--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি পঞ্জাবত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ ৰোৱা বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিছে৷ সমান্তৰালভাৱে, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বিসংগতিৰ বিষয়টোক বিজেপিয়ে ৰাজনৈতিকভাৱে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীকে আদি কৰি বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাসমূহে ঘটনাটোৰ বাবে দোষাৰোপ কৰিছে পঞ্জাবৰ শাসনাধীষ্ঠিত কংগ্ৰেছ দলক৷ পঞ্জাবৰ ৰাজ্যিক কংগ্ৰেছ চৰকাৰৰ বিফলতাৰ বাবেই মূলত: প্ৰধানমন্ত্ৰী মোদী ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ থাকিবলগীয়া হ’ল বিজেপিয়ে মন্তব্য কৰিছে৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়েও পঞ্জাব চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে‍৷ একে সময়তে পঞ্জাব কংগ্ৰেছেও উভতি ধৰিছে বিজেপিক৷ কংগ্ৰেছে কয়, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা আটাইতকৈ গুৰুত্বপূৰ্ণ৷ প্ৰধানমন্ত্ৰীৰ কনভয়ত এক বৃহৎ নিৰাপত্তা উলংঘনৰ প্ৰসংগ উত্থাপনৰ পাছত কংগ্ৰেছে ঘটনাক্ৰমৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা সৰ্বাধিক আৰু পঞ্জাৱ চৰকাৰে সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে।


কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে প্ৰতিবেদনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, আমি দুজন নেতাক হেৰুৱাইছোঁ আৰু আমি জানো যে নিৰাপত্তা প্ৰধানমন্ত্ৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। কংগ্ৰেছৰ সূত্ৰই কয় যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অন্তিম মুহূৰ্ততহে ৰাজ্য চৰকাৰক প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পৰিৱৰ্তন বা পলমকৈ তথ্য প্ৰদান কৰিছিল৷ যাৰ ফলত এই ভুল হ'ব পাৰে আৰু প্ৰতিবেদনৰ দ্বাৰা এইটো নিশ্চিত কৰা হ’ব বুলি কংগ্ৰেছে উল্লেখ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু