--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটাৰ পাছত এটাকৈ বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। এইবাৰ টেক্সাছৰ এটা শ্বপিং মলত আক্ৰমণ চলালে বন্দুকধাৰীয়ে। বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ৯ জন লোকে প্ৰাণ হেৰুৱাইছে। বহু লোক আহত হয়। আৰক্ষীৰ গুলীত মৃত্যু হয় বন্দুকধাৰীজনৰ।

শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা। টেক্সাছৰ ডালাছৰ এটা জনপ্ৰিয় শ্বপিং মলত সেই সময়ত বহুতে বজাৰ কৰাত ব্যস্ত আছিল। হঠাতে বন্দুকধাৰীৰ গুলীচালনা আৰম্ভ হয়। হত্যাকাৰী যুৱকজনৰ গুলীচালনাত ১৬ জন লোক গুৰুতৰভাৱে আহত হয়।

গুলীচালনাৰ তথ্য লাভ কৰি অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত চিকিৎসাৰ সময়ত ৯ জন লোকৰ মৃত্যু ঘটে।

নিহতসকলৰ ভিতৰত এটা ৫ বছৰীয়া শিশুও আছে। বাকী আহতসকল এতিয়াও চিকিৎসাধীন হৈ আছে। সংবাদমেলযোগে আৰক্ষীয়ে জনোৱা মতে, বন্দুকধাৰীজনে অকলেই শ্বপিং মলটোত আক্ৰমণ চলাইছিল। ইয়াৰ পিছতে হত্যাকাৰী যুৱকৰ ওপৰত গুলীচালনা কৰে আৰক্ষীয়ে। গুলীবিদ্ধ হৈ থিতাতে তেওঁৰ মৃত্যু হয়। ব্যস্ত শ্বপিং মলটোত আক্ৰমণৰ আঁৰৰ উদ্দেশ্য সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস