--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি পঞ্জাবত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ ৰোৱা বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিছে৷ সমান্তৰালভাৱে, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বিসংগতিৰ বিষয়টোক বিজেপিয়ে ৰাজনৈতিকভাৱে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীকে আদি কৰি বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাসমূহে ঘটনাটোৰ বাবে দোষাৰোপ কৰিছে পঞ্জাবৰ শাসনাধীষ্ঠিত কংগ্ৰেছ দলক৷ পঞ্জাবৰ ৰাজ্যিক কংগ্ৰেছ চৰকাৰৰ বিফলতাৰ বাবেই মূলত: প্ৰধানমন্ত্ৰী মোদী ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ থাকিবলগীয়া হ’ল বিজেপিয়ে মন্তব্য কৰিছে৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়েও পঞ্জাব চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে‍৷ একে সময়তে পঞ্জাব কংগ্ৰেছেও উভতি ধৰিছে বিজেপিক৷ কংগ্ৰেছে কয়, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা আটাইতকৈ গুৰুত্বপূৰ্ণ৷ প্ৰধানমন্ত্ৰীৰ কনভয়ত এক বৃহৎ নিৰাপত্তা উলংঘনৰ প্ৰসংগ উত্থাপনৰ পাছত কংগ্ৰেছে ঘটনাক্ৰমৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা সৰ্বাধিক আৰু পঞ্জাৱ চৰকাৰে সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে।


কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে প্ৰতিবেদনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, আমি দুজন নেতাক হেৰুৱাইছোঁ আৰু আমি জানো যে নিৰাপত্তা প্ৰধানমন্ত্ৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। কংগ্ৰেছৰ সূত্ৰই কয় যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অন্তিম মুহূৰ্ততহে ৰাজ্য চৰকাৰক প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পৰিৱৰ্তন বা পলমকৈ তথ্য প্ৰদান কৰিছিল৷ যাৰ ফলত এই ভুল হ'ব পাৰে আৰু প্ৰতিবেদনৰ দ্বাৰা এইটো নিশ্চিত কৰা হ’ব বুলি কংগ্ৰেছে উল্লেখ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ