--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ চেলিব্ৰিটীসকলক লৈ প্ৰায় সকলো অনুৰাগীয়ে পাগল। এনে পৰিস্থিতিত যেতিয়াই কোনোবাই নিজৰ প্ৰিয় চেলিব্ৰিটীক লগ পায় তেতিয়াই তেওঁৰ লগত ফটো উঠিবলৈ ইচ্ছা প্ৰকাশ কৰে। এনে পৰিস্থিতিত ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত নাৰায়ণ মূৰ্তিয়ে বলীউডৰ বিখ্যাত অভিনেত্ৰী কৰীনা কাপুৰৰ বিষয়ে কোৱা দেখা গৈছে।নাৰায়ণ মূৰ্তিয়ে এই ভিডিঅ'টোত প্ৰকাশ কৰিছে যে- কৰীনা কাপুৰে অনুৰাগীৰ লগত সঠিক আচৰণ নকৰে। কেৱল এয়াই নহয়, নাৰায়ণ মূৰ্তিয়ে কৈছে যে- ‘যেতিয়া তেওঁ লণ্ডনৰ পৰা আহি আছিল, কৰীনা কাপুৰে একেখন বিমানতে যাত্ৰা কৰিছিল। এই সময়ত দেখিলো কৰীনাৰ বহু অনুৰাগীয়ে তেওঁৰ ওচৰলৈ আহি হেল্ল’ কয়। একেগৰাকী কৰীনাই তেওঁলোকৰ নমস্কাৰৰো উত্তৰ নিদিলে, কাৰো ফালেও নাচালে। মোৰ বাবে সেইটো আছিল অতি আচৰিত সময়৷আনহাতে বহুত মানুহ লগ কৰিবলৈ আহি মই থিয় হৈ তেওঁলোকৰ লগত কথা পাতিলোঁ।''

 যদিও এই সময়ছোৱাত সুধা মূৰ্তিও তেওঁক নীৰৱ কৰিবলৈ চেষ্টা কৰে, কিন্তু নাৰায়ণ মূৰ্তিয়ে তেওঁৰ গোটেই কাহিনীটো ক’লে। সুধা মূৰ্তিয়ে কয় যে কৰীনাৰ কোটি কোটি অনুৰাগী আছে, তেওঁ নিশ্চয় ভাগৰি পৰিছে। ইয়াৰ পাছতো নাৰায়ণ মূৰ্তিয়ে নিজৰ কথা ৰক্ষা কৰি কয় যে যেতিয়া কোনোবাই আপোনাৰ প্ৰতি মৰম দেখুৱাই আছে তেতিয়া আপুনিও তেওঁৰ প্ৰতি মৰম দেখুৱাব লাগে। মোৰ মতে সকলোৱে নিজৰ ইগো হ্ৰাস কৰাটো প্ৰয়োজনীয়।



উল্লেখযোগ্য যে কৰীনা কাপুৰ খানক কেমেৰামেনৰ ওপৰত বহুবাৰ খং উঠা দেখা গৈছে। ২৩ বছৰ ধৰি তেওঁ ডাঙৰ পৰ্দাত কাম কৰি আহিছে। বহু ছুপাৰহিট ছবিত কাম কৰি এক সুকীয়া পৰিচয় অৰ্জন কৰিছে অভিনেত্ৰীগৰাকীয়ে। এই কাৰণেই অভিনেত্ৰীগৰাকীৰ অনুৰাগীৰ সংখ্যা বহুত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস