--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবত হোৱা কৃষকৰ এক প্ৰতিবাদৰ বাবে আজি পঞ্জাবৰ উৰণসেতুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় ২০ মিনিটৰ বাবে আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে জনোৱা তথ্য অনুসৰি, পঞ্জাব উৰণসেতুত আবদ্ধ হৈ আছে মোদীৰ কনভয়৷ প্ৰধানমন্ত্ৰী মোদীৰ কনভয় বাথিণ্ডাৰ বিমানবন্দৰলৈ উভতি আহিছিল৷ গৃহ-মন্ত্ৰণালয়ে এক বিবৃতিত এই ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাবলৈ ব্যৰ্থ হোৱাৰ বাবে পঞ্জাব কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিবাদকাৰীসকলৰ বাবে প্ৰায় ২০ মিনিট ৰৈ থকাৰ পাছত আজি পঞ্জাবত আয়োজিত এক অনুষ্ঠান বাতিল কৰে৷

কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে ইয়াক এক ‘বৃহৎ নিৰাপত্তা উলংঘন’ বুলি অভিহিত কৰি পঞ্জাব ৰাজ্য চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰ বিসংগতিৰ ঘটনাটো পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ বিজেপি আৰু কংগ্ৰেছ শাসিত পঞ্জাবৰ মাজত এক বৃহৎ সংঘৰ্ষলৈ পৰিণত হৈছে। গৃহ-মন্ত্ৰালয়ে এক বিবৃতিত কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰি কয়, প্ৰধানমন্ত্ৰী ১৫-২০ মিনিটৰ বাবে উৰণসেতুত আবদ্ধ হৈ আছিল। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এইটো এটা বৃহৎ ক্ৰুটী৷


প্ৰধানমন্ত্ৰীয়ে ফিৰোজপুৰত এখন সভাত উপস্থিত হোৱাৰ কথা আছিল৷ পঞ্জাবৰ এই ঘটনাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই মঞ্চত প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ বাতিল কৰা হৈছে বুলি ঘোষণা কৰে৷
প্ৰধানমন্ত্ৰীয়ে আজি হুছেইনিৱালাত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰক-ভ্ৰমণৰ বাবে বাথিণ্ডাত অৱতৰণ কৰে। তেওঁক হেলিকপ্টাৰযোগে উক্ত স্থানলৈ লৈ যোৱাৰ কথা আছিল যদিও বৰষুণ আৰু কম দৃশ্যমানতাৰ বাবে তেওঁ বতৰ পৰিষ্কাৰ হোৱাৰ বাবে প্ৰায় ২০ মিনিট অপেক্ষা কৰিবলগীয়া হৈছিল৷ যেতিয়া বতৰৰ উন্নতি হোৱা নাছিল, সিদ্ধান্ত লোৱা হৈছিল যে তেওঁ পথৰ জৰিয়তে ৰাষ্ট্ৰীয় শ্বহীদ-স্মাৰক পৰিদৰ্শন কৰিব, যাৰ বাবে দুই ঘণ্টাতকৈ অধিক সময় লাগিব। তেওঁ ডিজিপি পঞ্জাব আৰক্ষীৰ দ্বাৰা প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থাৰ প্ৰয়োজনীয় নিশ্চিতিৰ পাছত পথেৰেই ভ্ৰমণ কৰিবলৈ আগবাঢ়িছিল বুলি গৃহ-মন্ত্ৰণালয়ে সদৰী কৰিছে৷

শ্বহীদ স্মাৰকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত যেতিয়া প্ৰধানমন্ত্ৰীৰ কনভয় উৰণসেতুত উপস্থিত হৈছিল, প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ সময়সূচী আৰু ভ্ৰমণ পৰিকল্পনাৰ বিষয়ে পঞ্জাব চৰকাৰক আগতীয়াকৈ জনোৱা হৈছিল। প্ৰক্ৰিয়া অনুসৰি, তেওঁলোকে ‘লজিষ্টিক’ নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিব লাগিব আৰু লগতে এক আকস্মিক পৰিকল্পনা সাজু ৰাখিব লাগে। লগতে, আকস্মিক পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাব চৰকাৰে পথৰ দ্বাৰা যিকোনো চলাচল সুৰক্ষিত কৰিবলৈ অতিৰিক্ত নিৰাপত্তা প্ৰয়োগ কৰিব লাগে, যিটো স্পষ্টভাৱে নিয়োজিত কৰা হোৱা নাছিল। এই নিৰাপত্তা ৰক্ষাৰ বিফলতাৰ পাছত বাথিণ্ডা বিমানবন্দৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। সামগ্ৰিক ঘটনাৰ পাছত গৃহ-মন্ত্ৰণালয়ে পঞ্জাব চৰকাৰৰ পৰা এক বিতং প্ৰতিবেদন বিচাৰিছে, যাক দায়িত্ব নিৰ্ধাৰণ কৰিবলৈ আৰু ব্যৱস্থা ল’বলৈ কোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ