--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশত সংঘটিত হোৱা এক ভয়ংকৰ পথদুৰ্ঘটনাই এতিয়া ৰাষ্ট্ৰীয় সংবাদ শিৰোনাম দখল কৰিছে। খবৰ অনুসৰি, উত্তৰ প্ৰদেশৰ বাৰাবাঁকী জিলাত এখন ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ৯জন লোক নিহত হোৱাৰ লগতে ২৭জন লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

যাত্ৰীবাহী বাছখন বৃহস্পতিবাৰে পুৱা প্ৰায় ৫:৩০ বজাত উত্তৰ প্ৰদেশৰ দেৱাকোতলী অঞ্চলৰ কিষাণ পথৰ বাবুৰী গাঁৱৰ সমীপতে বিপৰীত দিশৰ পৰা কম্পিউটাৰৰ সামগ্ৰী কঢ়িওৱা এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, দুয়োখন বাহনৰ গতিবেগ ইমানেই বেছি আছিল যে, সংঘৰ্ষৰ ফলত যাত্ৰীবাহী বাছখন আৰু ট্ৰাকখনৰ সন্মুখভাগ বেয়াকৈ ক্ষতিগস্ত হৈছে। আৰক্ষী-প্ৰশাসনৰ লোকসকলে বাছখনৰ সন্মুখভাগৰ কিছু অংশ কাটি লোকসকলক উদ্ধাৰ কৰাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোকসকলক উন্নত চিকিৎসাৰ বাবে ৰাজধানী লক্ষ্ণৌৰ চিকিংসালয়লৈ প্ৰেৰণ কৰিছে লগতে আহতসকলক বাৰাবাঁকী জিলাৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰিছে।

শোকাৱহ দুৰ্ঘটনাটোক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহত পযিয়ালক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। লগতে মুখ্যমন্ত্ৰীজনে পথদুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে আহতসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক