--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশত সংঘটিত হোৱা এক ভয়ংকৰ পথদুৰ্ঘটনাই এতিয়া ৰাষ্ট্ৰীয় সংবাদ শিৰোনাম দখল কৰিছে। খবৰ অনুসৰি, উত্তৰ প্ৰদেশৰ বাৰাবাঁকী জিলাত এখন ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ৯জন লোক নিহত হোৱাৰ লগতে ২৭জন লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

যাত্ৰীবাহী বাছখন বৃহস্পতিবাৰে পুৱা প্ৰায় ৫:৩০ বজাত উত্তৰ প্ৰদেশৰ দেৱাকোতলী অঞ্চলৰ কিষাণ পথৰ বাবুৰী গাঁৱৰ সমীপতে বিপৰীত দিশৰ পৰা কম্পিউটাৰৰ সামগ্ৰী কঢ়িওৱা এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, দুয়োখন বাহনৰ গতিবেগ ইমানেই বেছি আছিল যে, সংঘৰ্ষৰ ফলত যাত্ৰীবাহী বাছখন আৰু ট্ৰাকখনৰ সন্মুখভাগ বেয়াকৈ ক্ষতিগস্ত হৈছে। আৰক্ষী-প্ৰশাসনৰ লোকসকলে বাছখনৰ সন্মুখভাগৰ কিছু অংশ কাটি লোকসকলক উদ্ধাৰ কৰাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোকসকলক উন্নত চিকিৎসাৰ বাবে ৰাজধানী লক্ষ্ণৌৰ চিকিংসালয়লৈ প্ৰেৰণ কৰিছে লগতে আহতসকলক বাৰাবাঁকী জিলাৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰিছে।

শোকাৱহ দুৰ্ঘটনাটোক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহত পযিয়ালক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। লগতে মুখ্যমন্ত্ৰীজনে পথদুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে আহতসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?