে এই বিৰিয়ানী আমাৰ শৰীৰৰ বাবে একেবাৰেই ভাল নহয়। কাৰণ এই বিৰিয়ানীৰ পৰা নন-এলকহলিক ফেটি লিভাৰৰ সমস্যা বাঢ়িবলৈ ধৰে।

 Extra Spicy Foods-ভাৰতীয় খাদ্যত ব্যৱহৃত মছলা আন ক’তো পোৱা নাযায়। বহুতে নিশা আহাৰত মাংস আৰু আলুৰ ষ্টুৰ লগত নান, পৰঠা বা লুচি খাই ভালপায়। নিশা ঘিউত ভাজি পৰঠাৰ লগত মাটন খালে পাচনতন্ত্ৰৰ সমস্যা হয়। এনে খাদ্য গ্ৰহণ কৰিলে পাছত হৃদযন্ত্ৰৰ সমস্যা হ’ব পাৰে। গতিকে তেল, ঘিউ নিশা আহাৰত কমকৈ খাব।

 মিঠাই-খোৱাৰ শেষত মিঠাই খোৱাটো আমাৰ বহুতৰে অভ্যাস। কিন্তু সন্ধিয়া ৭ বজাৰ পাছত মিঠাই খোৱাটো অনুচিত। মিঠাই টোপনিৰ লগতে হজম শক্তিত ব্যাঘাত জন্মায়। যিটো আমাৰ শৰীৰৰ বাবে একেবাৰেই ভাল নহয়।

 ভাজি-বাৰিষাৰ সময়ত যিকোনো ভজা খাদ্যৰ প্ৰতি আমাৰ প্ৰবল আকৰ্ষণ থাকে। অৱশ্যে সন্ধিয়া ৭ বজাৰ পাছত কোনো ধৰণৰ ভজা খাদ্য গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে অনুচিত। কাৰণ পকোৰা বা চপ ডিপফ্ৰাই কৰি নিশা গ্ৰহণ কৰিলে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন