--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবত হোৱা কৃষকৰ এক প্ৰতিবাদৰ বাবে আজি পঞ্জাবৰ উৰণসেতুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় ২০ মিনিটৰ বাবে আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে জনোৱা তথ্য অনুসৰি, পঞ্জাব উৰণসেতুত আবদ্ধ হৈ আছে মোদীৰ কনভয়৷ প্ৰধানমন্ত্ৰী মোদীৰ কনভয় বাথিণ্ডাৰ বিমানবন্দৰলৈ উভতি আহিছিল৷ গৃহ-মন্ত্ৰণালয়ে এক বিবৃতিত এই ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাবলৈ ব্যৰ্থ হোৱাৰ বাবে পঞ্জাব কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিবাদকাৰীসকলৰ বাবে প্ৰায় ২০ মিনিট ৰৈ থকাৰ পাছত আজি পঞ্জাবত আয়োজিত এক অনুষ্ঠান বাতিল কৰে৷

কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে ইয়াক এক ‘বৃহৎ নিৰাপত্তা উলংঘন’ বুলি অভিহিত কৰি পঞ্জাব ৰাজ্য চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰ বিসংগতিৰ ঘটনাটো পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ বিজেপি আৰু কংগ্ৰেছ শাসিত পঞ্জাবৰ মাজত এক বৃহৎ সংঘৰ্ষলৈ পৰিণত হৈছে। গৃহ-মন্ত্ৰালয়ে এক বিবৃতিত কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰি কয়, প্ৰধানমন্ত্ৰী ১৫-২০ মিনিটৰ বাবে উৰণসেতুত আবদ্ধ হৈ আছিল। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এইটো এটা বৃহৎ ক্ৰুটী৷


প্ৰধানমন্ত্ৰীয়ে ফিৰোজপুৰত এখন সভাত উপস্থিত হোৱাৰ কথা আছিল৷ পঞ্জাবৰ এই ঘটনাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই মঞ্চত প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ বাতিল কৰা হৈছে বুলি ঘোষণা কৰে৷
প্ৰধানমন্ত্ৰীয়ে আজি হুছেইনিৱালাত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰক-ভ্ৰমণৰ বাবে বাথিণ্ডাত অৱতৰণ কৰে। তেওঁক হেলিকপ্টাৰযোগে উক্ত স্থানলৈ লৈ যোৱাৰ কথা আছিল যদিও বৰষুণ আৰু কম দৃশ্যমানতাৰ বাবে তেওঁ বতৰ পৰিষ্কাৰ হোৱাৰ বাবে প্ৰায় ২০ মিনিট অপেক্ষা কৰিবলগীয়া হৈছিল৷ যেতিয়া বতৰৰ উন্নতি হোৱা নাছিল, সিদ্ধান্ত লোৱা হৈছিল যে তেওঁ পথৰ জৰিয়তে ৰাষ্ট্ৰীয় শ্বহীদ-স্মাৰক পৰিদৰ্শন কৰিব, যাৰ বাবে দুই ঘণ্টাতকৈ অধিক সময় লাগিব। তেওঁ ডিজিপি পঞ্জাব আৰক্ষীৰ দ্বাৰা প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থাৰ প্ৰয়োজনীয় নিশ্চিতিৰ পাছত পথেৰেই ভ্ৰমণ কৰিবলৈ আগবাঢ়িছিল বুলি গৃহ-মন্ত্ৰণালয়ে সদৰী কৰিছে৷

শ্বহীদ স্মাৰকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত যেতিয়া প্ৰধানমন্ত্ৰীৰ কনভয় উৰণসেতুত উপস্থিত হৈছিল, প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ সময়সূচী আৰু ভ্ৰমণ পৰিকল্পনাৰ বিষয়ে পঞ্জাব চৰকাৰক আগতীয়াকৈ জনোৱা হৈছিল। প্ৰক্ৰিয়া অনুসৰি, তেওঁলোকে ‘লজিষ্টিক’ নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিব লাগিব আৰু লগতে এক আকস্মিক পৰিকল্পনা সাজু ৰাখিব লাগে। লগতে, আকস্মিক পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাব চৰকাৰে পথৰ দ্বাৰা যিকোনো চলাচল সুৰক্ষিত কৰিবলৈ অতিৰিক্ত নিৰাপত্তা প্ৰয়োগ কৰিব লাগে, যিটো স্পষ্টভাৱে নিয়োজিত কৰা হোৱা নাছিল। এই নিৰাপত্তা ৰক্ষাৰ বিফলতাৰ পাছত বাথিণ্ডা বিমানবন্দৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। সামগ্ৰিক ঘটনাৰ পাছত গৃহ-মন্ত্ৰণালয়ে পঞ্জাব চৰকাৰৰ পৰা এক বিতং প্ৰতিবেদন বিচাৰিছে, যাক দায়িত্ব নিৰ্ধাৰণ কৰিবলৈ আৰু ব্যৱস্থা ল’বলৈ কোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু